ETV Bharat / entertainment

কামাখ্যা-উমানন্দ দৰ্শন কৰি গুৱাহাটীৰ পৰা উভতিল ছাৰা আলী খান - SARA ALI KHAN IN ASSAM

ব্ৰহ্মপুত্ৰৰ পাৰত পোৰা মাকৈৰো সোৱাদ ল'লে অভিনেত্ৰীগৰাকীয়ে ৷

Aimee Baruah with actress Sara Ali Khan
অভিনেত্ৰী ছাৰা আলী খানৰ সৈতে আইমী বৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 31, 2025 at 9:43 PM IST

1 Min Read

গুৱাহাটী: বৰ্ষাপাৰা ষ্টেডিয়ামত দেওবাৰে আই পি এলৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা অভিনেত্ৰী ছাৰা আলী খানে সোমবাৰে পুৱাৰে পৰাই দৰ্শন কৰিলে কেইবাটাও মন্দিৰ ।

ব্ৰহ্মপুত্ৰৰ পাৰত পোৰা মাকৈৰো জুতি ল'লে অভিনেত্ৰীগৰাকীয়ে । এই মন্দিৰ দৰ্শনত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক সংগ দিয়ে অভিনেত্ৰী আইমী বৰুৱাই ।

কামাখ্যা-উমানন্দ দৰ্শন কৰিলে ছাৰা আলী খানে (ETV Bharat Assam)

দেওবাৰে আই পি এল 2025 ৰ এখন মেচ অনুষ্ঠিত হয় গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৷ ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত এই মেচখনত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আহিছিল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ছাৰা আলী খান ৷

Aimee Baruah with actress Sara Ali Khan
কামাখ্যাত ছাৰা আলী খান (ETV Bharat Assam)

সোমবাৰে শক্তিপীঠ মা কামাখ্যাধাম দৰ্শন কৰে অভিনেত্ৰীগৰাকীয়ে । কামাখ্যাধাম দৰ্শন কৰিয়ে পোনে পোনে অভিনেত্ৰীগৰাকী ৰাওনা হয় উমানন্দ মন্দিৰ দৰ্শনৰ বাবে ।

Aimee Baruah with actress Sara Ali Khan
কামাখ্যাত ছাৰা আলী খানৰ সৈতে আইমী বৰুৱা (ETV Bharat Assam)

অভিনেত্ৰীগৰাকীক সংগ দিয়ে অভিনেত্ৰী আইমী বৰুৱাই । উমানন্দ মন্দিৰ দৰ্শনৰ পিছতেই অভিনেত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ পাৰত পোৰা মাকৈৰো সোৱাদ ল'লে ।

Aimee Baruah with actress Sara Ali Khan
অভিনেত্ৰী ছাৰা আলী খানৰ সৈতে আইমী বৰুৱা (ETV Bharat Assam)

কামাখ্যা-উমানন্দ দৰ্শনৰ পিছতেই মুম্বাইলৈ ৰাওনা হয় অভিনেত্ৰীগৰাকী ।

লগতে পঢ়ক:বৰ্ষাপাৰাত চেন্নাই চুপাৰ কিংছৰ সন্মুখত 183 ৰাণৰ লক্ষ্য - IPL 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.