ETV Bharat / entertainment

ইউটিউব একাউণ্ট হেক হ’ল এম চি ষ্টেনৰ, অনুৰাগীক সতৰ্ক হ’বলৈ আহ্বান

MC Stan Youtube Hacked: ইউটিউব একাউণ্ট হেক হ’ল এম চি ষ্টেনৰ । এম চি ষ্টেনে অনুৰাগীক সাৱধান হ’বলৈ সতৰ্কবাণী প্ৰদান কৰে ।

Bigg Boss 16 Winner MC Stan's YouTube Account gets Hacked
ইউটিউব একাউণ্ট হেক হ’ল এম চি ষ্টেনৰ
author img

By ETV Bharat Assamese Team

Published : March 12, 2024 at 2:27 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১২ মাৰ্চ: বিগ বছ ১৬ বিজয়ী তথা ৰেপাৰ এম চি ষ্টেনৰ দেশজুৰি অনুৰাগী আছে । ইফালে এম চি ষ্টেনেও অনুৰাগীৰ সৈতে যোগাযোগত থকাৰ চেষ্টা কৰে । শেহতীয়াকৈ খবৰ আহিছে যে এম চি ষ্টেনৰ ইউটিউব একাউণ্ট হেক কৰা হৈছে । ৰেপাৰজনে এই বিষয়ে ইনষ্টাগ্ৰামত নিজৰ অনুৰাগীসকলক অৱগত কৰে, যাতে তেওঁ অনুৰাগীসকলক সতৰ্ক কৰিব পাৰে ।

হেক হ’ল এম চি ষ্টেনৰ একাউণ্ট

এম চি ষ্টেনে Insta Story ত লিখিছে, ‘‘অনুৰাগীসকল, কোনোবাই মোৰ ইউটিউব একাউণ্টটো হেক কৰিছে আৰু মই নাজানো কি হৈছে । কিছু ধৈৰ্য ধৰক ।’’ ইয়াৰ পিচত এম চি ষ্টেনে আন এটা ষ্ট’ৰী শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ ইউটিউব ভিডিঅ’ত QR ক’ড দেখুওৱা হৈছে । এম চি ষ্টেনে লিখিছে- QR ক’ড স্কেন নকৰিব আৰু কোনো লিংকত ক্লিক নকৰিব । যিকোনো বস্তুৱেই স্কেম হ’ব পাৰে । কোনো লিংকত ক্লিক নকৰিব ।’’

Bigg Boss 16 Winner MC Stan's YouTube Account gets Hacked
ইউটিউব একাউণ্ট হেক হ’ল এম চি ষ্টেনৰ

এম চি ষ্টেনৰ কথা ক’বলৈ গ’লে তেওঁ ইউটিউব আৰু ইনষ্টাগ্ৰামত সক্ৰিয় । ইনষ্টাগ্ৰামত তেওঁৰ ১ কোটি ১০ লাখ ফ’ল’ৱাৰ আছে । বিগ বছ ১৬ তো তেওঁ অনুৰাগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাইছিল । অনুৰাগীয়ে তেওঁক প্ৰচুৰ পৰিমাণে ভোট দিছিল । যাৰ বাবে বিজয়ী হ’বলৈ সক্ষম হয় ৷

এম চি ষ্টেন কোন ?

এম চি ষ্টেনৰ প্ৰকৃত নাম আলতাফ শ্বেইখ । ‘বস্তি কা হস্তি’ ট্ৰেকটোৰ পৰাই তেওঁ নাম-খ্যাতি লাভ কৰিছিল । অনুৰাগীয়ে এম চি ষ্টেনৰ গীত বহুত ভাল পায় । এম চি ষ্টেন বিলাসী জীৱনশৈলীৰ বাবেও পৰিচিত । আনকি বিগ বছ ১৬ তো তেওঁক নিজৰ গহনা আৰু বিলাসী জোতা প্ৰদৰ্শন কৰা দেখা গৈছিল । এম চি ষ্টেনৰ স্বাভাৱিক ব্যক্তিত্ব বিগ বছত দেখা গৈছিল, যিটো অনুৰাগীয়ে অতিশয় ভাল পাইছিল । শ্ব’টোত জয়ী হোৱাৰ পিচত ছলমান খানৰ সৈতেও ফটো ক্লিক কৰি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল ৷

অৱশ্যে এম চি ষ্টেনে নিজৰ ব্যক্তিগত জীৱনটো ব্যক্তিগতভাৱে ৰাখি ভাল পায় । ইয়াৰ উপৰিও ৰাজহুৱা সমাৱেশ আৰু সংবাদ মাধ্যমৰ আদান-প্ৰদানত তেওঁক খুব কমেইহে দেখা যায় ।

লগতে পঢ়ক: মাত্ৰ তিনিদিনতে ব্যয় কৰা ধন আদায় কৰিলে অজয় দেৱগনৰ চয়তানে