ETV Bharat / entertainment

শীঘ্ৰে এখন অসমীয়া ছবিত দেখিবলৈ পোৱা যাব বলীউডৰ দুগৰাকী জনপ্ৰিয় অভিনেতাক

আহিবলগীয়া নতুন অসমীয়া ছবি "Malamal Boyyyz" ত দেখিবলৈ পোৱা যাব বলীউডৰ দুগৰাকী জনপ্ৰিয় অভিনেতা দুৰ্গেশ কুমাৰ আৰু অশোক পাঠকক ।

Malamal Boyyyz
নতুন অসমীয়া চিনেমা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 11, 2025 at 7:23 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: হাই ৱে’ ছবিৰ জৰিয়তে বলীউডত খোপনি পুতিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেতা দুৰ্গেশ কুমাৰৰ লগতে আন এগৰাকী জনপ্ৰিয় অভিনেতা অশোক পাঠকক শীঘ্ৰে দেখিবলৈ পোৱা যাব এখন অসমীয়া ছবিত । ১১ জুলাইত মুক্তিলাভ কৰিবলগীয়া নতুন অসমীয়া ছবি "Malamal Boyyyz" ত অভিনয় কৰিছে দুয়োগৰাকী জনপ্রিয় অভিনেতাই । শেহতীয়াকৈ ছবিখনৰ নিৰ্মাতাগোষ্ঠীয়ে চৰিত্ৰসমূহক ৰাইজৰ মাজত চিনাকি কৰাই দিয়াৰ অৰ্থে এটা ভিডিঅ’ আপলোড কৰিছে ।

অভিনেতা দুৰ্গেশ কুমাৰ আৰু অশোক পাঠকে সমাজকৰ্মী আৰু গুণ্ডাৰ চৰিত্ৰত অভিনয় কৰিছে । এই বাতৰি সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে সাংস্কৃতিক মহলত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে । আনহাতে ভিডিঅ’ বাৰ্তা মুকলি কৰাৰ পাছতে অনুৰাগীসকলৰ মাজতো উৎকণ্ঠা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।

কিছুদিন পূৰ্বে, এটা ভিডিঅ’ বাৰ্তা যোগে এই দুগৰাকী অভিনেতা দুৰ্গেশ কুমাৰ আৰু অশোক পাঠকে জনাইছিল শীঘ্ৰেই অসমলৈ অহাৰ খবৰ । কিন্তু কি কাৰণত অভিনেতা দুগৰাকী অসমলৈ আহিবলৈ ওলাইছিল সেয়া তেওঁলোকে মুকলিকৈ প্ৰকাশ কৰা নাছিল ।

উল্লেখ্য যে অনিমা লহকৰৰ প্ৰযোজনা তথা মাটংগী এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা মৃণাল ডেকাৰ । এদল যুৱকৰ ধনী হোৱাৰ হোৱাৰ পৰিকল্পনা । ধনী হোৱাৰ এই যাত্ৰাটোত তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতিক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে ছবিখন । মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলীন বৰা, জিণ্টু কুমাৰ কাশ্যপ, নৱজ্যোতি নাথ, উজ্জ্বল ৰাজখোৱা আৰু জুনু নাথ ডেকাই ।

Malamal Boyyyz
বলীউডৰ দুগৰাকী অভিনেতাক দেখিবলৈ পোৱা যাব এই ছবিখনত (Photo : ETV Bharat Assam)

আনহাতে অন্যান্য চৰিত্ৰসমূহত থাকিব অসমী শৰ্মা, অতুল পাঁচনি, সিদ্ধাৰ্থ মুখাৰ্জী, অমূল্য কুমাৰ, দীপক ৰয়, নম্ৰতা দাস, প্ৰণামী ভাৰতী, ৰাজীৱ গোস্বামী, ৰাজু ৰয়, নৱ নাথ, অতনু মহন্ত, দ্বীপজ্যোতি আদিকে ধৰি বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰী ।

Malamal Boyyyz
11 জুলাইত ছবিগৃহত Malamal Boyyyz (Photo : ETV Bharat Assam)

আহিবলগীয়া ছবিখনৰ গীত তিনিটাৰ এটা গীতত আচুৰ্য বৰপাত্ৰ, এটা গীতত জয় বৰুৱা আৰু আনটো গীতত বহ্নিমানে কণ্ঠদান কৰিছে । সংগীত কৰিছে ত্ৰিনয়ন মহন্তই । ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হৈছে মৃণাল ডেকা, জিণ্টু কাশ্যপ আৰু নিশিৰঞ্জন কে মল্লিকাৰ । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰে । শব্দ-সংমিশ্ৰণ কিংশুক মৰাণৰ । সম্পাদনাত আছে হাৰ্দিক কাশ্যপ ৷

লগতে পঢ়ক : "জয় আই অসম" ধ্বনি দি অসমলৈ আহিবলৈ ওলাইছে বলীউডৰ জনপ্ৰিয় অভিনেতা দূৰ্গেশ কুমাৰ