ETV Bharat / entertainment

বিপ্লৱী শিল্পী হিচাপে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা - BISHNU PRASAD RABHA PRITHIRAJ RAVA

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৬ সংখ্যক মৃত্যু দিৱসত জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ সৈতে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ সাক্ষাৎকাৰ-

Bishnu Prasad Rabha death anniversary Prithiraj Rava remembers his father as Revolutionary artists
৫৬ সংখ্যক মৃত্যু দিৱসত সশ্ৰদ্ধ স্মৰণ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 20, 2025 at 1:28 PM IST

3 Min Read

তেজপুৰ : ১৯৬৯ চনৰ ২০ জুন তাৰিখে অসম তথা সমগ্ৰ জাতিৰ এক সত্তা হেৰাই গৈছিল । অসমৰ এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু বিষ্ণু প্ৰসাদ ৰাভাই বিদায় মাগিছিল সেইদিনা ৷

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি ৫৬ সংখ্যক মৃত্যু দিৱস । ১৯০৯ চনৰ ৩১ জানুৱাৰীত বেংগল প্ৰেছিডেন্সিত জন্মগ্ৰহণ কৰি ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল আৰু পাছত কলকাতাৰ চেণ্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আই এচ চি পাছ কৰিছিল ৷

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৬ সংখ্যক মৃত্যু দিৱস (ETV Bharat Assam)

পঢ়ি থকা কালত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে ৷ পাছলৈ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু কাৰাবাসো খাটে ৷ সংগ্ৰামী জীৱনৰ বাবে তেওঁ এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল । সাংস্কৃতিক অৱদানৰ বাবে তেওঁক ‘কলাগুৰু’ বুলি অভিহিত কৰা হয় ৷

Bishnu Prasad Rabha death anniversary Prithiraj Rava remembers his father as Revolutionary artists
৫৬ সংখ্যক মৃত্যু দিৱসত সশ্ৰদ্ধ স্মৰণ (Photo : ETV Bharat Assam)

এই সংগ্ৰামী শিল্পীগৰাকীৰ বিষয়ে বহু নজনা কথা জানিবলৈ ই টিভি ভাৰতৰ সাংবাদিক তেওঁৰ পুত্ৰৰ কাষ চাপিছিল ৷ কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ মুখেৰে শুনো আহক এইগৰাকী বিপ্লৱী, সাহিত্যিক শিল্পীৰ বিষয়ে । পৃথ্বীৰাজ ৰাভাই কয় যে তেওঁ ছাত্ৰ অৱস্থাৰ পৰাই বিপ্লৱী আছিল । কলকাতাৰ চেণ্টপ'ল কলেজত পঢ়ি থকাৰ সময়তে নেতাজী সুবাস বসুৰ গুৰু চিত্ৰৰঞ্জ দাসৰ নেতৃত্বত বেংগল ভলণ্টিয়াৰ ফৰ্চত যোগদান কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে বিষ্ণু প্ৰসাদ ৰাভাক খেদি পঠিয়াইছিল ।

৫৬ সংখ্যক মৃত্যু দিৱসৰ অনুষ্ঠান (Photo : ETV Bharat Assam)

বিষ্ণুপ্ৰসাদ ৰাভা সমাধিক্ষেত্ৰ (Photo : ETV Bharat Assam)

বিষ্ণুপ্ৰসাদ ৰাভাই কলকাতাত পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ পঢ়িছিল । তাৰ পাছত তেওঁ কোচবিহাৰত ভিক্টৰীয়া কলেজত ইংৰাজী বিষয়ত অনাৰ্ছ লৈ পঢ়ে । সেই সময়ত বেংগলৰ জামিদাৰীসকল ব্ৰিটিছসকলৰ লগত আছিল ৷ বিষ্ণু প্ৰসাদ ৰাভাই দেৱালত লিখিছিল- “ৰাজ্যে আছে দুটি পাঠা একটি ক'লা একটি সাদা, ৰাজ্যেৰ যদি মংগল চাওঁ দুইটি পাঠা বলি দাও ।” ইয়াৰ বাবে বিষ্ণু প্ৰসাদ ৰাভা পুনৰ খেদা খাই আৰু তেওঁ গৈ বাংলাদেশৰ ঢাকা পাইগৈ ৷ সেই সময়ত চিতাংগৰ বাৰুদৰ গুদামত জুই লগাই দিয়াৰ অপৰাধত তেওঁক জেললৈ প্ৰেৰণ কৰা হয় আৰু তেওঁৰ ছাত্র জীৱন তাতে শেষ হয় ।

বিষ্ণুপ্ৰসাদ ৰাভা ছাত্ৰ অৱস্থাৰ পৰাই খেলৰ লগত জড়িত আছিল ৷ ফুটবল, ভলীবল, ক্ৰিকেট সকলো খেলিছিল তেওঁ । তেজপুৰ প'ল ফিল্ডত ফুটবল খেলোতে সকলোৱে ‘‘বিষ্ণুপ্ৰসাদ ৰাভাৰ ভৰিত বল পৰিব নিদিবি’’ বুলি চিঞৰে বুলি পুত্ৰই জানিবলৈ দিয়ে । ঠিক সেইদৰে সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগতো জড়িত তেওঁ ৷ সাংস্কৃতিকভাৱে তেওঁ অৰিহণা অতুলনীয় ৷ অসমীয়া যুৱক যুৱতী উদ্বুদ্ধ কৰিবলৈ তেওঁ লিখিছিল... অ অসমীয়া ডেকা দল...।

বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী নৃত্যকাৰ আছিল ৷ বাণাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধা কৃষ্ণণে তেওঁৰ তাণ্ডৱ নৃত্য দেখি কৈছিল, ‘‘ইউ আৰ এ মাষ্টাৰ অফ আৰ্টছ’’ অৰ্থাৎ কলাগুৰু । বৰ্তমান গুৱাহাটীত অনিমা চৌধুৰী প্ৰমুখ্যে ৰঞ্জন কুমাৰ ভট্টাচাৰ্য, সংগীতা কাকতিয়ে “জ্যোতি বিষ্ণু সংস্কৃতি মঞ্চ” নামৰ এটা সংগঠন চলাই আছে ৷

তেওঁলোকে এই মঞ্চৰ দ্বাৰা প্ৰতি বছৰে গুৱাহাটীৰ কমাৰ্চ কলেজত অসমৰ ছাত্ৰ-ছাত্ৰীসকলক জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ স্বৰলিপিৰ প্ৰশিক্ষণ দিয়ে আৰু কিতাপো প্ৰকাশ কৰিছে । বৰ্তমান ডিজিটেল ফৰ্মেটত সেই গীতসমূহৰ শুদ্ধ ৰূপত পেন ড্ৰাইভ প্ৰস্তুত কৰি সকলোৰে বাবে সহজ কৰি তুলিছে ।

লগতে পঢ়ক : এগৰাকী গণশিল্পীৰ দৃষ্টিৰে গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.