গুৱাহাটী: মুম্বাইৰ ক’ক ষ্টুডিঅ’ৱে মুকলি কৰিব অসমৰ প্রাচীন ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ‘হাতী শিকোৱা গীত’ । নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ উদ্যোগত বাণীবদ্ধ হৈছে ‘হলো লোলো’ শীৰ্ষক এই থলুৱা গীত ।
ক’ক ষ্টুডিঅ’ৱে তেওঁলোকৰ নীতি অনুসৰি উক্ত গীতটি বিশ্বৰ প্ৰায় ১৮ টা ভাষাত প্ৰচাৰ কৰিব । ইতিমধ্যে সামাজিক মাধ্যম যোগে পোষ্ট কৰা হৈছে এই গীতটিৰ এটি প্ৰম' ভিডিঅ’ । শাস্ত্ৰীয় সংগীত আৰু আধুনিক বিটৰ এক অপূৰ্ব সমন্বয় সৃষ্টি কৰা হৈছে গীতটিত । অহা ২৬ মার্চlত মুক্তি দিয়া হ'ব গীতটিৰ ভিডিঅ’ ।
উল্লেখ্য যে তিনিচুকীয়াৰ ফিল'বাৰীৰ তৰাণি গাঁৱৰ বিখ্যাত হাতী ফান্দী শৰৎ মৰাণৰ এটি হাতী শিকোৱা গীতৰ আধাৰত কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ সহযোগিতাত ইতিমধ্যেই মুম্বাইস্থিত ক’ক ষ্টুডিঅ'ই গীতটি নিজা প্রযোজনাৰে বাণীবদ্ধ কৰিছে ।
পৰম্পৰাগত থলুৱা গীতক সদায়েই অগ্রাধিকাৰ দি অহা বিশ্বখ্যাত ক’ক ষ্টুডিঅ’ত বাণীবদ্ধ কৰা এই গীতটি ৰাজ্যখনৰ ভিতৰতে এটা অন্যতম থলুৱা গীত হিচাপে চিহ্নিত হৈছে । হাতী পোৱালিক শিক্ষা দিয়াৰ সময়ত ব্যৱহাৰ হোৱা মৰাণসকলৰ এই পৰম্পৰাগত গীতটিয়ে মুম্বাইৰ সাংস্কৃতিক জগতৰ বহু লোকক বিশেষভাৱে আকৰ্ষিত কৰা দেখা গৈছে ।
গীতটিৰ মুক্তি ঘোষণা কৰাৰ পাছতে ইতিমধ্যে সামাজিক মাধ্যম যোগে ভিন্নজনে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত আজি বিধায়ক অখিল গগৈয়ে এক ফেচবুক পোষ্ট যোগে উল্লেখ কৰে, “অসমৰ পৰা মায়ানগৰী মুম্বাইলৈ ! ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ এটি পৰম্পৰাগত হাতী শিকোৱা গীত মুকলি কৰিব মুম্বাইৰ জনপ্ৰিয় ক’ক ষ্টুডিঅ’ই । শংকুৰাজ কোঁৱৰৰ উদ্যোগত বাণীবদ্ধ হোৱা গীতটো প্ৰচাৰ হ'ব বিশ্বৰ ১৮ টা ভাষাত । অসমৰ মৌখিক সাহিত্যক টনকিয়াল কৰি ৰখা এই ‘হাতী শিকোৱা গীত’ বিশ্বৰ আগত চিনাকি কৰাই দিয়াৰ প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয় । অসমৰ লোকসাহিত্য যুগ যুগৰ পৰা প্ৰবাহিত নৈৰ দৰে বৈ আহিছে , বৈ থাকক । ধন্যবাদ শংকুৰাজ, ধন্যবাদ ক’ক ষ্টুডিঅ’ ।”
আনহাতে গীতটিৰ মুকলিৰ দিনা ফিল’বাৰীৰ তৰাণি গাঁৱতো পর্দাযোগে বিশেষ প্রদর্শনীৰ ব্যৱস্থা কৰা হৈছে । লগতে উক্ত দিনাই গীতটিৰ লগত জড়িত মৰাণ জনগোষ্ঠীৰ এগৰাকী হাতী ফান্দী শৰৎ মৰাণকো জনোৱা হ'ব সম্বর্ধনা । ফিল'বাৰীৰ তৰাণি গাঁৱৰ পৰা নিৰ্বাচন কৰা তথা মুম্বাইৰ লগতে দেশে-বিদেশে প্ৰচাৰ হ'বলগীয়া এই গীতটিক কেন্দ্র কৰি এতিয়া সৰ্বত্ৰে চর্চা চলা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক : যাৰ কণ্ঠত প্ৰাণ পাইছিল অলকানন্দাই, সেই কণ্ঠই এতিয়া ৰাষ্ট্ৰীয় মঞ্চত লগাব তোলপাৰ