ETV Bharat / entertainment

ৰেম্পত খোজ দিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই; ক'ত কিয় ? - BHARAT TAX 2025

'ভাৰত টেক্স ২০২৫'ত এক নতুন ৰূপত দেখা গ'ল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক । ডিজাইনাৰৰ সাজ পিন্ধি ৰেম্পত খোজ দিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Central minister Pabitra Margherita
ৰেম্পত খোজ দিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2025 at 10:40 PM IST

Updated : February 18, 2025 at 11:24 AM IST

2 Min Read

গুৱাহাটী : নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত 'ভাৰত টেক্স ২০২৫'ত সোমবাৰে এক নতুন ৰূপত দেখা গ'ল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক । ডিজাইনাৰৰ সাজ পিন্ধি ৰেম্পত খোজ দিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।

মেঘালয়ৰ ডিজাইনাৰ ডেনিয়েল চিয়ামে ডিজাইন কৰা সাজ পিন্ধি ৰেম্পত খোজ দিলে পবিত্ৰ মাৰ্ঘেৰিটাই । শ্ব' ষ্টপাৰৰূপে অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, "মই বস্ত্ৰ মন্ত্ৰণালয়ৰ সৈতে জড়িত । আমাৰ ১৯ খন National Institute of Fashion Technology (NIFT) আছে । ফেশ্বন শ্ব', বস্ত্ৰ ডিজাইন এইসমূহ আমাৰ যাত্ৰাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ । মই নিজেই টেক্সটাইলৰ ছাত্র আছিলোঁ । সেয়ে সকলোৱে মোক অংশগ্ৰহণ কৰিবলৈ জোৰ কৰিলে । আৰু মই আমাৰ উত্তৰ-পূবৰ ডিজাইনাৰ ডেনিয়েল চিয়ামে ডিজাইন কৰা এযোৰ এড়ীৰ সাজ পৰিধান কৰি মই শ্ব' ষ্টপাৰ হৈ আজি ৰেম্পত খোজ দিলোঁ ।"

ৰেম্পত খোজ দিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই (ETV Bharat Assam)

লগতে তেওঁ উক্ত অনুষ্ঠান সন্দৰ্ভত কয়, "ভাৰত টেক্স ভাৰত তথা বস্ত্ৰ উদ্যোগীসকলৰ এক সফল অনুষ্ঠানৰূপে ইতিমধ্যে সৰ্বত্ৰে স্বীকৃতি লাভ কৰিছে । এটা বিশাল অনুষ্ঠান । মোৰ আগতে এনেকুৱা ডাঙৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সৌভাগ্য হোৱা নাছিল । এই অনুষ্ঠানত 6 হাজাৰ বিদেশী ক্রেতা-বিশেষজ্ঞ আৰু উদ্যোগী আহিছে । লগতে ইয়াত 5 হাজাৰখন বিপণনস্থলী ইয়াত আছে । 60 টাতকৈ অধিক ইয়াত বস্ত্ৰজনিত আলোচনা-চক্ৰ অনুষ্ঠিত হৈছে ।"

তেওঁ লগতে কয়, "1 লাখ 20 হাজাৰতকৈ অধিক উদ্যোগী ইয়াত একত্ৰিত হৈছে । গতিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাই নিজকে গৌৰৱবোধ কৰিছোঁ । কালিৰ দিনটোত এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিয়ে অন্য এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে । এই বস্ত্ৰ উদ্যোগৰ জৰিয়তে প্ৰতিগৰাকী শিপিনীকে সাঙুৰি লোৱা হয় ।"

লগতে পঢ়ক :অত্যাধুনিক বতৰ ৰাডাৰ লাভ কৰিব ত্ৰিপুৰাই : মুখ্যমন্ত্ৰী মাণিক সাহা - MANIK SAHA MEETS DR JITENDRA SINGH
লগতে পঢ়ক :পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত কোন ? বাছনিৰ বাবে আজি প্ৰধানমন্ত্ৰী, ৰাহুল গান্ধী, অমিত শ্বাহৰ বৈঠক - ELECTION COMMISSION OF INDIA

Last Updated : February 18, 2025 at 11:24 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.