এইবছৰ কোনখন থিয়েটাৰৰ কোনখন নাটকে দৰ্শকক কৰিব আকৰ্ষণ ? - Bhramyaman theatre 2024 25
Bhramyaman theatre Assam: 2024-25 ৰ নাট্যবর্ষৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰতিটো আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী । এইবাৰ কোনটো ভ্ৰাম্যমাণ গোষ্ঠীত কি কি নাটক উপভোগ কৰিব পাৰিব দৰ্শকে জানি লওক-

By ETV Bharat Entertainment Team
Published : July 29, 2024 at 6:01 PM IST
|Updated : July 30, 2024 at 9:35 AM IST
গুৱাহাটী, 29 জুলাই : পূৰ্ণ্যোদ্যমে উজনিৰ পৰা নামনিলৈ চলিছে এতিয়া 2024-25 ৰ নাট্যবর্ষৰ প্ৰস্তুতি । বহুকেইখন ব্যতিক্ৰমী নাটেৰে চলিত নাট্যবর্ষৰ বাবে সাজু হৈছে প্ৰতিটো নাট্যগোষ্ঠী । ৰাজ্যৰ প্ৰতিটো আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ লগতে এইবাৰ নতুনকৈ ভ্ৰাম্যমাণ জগতত সংযোজন ঘটা কেইবাটাও নাট্যগোষ্ঠীৰো ইতিমধ্যে আৰম্ভ হৈছে আখৰা । মুক্তি দিয়া হৈছে কেইবাটাও নাট্যগোষ্ঠীৰ গীত আৰু প্ৰ’ম’ । নাটকৰ আখৰাত ব্যস্ত এতিয়া যতীন বৰা, মৃদুল ভূঞা, প্ৰস্তুতি পৰাশকে আৰম্ভ কৰি নৱ-প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা কমল লোচনলৈকে সকলো ।
কোনটো ভ্ৰাম্যমাণ নাট্যগোষ্ঠীত কি কি নাটক উপভোগ কৰিব পাৰিব ?
হেঙুল থিয়েটাৰ
বিগত 36 বছৰে অসমৰ ভ্রাম্যমাণ জগতত দপদপাই থকা হেঙুল গোষ্ঠী সাজু হৈছে 37 সংখ্যক নাট্যবৰ্ষৰ বাবে । হেঙুলৰ এইবাৰৰ তিনিখন নাটকৰ ভিতৰত আছে প্ৰণৱ ভৰালীৰ নাটক "মছজিদ ৰোড নামঘৰ পথ", নাট্যকাৰ প্ৰণৱ বৰুৱাৰ "চিলনী" আৰু অভিজিৎ ভট্টাচাৰ্যৰ "বিড়ি" ৷ এদল নৱ-প্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীৰে মৰিয়নীত চলি আছে নাট্যগোষ্ঠীটোৰ আখৰা । ইফালে সুদীৰ্ঘ 6 টা বছৰৰ অপেক্ষাৰ অন্তত 2024-25 নাট্যবৰ্ষত থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা যতীন বৰাক ।
ইতিহাস থিয়েটাৰ
ইতিহাস থিয়েটাৰৰ এইবাৰৰ নাট তিনিখন হৈছে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ "জুয়ে পোৰা মানুহ", "মহাৰাজ" আৰু "মহাবীৰ লাচিত" । মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল মিৰ্জাত চলি আছে নাটকৰ আখৰা ।
আৱাহন থিয়েটাৰ
ভ্ৰাম্যমাণৰ মহাৰাণী প্ৰস্তুতি পৰাশৰ নেতৃত্বত সাজু হৈ উঠিছে আৱাহন গোষ্ঠী । বিগত কেইবা বৰ্ষ ধৰি নিজৰ অভিনয়শৈলী তথা ব্যতিক্ৰমধৰ্মী নাটেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰা নাট্যগোষ্ঠীটো এই বৰ্ষও তিনিখন নাটেৰে সাজু হৈছে । এই বৰ্ষৰ নাট তিনিখন হৈছে অভিজিৎ ভট্টাচাৰ্যৰ "মইনা কুশলে আছনে", "মেদাম মেনকা", "লেডী ম্যাকবেথ"। পাঠশালাৰ পৰা নতুন নাট্যবৰ্ষ আৰম্ভ হ'বলগীয়া নাট্যগোষ্ঠীটোৰ মান্দাকাটাত চলি আছে আখৰা ।
ৰাজধানী থিয়েটাৰ
ভ্ৰাম্যমাণ থিয়েটাৰৰ ট্ৰেজেডি কিংখ্যাত মৃদুল ভূঞা এইবাৰ থাকিব নতুনকৈ আত্মপ্ৰকাশ ঘটা ৰাজধানী থিয়েটাৰত । ৰাজধানী থিয়েটাৰৰ এইবাৰৰ নাট কেইখন হৈছে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ "তপস্যা" আৰু "মচি দিম সেন্দুৰ তোমাৰ", ৰাজদ্বীপৰ "বিশ্বনাথ জীয়াই আছে" । নতুন এই নাট্যদলটোৰো চলিত মাহৰ পৰা আৰম্ভ হৈছে আখৰা । মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল মান্দাকাটাত চলি আছে আখৰা ।
ৰাজলক্ষ্মী থিয়েটাৰ
পাঠশালাৰ কৃষ্ণনগৰত অভিনেতা চম্পক শৰ্মাৰ নেতৃত্বত চলি আছে নতুনকৈ আত্মপ্ৰকাশ ঘটা ৰাজলক্ষ্মী থিয়েটাৰৰ আখৰা । ৰাজলক্ষী থিয়েটাৰৰ মঞ্চত এইবাৰ দৰ্শকে উপভোগ কৰিব পাৰিব নাট্যকাৰ পৰিচালক তথা সু-অভিনেতা চম্পক শৰ্মাৰ নাটক "ঘা" আৰু অভিজিত ভট্টাচাৰ্যৰ নাটক "মনে মনে চাওঁ তোমাক" আৰু "কুৰুক্ষেত্ৰৰ সৈনিক"।
বৃন্দাবন থিয়েটাৰ
বৃন্দাবন থিয়েটাৰত এইবাৰ নাট তিনিখন হৈছে নাট্যকাৰ প্ৰণৱ বৰুৱাৰ "ৰাণী মা", ৰাজদ্বীপৰ "বিষাক্ত গোলাপ" আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ "দেউতা বেগেতে আহিবি" । মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰত আখৰা চলি থকা নাট্যদলটোত এইবাৰ থাকিব অভিনেত্ৰী প্ৰাঞ্জনা দত্ত আৰু ৰাতুল দাস ।
ৰাজমুকুট থিয়েটাৰ
ৰাজমুকুট থিয়েটাৰত এইবর্ষৰ তিনিখন নাট হৈছে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ "মহাৰণৰ বলিয়া ঘোঁৰা", ৰঞ্জিত কুমাৰ দত্তৰ "বকুল বনৰ পক্ষী", ৰাজদ্বীপৰ "বধ"। ৰাজমুকুটত এইবাৰ থাকিব অভিনেতা প্ৰসেনজিৎ, গুঞ্জন ভৰদ্বাজ, চিন্ময় কটকী, যোগেশ কাশ্যপ ।
কলাগুৰু থিয়েটাৰ
আগন্তুক নাট্যবর্ষৰ বাবে সাজু হৈছে নতুনকৈ আত্মপ্ৰকাশ ঘটা নাট্যগোষ্ঠী কলাগুৰু থিয়েটাৰ । তিনিখন নাটকৰে আগন্তুক নাট্যবর্ষৰ বাবে সাজু হৈছে দলটো । নাটক তিনিখন হৈছে অভিজিৎ ভট্টাচাৰ্যৰ "ময়ূৰ চৰাইৰ নাচ", চম্পক শৰ্মাৰ "কৰ্ণ অৰ্জুন" আৰু ভাস্কৰ জ্যোতি শৰ্মাৰ "মই এন্ধাৰৰ ৰজা"। নাট্যদলটোত থাকিব অভিনেতা অৰূপ বৈশ্য, পদ্মৰাগ গোস্বামী ।
কহিনুৰ থিয়েটাৰ
49 সংখ্যক নাট্যবর্ষৰ বাবে সাজু কহিনুৰ থিয়েটাৰ । কহিনুৰ থিয়েটাৰে এইবেলি মঞ্চস্থ কৰিব তিনিগৰাকীকৈ নাট্যকাৰৰ তিনিখন ভিন্ন ৰুচিৰ নাট । জনপ্রিয় নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্টাচাৰ্যৰ "মই ব্ৰহ্মপুত্র", বিশিষ্ট নাট্যকাৰ, অভিনেতা চম্পক শৰ্মাৰ "বনৰীয়া ফুল" আৰু বলিষ্ঠ অভিনেতা তথা নাট্যকাৰ মৃদুল চুতীয়াৰ "পিঞ্জৰা" । এইবেলি অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে সুদক্ষ অভিনেতা কৃষ্ণমণি নাথ, বেহাৰবাৰী আউটপোষ্টৰ S.I. খ্যাত প্রীতম বৰুৱাকে ধৰি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰী ।
আনহাতে এই বর্ষৰ থিয়েটাৰ সূৰ্যৰ নাট তিনিখন হৈছে অভিজিৎ ভট্টাচাৰ্যৰ "মৰমত তেজৰ টোপাল","ৰঙা গোলাপৰ ৰং" আৰু প্ৰশান্ত মেনাৰ "সংগী বিহীন সম্ৰাট"।
লগতে পঢ়ক : ২০২৪-২৫ বৰ্ষৰ নাট মেলিলে থিয়েটাৰ ৰুদ্ৰাক্ষই - Theatre Rudraksha

