‘বেটেল অফ গালৱান’ত ছলমানৰ নায়িকা চিত্ৰংগদা সিং
ছলমান খানৰ ছবি বেটেল অফ গালৱানত চিত্ৰংগদা সিঙৰ প্ৰৱেশ । জানো আহক ছলমান খানৰ ছবিসমূহত অভিনেত্ৰীসকলক কি চাই কাষ্ট কৰা হৈছিল ?

By ETV Bharat Entertainment Team
Published : July 12, 2025 at 4:39 PM IST
মুম্বাই : বছৰ বছৰ ধৰি ছলমান খানে নিজৰ বিভিন্ন চৰিত্ৰৰে দৰ্শকক কেৱল আমোদ দিয়াই নহয়, বলীউডৰ একাংশ শক্তিশালী আৰু সুন্দৰী অভিনেত্ৰীৰ সৈতে ধাৰাবাহিকভাৱে কামো কৰি আছে ৷ এজন নিৰ্ভৰযোগ্য অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে তেওঁ । তেওঁৰ ছবি ৰোমাণ্টিকেই হওক বা গুৰুতৰ কাহিনীৰেই হওক, তেওঁ সদায় স্ক্ৰীণ শ্বেয়াৰ কৰা অভিনেত্ৰীৰ জৰিয়তে দৰ্শকক স্মৰণীয় চিনেমাৰ অভিজ্ঞতা প্ৰদান কৰি আহিছে । ভাৰতীয় চিনেমাৰ এই বিশাল কেনভাছত ছলমান খানৰ দৰে স্মৰণীয় আৰু স্থায়ী হৈ পৰা অভিনেতা খুব কমেইহে আছে ।
১) ঐশ্বৰ্য ৰায় – ‘হম দিল দে চুকে সনম’- সৌন্দৰ্য আৰু আৱেগৰ সংমিশ্ৰণত ঐশ্বৰ্যই পাইছিল এই চৰিত্ৰটো
ঐশ্বৰ্য ৰায়ৰ সৌন্দৰ্য আৰু আৱেগিক অভিনয়ে হম দিল দে চুকে সনমক বিশেষ কৰি তোলে । এই ছবিখনত তেওঁৰ ভূমিকাক মানুহে এতিয়াও ভাল পায় । ছলমান খানৰ সৈতে তেওঁৰ যুটিয়ে ছবিখনক আৰু অধিক স্মৰণীয় কৰি তুলিলে ।
২) প্ৰিয়ংকা চোপ্ৰা – ‘মুঝছে ছাদি কৰোগী’- আত্মবিশ্বাস আৰু সৰলতাৰ বাবে প্ৰিয়ংকাই পাইছিল এই চৰিত্ৰটো
প্ৰিয়ংকা চোপ্ৰাই মুঝছে ছাদি কৰোগী ছবিখনলৈ নিজৰ ধেমেলীয়া শৈলী আৰু আত্মবিশ্বাসেৰে সতেজতা কঢ়িয়াই আনে । ছলমান খানৰ কমিক ষ্টাইলৰ সৈতে তেওঁৰ যুগলবন্দীয়ে ছবিখনক আৰু অধিক আকৰ্ষণীয় কৰি তোলে । দৰ্শকে দুয়োৰে যুটি বহুত পছন্দ কৰে ।
৩) কেটৰিণা কাইফ – ‘ভাৰত’- স্বাধীনতা আৰু গভীৰতাৰ সমন্বয় তুলি ধৰিছিল কেটৰিণাই
ভাৰতত এগৰাকী শক্তিশালী আৰু স্বাধীন মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে কেটৰিণা কাইফে । আৱেগিক শক্তি আৰু কোমলতা দুয়োটা দিশেই সুন্দৰকৈ চিত্ৰিত কৰিছে কাইফে । ছবিখনত ছলমান খানৰ সৈতে তেওঁৰ যুটিয়ে নতুন যুগৰ নায়িকাৰ আভাস দিছিল ।
৪) সোণাক্ষী সিনহা - দাবাং- শক্তিশালী আৰু শান্ত স্বভাৱৰ এই চৰিত্ৰটো সোণাক্ষীয়ে খুব ধুনীয়াকৈ চিত্ৰিত কৰে
সোণাক্ষী সিনহাই ছলমান খানৰ সৈতে দাবাং ছবিৰে অভিষেক ঘটায় । এগৰাকী সহজ-সৰল অথচ সবল মনৰ ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছে তেওঁ । তেওঁৰ ভূমিকাই ছবিখনক বিশেষ কৰি তোলে আৰু দাবাং মানুহে এতিয়াও ভাল পায় ।
বহু প্ৰত্যাশিত ছবি ‘বেটেল অফ গালৱান’ৰ জৰিয়তে এতিয়া এই বিশেষ তালিকাত নিজৰ নাম সংযোজন কৰিছে চিত্ৰংগদা সিঙে । ছলমান খানৰ সৈতে এই অভিনেত্ৰীসকলৰ যুটিয়ে কোটি কোটি লোকৰ হৃদয় জয় কৰিছে যদিও তেওঁলোকক বিশেষ কৰি তোলা কথাটো হ’ল তেওঁলোকৰ পৃথক শৈলী আৰু শক্তিশালী চিন্তাধাৰা । তেওঁলোকে নিজৰ কঠোৰ পৰিশ্ৰম, সামৰ্থ্য আৰু আত্মবিশ্বাসেৰে চলচ্চিত্ৰ জগতত নিজৰ স্থান দখল কৰিছে ।
অবিস্মৰণীয় ৰোমান্সকৰ কাহিনী পৰা আৰম্ভ কৰি শক্তিশালী নতুন কাহিনীলৈকে ছলমান খানৰ নায়িকাসকলে কেৱল পৰ্দাত একেলগে কাম কৰাই নহয়, বহু স্মৰণীয় মুহূৰ্তও সৃষ্টি কৰিছে । এতিয়া ‘বেটেল অফ গালৱান’ত চিত্ৰংগদা সিঙৰ প্ৰৱেশে এই যাত্ৰাত এক নতুন সোৱাদ যোগ কৰিছে আৰু নতুন প্ৰতিশ্ৰুতি দিছে ।
ছবিখনত চিত্ৰংগদা সিঙে কেনেকৈ পালে এই চৰিত্ৰটো ?
এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে বহু বছৰ আগতে এখন মাৰাঠী ছবিৰ পুনৰ্নিৰ্মাণৰ কথা চলিছিল, য’ত তেওঁ ছলমান খানৰ নায়িকা হ’লহেঁতেন, কিন্তু মহেশ মঞ্জৰেকাৰৰ এই ছবিখন হৈ নুঠিল আৰু তেওঁ ছলমানৰ সৈতে কাম কৰিব নোৱাৰিলে । অভিনেত্ৰীগৰাকীয়ে কয় যে ছলমানে তেওঁক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ এদিন নিজৰ ছবিত নায়িকা হিচাপে তেওঁক ল’ব আৰু সেই দিনটো এতিয়া আহিল ৷
লগতে পঢ়ক : বিয়াৰ কাৰ্ডো ছপা হৈছিল, পিছে বিয়াখনহে নহ'ল ! এতিয়া সেই প্ৰেমিকাৰেই জন্মদিনৰ পাৰ্টীত ছলমান খান

