ETV Bharat / entertainment

কাঁ ২০২৫ ত ঐশ্বৰ্য ৰায় বচ্চনে দাঙি ধৰিলে ভাৰতীয় সংস্কৃতি-পৰম্পৰা, সেন্দূৰে যেন কৈ গ’ল বহু কথা

এই বছৰ অনুৰাগীয়ে ঐশ্বৰ্য ৰায় বচ্চনৰ কাঁ লুকৰ বহু প্ৰশংসা কৰে ৷ তেওঁৰ সেন্দূৰে সঁচাকৈয়ে দৃষ্টি আকৰ্ষণ কৰে নেটিজেনৰ ।

Cannes 2025: Aishwarya Rai Bachchan
কাঁ ২০২৫ ত ঐশ্বৰ্য ৰায় বচ্চন (Photo: Getty Images)
author img

By ETV Bharat Entertainment Team

Published : May 22, 2025 at 3:12 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: কাঁ চলচ্চিত্ৰ মহোৎসৱৰ অন্যতম চিনাকি ভাৰতীয় মুখ ঐশ্বৰ্য ৰায় বচ্চনে ৰাজকীয় ৰূপেৰে এই বছৰ ৰেড কাৰ্পেটত খোজ পেলাইছে । বিগত দুটা দশকত বহুবাৰ কাঁত উপস্থিত হোৱা ঐশ্বৰ্যই এইবাৰ ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰা এটা ৰূপ বাচি লৈ সকলোকে আচৰিত কৰি তুলিছে ।

প্ৰাক্তন মিছ ৱৰ্ল্ডগৰাকীয়ে কাঁ ২০২৫ ত উপস্থিত হ’বৰ বাবে সোণালী ৰঙৰ কাম কৰা হাতেৰে বোৱা কাদৱা বানাৰসী শাৰী এখন বাছি লয় । অভিনেত্ৰীগৰাকীয়ে একেই ৰঙৰ ব্লাউজ আৰু দীঘল দোপাট্টাৰ সৈতে শাৰীখন যোৰা কৰি পিন্ধে । কিন্তু শাৰীতকৈও বেছি নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰা বস্তুটো হ’ল তেওঁৰ শিৰৰ সেন্দূৰ ৷ এই সেন্দূৰ এগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ পৰম্পৰাগত প্ৰতীক । বহু অনুৰাগীয়ে ইয়াক সামৰিক অভিযান অপাৰেশ্যন সেন্দূৰৰ প্ৰতি অভিনেত্ৰীগৰাকীৰ শ্ৰদ্ধাঞ্জলি হিচাপে বিবেচিত কৰিছে ।

Cannes 2025: Aishwarya Rai Bachchan
ঐশ্বৰ্য ৰায় বচ্চন (Photo: Getty Images)

লুকটো সম্পূৰ্ণ কৰিবলৈ ঐশ্বৰ্যই লগত পিন্ধিছিল গধুৰ গহনা, একেই ছেটৰ কাণফুলি আৰু এটা ষ্টেটমেন্ট ৰিং । মেকআপত আছিল উগ্ৰ ৰঙা লিপষ্টিক, গাঢ় আইলাইনাৰ আৰু সূক্ষ্ম ব্লাছ ৷ আনহাতে চুলিখিনি সহজ অথচ মাৰ্জিত ষ্টাইলত মুকলি কৰি ৰাখিছিল ঐশ্বৰ্যই ।

ঐশ্বৰ্য ৰায় বচ্চনৰ এই কাঁ লুকটো সৃষ্টি কৰিছে ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাই ৷ তেওঁ ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীৰ ফটো শ্বেয়াৰ কৰিছে ৷ মনীষে পোষ্টটো শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পাছতে ছ’চিয়েল মিডিয়াত ঐশ্বৰ্যক প্ৰশংসাৰে উপচাই পেলাই নেটিজেনে । এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে, "ভাৰতৰ প্ৰকৃত প্ৰতিনিধিত্ব ইয়াত আছে । এতিয়া অৱশেষত ক'ব পাৰো যে ভাৰতক আনুষ্ঠানিকভাৱে আৰু ৰূপৱতীভাৱে কাঁত প্ৰতিনিধিত্ব কৰা হৈছে ।" আন এজনে লিখিছে, "বগা শিখাই ৰেড কাৰ্পেটত জুই জ্বলোৱাৰ দৰে ! @manishmalhotra05 আপুনি সঁচাকৈয়ে এইটোৰে অ’জি কুইনক তেওঁৰ ডেউকা দিলে !" আন এজন অনুৰাগীয়ে লিখিছে, "তেওঁ আহি জয় কৰিলে ।"

বছৰ বছৰ ধৰি ঐশ্বৰ্যই তেওঁৰ কিছুমান কাঁ লুকৰ বাবে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈ আহিছে, বহুতে তেওঁক ষ্টাইলিষ্ট পৰিৱৰ্তনৰ আহ্বানো জনাইছে । কিন্তু এইবাৰ তেওঁক ইমান শক্তিশালী ৰূপত দেখি অনুৰাগীসকল যেন ৰোমাঞ্চিত হৈ পৰিছে ।

সেন্দূৰৰ ব্যৱহাৰেও মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে । যদি কোনোৱে ইয়াক ভাৰতীয় পৰম্পৰাৰ গৌৰৱময় উদযাপন হিচাপে চাইছে, আন কোনোৱে আকৌ অনুভৱ কৰিছে যে ইয়াৰ দ্বাৰা হয়তো তেওঁ তেওঁৰ ব্যক্তিগত জীৱনক লৈ চলি থকা জল্পনা-কল্পনাৰ উত্তৰ দিছে ৷ "তেওঁৰ সেন্দূৰে সকলো কয়," এটা মন্তব্য পঢ়ি আন এজন ব্যৱহাৰকাৰীয়ে লিখে, "তেওঁৰ সেন্দূৰ... বিচ্ছেদৰ সকলো উৰাবাতৰি উৰুৱাই দিয়ে ।"

ঐশ্বৰ্যৰ লুকটোৱে বহুতক যোধা আকবৰত তেওঁৰ ৰাজকীয় ভূমিকাৰ কথাও মনত পেলাই দিয়ে ৷ আন কোনোৱে অনুভৱ কৰে যে অপাৰেশ্যন সেন্দূৰৰ প্ৰতি এয়া প্ৰত্যক্ষ শ্ৰদ্ধাঞ্জলি । "এইটো অপাৰেশ্যন সেন্দূৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নেকি ?" এজন ব্যৱহাৰকাৰীয়ে সোধে আৰু আন এজনে লিখে, "কাঁ ত অপাৰেশ্যন সেন্দূৰ ।"

কাঁ চলচ্চিত্ৰ মহোৎসৱত ঐশ্বৰ্যৰ ২২ সংখ্যক উপস্থিতি এয়া । ২০০২ চনত দেৱদাসৰ প্ৰদৰ্শনৰ সময় প্ৰথমবাৰৰ বাবে ৰেড কাৰ্পেটত খোজ দিছিল তেওঁ ।

লগতে পঢ়ক : কাঁ ২০২৫ ত অভিষেক ঘটালে লাপাতা লেডীজৰ ফুল কুমাৰীয়ে