ETV Bharat / entertainment

K-POP বেণ্ড BTS-যাক লৈ উন্মাদ ভাৰতীয় ছোৱালী, সম্পূৰ্ণ কৰিলে ১২ বছৰ - ALL ABOUT BTS

বিটিএছৰ প্ৰতিষ্ঠা দিৱসত জানি লওক এই কে-পপ বেণ্ডটো কেনেকৈ আৰম্ভ হৈছিল আৰু এই ৭ জন ল’ৰাই কেনেকৈ সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে ?

BTS FOUNDATION DAY
কে-পপ বেণ্ড বিটিএছ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 13, 2025 at 5:22 PM IST

4 Min Read

হায়দৰাবাদ : বিটিএছ- এনে এটা ব্ৰেণ্ড, যাক নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই ৷ শেহতীয়াকৈ বিটিএছৰ একাংশ সদস্য সেনাৰ কৰ্তব্যৰ পৰা উভতি আহিছে আৰু তেওঁলোক পুনৰ গোলকীয় মঞ্চত খলকনি তুলিবলৈ সাজু হৈছে ।

বিটিএছৰ অনুৰাগীসকলেও তেওঁলোক উভতি অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । এই পপ বেণ্ডটোৰ ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে বৃহৎ সংখ্যক অনুৰাগী আছে । আজি ১৩ জুনত বিটিএছ আৰম্ভ হোৱাৰ ১২ বছৰ হ’ল ।

BTS FOUNDATION DAY
এগৰাকী ভাৰতীয় অনুৰাগীৰ ঘৰত BTS ৰ ফটো (Photo : ETV Bharat Assam)

২০১৩ চনত বিটিএছৰ প্ৰথম এলবাম আহিছিল আৰু ২০১০ চনত এই বেণ্ডটো গঠন হৈছিল । বিশেষ দিনটোত জানি লওক বিটিএছৰ এই সাতজন ল'ৰাই কেনেকৈ নিজৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু নিজৰ প্ৰতিভাৰে বৰ্তমান সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছে ।

কেনেকৈ আৰম্ভ হ’ল বিটিএছ ?

বিগ হিট এণ্টাৰটেইনমেণ্টৰ অধীনত ২০১০ চনত ‘‘বাংটন বয়ছ’’ আৰু ‘‘বুলেটপ্ৰুফ বয় স্কাউটছ’’ নামেৰেও পৰিচিত বিটিএছ গঠন হৈছিল । দক্ষিণ কোৰিয়াৰ ছিউলত বিগ হিট এণ্টাৰটেইনমেণ্টৰ চিইঅ’ বেং ছি-হ্যুক যেতিয়া ৰেপাৰ আৰ এমক লৈ আপ্লুত হৈছিল, তেতিয়া তেওঁ অতি বিশেষ আৰু এটা অনন্য হিপ হপ গ্ৰুপ গঠন কৰিব বিচাৰিছিল । পিছত তেওঁ নাম দিছিল বিটিএছ যিটো গ্ৰুপে আজি নিজৰ নৃত্য-গায়কীৰে সমগ্ৰ পৃথিৱীখনতে নিজৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ।

বেণ্ডটোৰ বিটিএছ আৰ্মী নামেৰে বিশাল ফেন বেছ আছে । ২০১২ চনত ৰেপাৰ আৰ এমৰ পাছত কিম টায়েহিউং ওৰফে ভি, কিম চেক-জিন ওৰফে জিন, পাৰ্ক জি-মিন ওৰফে জিমিন, মিন ইউংগি ওৰফে সুগা, জীন জং-কুক ওৰফে জংকুক আৰু জং হোচেক ওৰফে জে-হোপে এই গোটত যোগদান কৰে ।

আৰ এম আটাইতকৈ পুৰণি সদস্য

বিগ হিট এণ্টাৰটেইনমেণ্ট প্ৰথমে হিপ হপ গ্ৰুপ হিচাপে আৰম্ভ হৈছিল । আৰ এম এজন ৰেপাৰ আছিল আৰু বিটিএছৰ অন্যতম পুৰণি সদস্য । ইফালে দ্বিতীয় সদস্য সুগাই সংগীত প্ৰযোজক হিচাপে যোগদান কৰে । সেই সময়ত সুগাৰ বয়স আছিল ১৮ বছৰ । তেওঁৰ পিছত জে হোপে গ্ৰুপত যোগদান কৰে আৰু জিনে চতুৰ্থ সদস্য হিচাপে যোগদান কৰে । ইয়াৰ পিছত জিমিন পঞ্চম, ভি ষষ্ঠ আৰু জংকুক সপ্তম আৰু শেষ সদস্য হিচাপে পৰিচিত ।

ভাৰতত কিয় বিটিএছক লৈ ইমান উন্মাদনা ?

  • সমগ্ৰ বিশ্বতে বিটিএছৰ লাখ লাখ অনুৰাগী আছে । তেওঁলোকৰ ফেন ফ’ল’ৱাৰত ছোৱালীৰ সংখ্যাই অধিক আৰু ভাৰতত এই উন্মাদনা আৰু বেছি । বিটিএছ তেওঁলোকৰ অনন্য সংগীত, প্ৰভাৱশালী ব্যক্তিত্ব, আত্মপ্ৰেম আৰু ইতিবাচকতাৰ বাবে পৰিচিত । বিটিএছৰ সংগীত কোৰিয়ান, জাপানী আৰু ইংৰাজী ভাষাত আছে যাৰ প্ৰশংসা সমগ্ৰ বিশ্বজুৰি কৰা হয় ।
  • আন এটা কাৰণ হ’ল বিটিএছৰ প্ৰতিজন সদস্যৰ ব্যক্তিত্ব আৰু প্ৰতিভা অতি আকৰ্ষণীয়, তেওঁলোকে নিজৰ নৃত্য আৰু গীতেৰে অনুৰাগীৰ হৃদয় জয় কৰিব জানে ।
  • বিটিএছৰ সংগীতে আত্মপ্ৰেম, স্বাধীনতাৰ বাৰ্তা দিয়ে যিটো মহিলাসকলে অতিশয় ভাল পায়, বিশেষকৈ সেইসকলে বহুত পছন্দ কৰে যিসকলে ইতিমধ্যে জীৱনত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।
  • বিটিএছৰ সদস্যসকল তেওঁলোকৰ অনুৰাগীৰ সৈতে অতিকে সংস্পৰ্শত থাকে ৷ প্ৰায়ে ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে আৰু অনুৰাগীসকলৰ সৈতে মত বিনিময় কৰি থাকে । যাৰ বাবে অনুৰাগীসকলে তেওঁলোকক খুব কাষৰ পৰা অনুভৱ কৰিব পাৰে ।

বিটিএছৰ সকলো সদস্যৰ জন্মদিন

  • কিম নাম-জুন (আৰ এম) - ১২ ছেপ্টেম্বৰ, ১৯৯৪
  • কিম চেক-জিন (জিন) - ৪ ডিচেম্বৰ, ১৯৯২
  • মিন য়ুংগি (সুগা) – ৯ মাৰ্চ, ১৯৯৩
  • জং হোচেক (জে-হোপ) - ১৮ ফেব্ৰুৱাৰী, ১৯৯৪
  • পাৰ্ক জি-মিন (জিমিন) - ১৩ অক্টোবৰ, ১৯৯৫
  • কিম টায়েহ্যুং (V) - ৩০ ডিচেম্বৰ, ১৯৯৫
  • জেওন জং-কুক (জুংকুক) - ১ ছেপ্টেম্বৰ, ১৯৯৭
  • বিটিএছৰ আৰম্ভণি অৰ্থাৎ আত্মপ্ৰকাশ - ১৩ জুন
  • BTS ARMY ৰ নামকৰণ - ৯ জুলাই

বিটিএছৰ বাৰ্ষিক ফেষ্টা উদযাপন

৩১ মে’ৰ পৰা আৰম্ভ হোৱা বিটিএছৰ বাৰ্ষিক ফেষ্টা উদযাপনৰ সামৰণি পৰিব দুদিনীয়া বিশেষ অনুৰাগী অনুষ্ঠানৰ সৈতে ১৩ আৰু ১৪ জুনত ৷ দক্ষিণ কোৰিয়াৰ গ’য়াঙৰ কিণ্টেক্স এক্সহিবিচন চেণ্টাৰ ২ত অনুষ্ঠিত হ’ব এই সামৰণি অনুষ্ঠান ।

লগতে পঢ়ক : হিন্দী পঢ়াৰ লগতে বুজাবও জানে এইসকল তাৰকাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.