মালদ্বীপৰ গ্ল'বেল ব্ৰেণ্ড এম্বেছাদৰ নিযুক্তি কেটৰিণা কাইফ
বলীউডৰ অভিনেত্ৰী কেটৰিণা কাইফক মালদ্বীপৰ গ্ল’বেল ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে । মালদ্বীপ ৰাষ্ট্ৰীয় পৰ্যটন ব’ৰ্ডে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই আপডেট শ্বেয়াৰ কৰিছে ।

By ETV Bharat Entertainment Team
Published : June 11, 2025 at 11:47 AM IST
হায়দৰাবাদ : ভিজিট মালদ্বীপ নামেৰে পৰিচিত মালদ্বীপ মাৰ্কেটিং এণ্ড পাব্লিক ৰিলেশ্যন কৰ্পৰেশ্যনে বলীউডৰ অভিনেত্ৰী কেটৰিণা কাইফক মালদ্বীপৰ গ্ল’বেল ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰিছে । মঙলবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই ঘোষণা কৰে কৰ্পৰেশ্যনে ৷ এমএমপিআৰচিয়ে এই সহযোগিতাক লৈ উৎসাহ প্ৰকাশ কৰে ৷ ৰাষ্ট্ৰখনৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বিলাসী প্ৰস্তাৱসমূহক বহল বিশ্বব্যাপী দৰ্শকৰ আগত প্ৰচাৰৰ দিশত ই এক আদৰণীয় পদক্ষেপ বুলি অভিহিত কৰে ।
ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী আৰু বিভিন্ন মূল ব্ৰেণ্ডৰ বাবে অতি জনপ্ৰিয় চেহেৰা কেটৰিণা কাইফেও নতুন প্ৰজেক্টটোক লৈ নিজৰ আনন্দ প্ৰকাশ কৰে । এক বিবৃতিত তেওঁ কয়, “মালদ্বীপে বিলাসিতা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ শিখৰক প্ৰতিনিধিত্ব কৰে - এনে এখন ঠাই য'ত আড়ম্বৰ শান্তিৰ সৈতে মিলিত হয় । ছানী ছাইড অফ লাইফৰ মুখ হিচাপে নিৰ্বাচিত হোৱাত মই সন্মানিত হৈছো ।
এই সহযোগিতাই বিশ্বব্যাপী দৰ্শকৰ মাজলৈ উন্নতমানৰ ভ্ৰমণ অভিজ্ঞতাসমূহ আনিব আৰু মই বিশ্বৰ মানুহক এই অসাধাৰণ গন্তব্যস্থানৰ অনন্য মনোমোহা আৰু বিশ্বমানৰ প্ৰস্তাৱ আৱিষ্কাৰ কৰাত সহায় কৰিবলৈ উৎসাহিত হৈছো ।”
তেওঁৰ নিযুক্তিৰ লগে লগে ভিজিট মালদ্বীপৰ বিশেষ গ্ৰীষ্মকালীন বিক্ৰী অভিযান আৰম্ভ কৰা হৈছে, যিয়ে অধিক পৰ্যটকক উক্ত স্থানৰ সাগৰীয় জীৱ, বিল আৰু বিলাসী ৰিজৰ্টসমূহ অন্বেষণ কৰিবলৈ উৎসাহিত কৰে ।
Visit Maldives Unveils Katrina Kaif as Global Brand Ambassador for the Sunny Side of Life.https://t.co/WHVfuTQFV8
— Visit Maldives (@visitmaldives) June 10, 2025
ব্ৰেণ্ড প্ৰতিনিধিত্বৰ বাবে ভাৰতৰ অন্যতম জনপ্ৰিয় চেহেৰা কেটৰিণা কাইফ নিজৰ বিউটি লাইন ‘কে বাই কেটৰিণা’ৰ জৰিয়তে গ্লোবেল মাৰ্কেটত খুবেই পছন্দৰ । চিনেমাৰ কথা ক’বলৈ গ’লে বিগত বছৰত শ্ৰীৰাম ৰাঘৱনৰ পৰিচালনাত নিৰ্মিত মেৰী ক্ৰীছমাছ ছবিখনত দেখা গৈছিল তেওঁক আৰু বৰ্তমান তেওঁ আলিয়া ভাট আৰু প্ৰিয়ংকা চোপ্ৰাৰ সহ-অভিনীত ফাৰহান আখতাৰৰ পৰৱৰ্তী প্ৰজেক্ট জী লে জাৰাত কাম কৰি আছে ।
লগতে পঢ়ক : অভিষেক বচ্চনৰ পৰা আৰম্ভ কৰি নিক জোনাছলৈকে এই তাৰকাসকল পত্নীতকৈ সৰু

