কলাগুৰুৰ লগতে নগাঁৱত মহিম বৰাৰ স্মৃতি সজীৱ কৰি ৰখাৰ আহ্বান হেমৰাজ ৰাভাৰ
নগাঁৱতেই বিষ্ণুপ্ৰসাদ ৰাভা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপনৰ আহ্বান বিষ্ণুৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ । জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, বিধায়ক ৰূপক শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হেমৰাজ ৰাভা ।

Published : June 21, 2025 at 1:57 PM IST
নগাঁও : “চৰকাৰ, প্ৰশাসনৰ লগতে বিভিন্নজনে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আয়োজন কৰি আহিছে । কিন্তু আজি পৰ্যন্ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ এটা স্থাপন নহ’ল । দীৰ্ঘদিনৰ পৰাই আমি এই দাবী কৰি আহিছো । আনকি বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে বিষ্ণুপ্ৰসাদ ৰাভা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে সেই সময়ৰ মন্ত্ৰী ৰকিবুল হুছেইনৰ ওচৰলৈ গৈছিলো যদিও কোনো গুৰুত্বই দিয়া নাছিল ৰকিবুল হুছেইনে । আনকি হুছেইনৰ কাষতেই থকা গৌৰৱ গগৈয়েও জনোৱা নাছিল কোনো সঁহাৰি । অৱশ্যে পৰৱৰ্তী সময়ত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কিছু পদক্ষেপ লৈছিল যদিও সেয়াও সম্ভৱ হৈ নুঠিল ।” এই মন্তব্য বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ ৷
উল্লেখ্য যে, নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও মুকলি মঞ্চত আয়োজিত ৰাভা দিৱসত অংশগ্ৰহণ কৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই ৷ এই অনুষ্ঠানত নিজৰ ভাষণত বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে হেমৰাজ ৰাভা । নগাঁৱতেই বিষ্ণুপ্ৰসাদ ৰাভা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপনৰ আহ্বান জনায় হেমৰাজ ৰাভাই । নগাঁৱত কলাগুৰুৰ স্মৃতি সজীৱ কৰি ৰাখিব বুলি আশা ব্যক্ত কৰে তেওঁ ।
নগাঁৱত বিষ্ণুপ্ৰসাদ ৰাভাৰ লগতে প্ৰয়াত সাহিত্যিক মহিম বৰাৰ স্মৃতিও সজীৱ কৰি ৰাখিবলৈ বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক আহ্বান জনায় হেমৰাজ ৰাভাই । হেমৰাজ ৰাভাৰ এই আহ্বানৰ পাছতেই নগাঁৱত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি সজীৱ কৰি ৰখাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই । লগতে নগাঁও চহৰৰ মাজেৰে যোৱা পুৰণি এ টি ৰোড প্ৰয়াত সাহিত্যিক মহিম বৰাৰ স্মৃতিত নামাকৰণৰ পৰিকল্পনাৰ কথাও ঘোষণা কৰে তেওঁ ।
লগতে পঢ়ক : এগৰাকী গণশিল্পীৰ দৃষ্টিৰে গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভা লগতে পঢ়ক : কি পৰিস্থিতিত কলাগুৰুৱে ৰচনা কৰিছিল জীৱনৰ অন্তিমটো গীত ? |
শুকুৰবাৰে পুৱাৰ পৰা নিশালৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁও জিলা প্ৰশাসনে আয়োজন কৰা বিষ্ণু ৰাভা দিৱসত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আয়ুক্ত কাৰ্যালয়ৰ বিষয়া, কৰ্মচাৰীসকলক লগত লৈ পৰিৱেশন কৰে “বিশ্বৰ ছন্দে ছন্দে” সমবেগ সংগীত । নিশা অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া ।

অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দেবযানি চৌধুৰী, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, ৰহা আৰু কলিয়াবৰ সমজিলাৰ সম আয়ুক্ত দ্বয়, অতিৰিক্ত আয়ুক্ত সৌভিক ভূঞাসহ অতিৰিক্ত আয়ুক্তসকল, জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া দলে, সহকাৰী আয়ুক্তসকল, চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, নগাঁও পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকল, বিশিষ্ট আমন্ত্ৰিত ব্যক্তি সকল আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ।

