গুৱাহাটী: ভিতালী দাস ৷ এনে এটা নাম, এনে এটা সত্বা, যাৰ বিকল্প অসমীয়া সমাজে কেতিয়াও নাপায় ৷ ভিতালী দাস বুলি শুনিলেই মনলৈ আহে এটা শব্দ ‘মেলডী’ ৷ ভিতালী দাসৰ কণ্ঠতে যেন প্ৰাণ পাই উঠিছিল প্ৰতিটো ব’হাগে । ভিতালী দাসৰ অনুপস্থিতিত ক’ৰবাত যেন সেই পুৰণি ভাললগা দিনবোৰ চিৰদিনৰ বাবে হেৰাই গ’ল, সেয়া সকলোৱে অনুভৱ কৰে ৷
জানমণি, অঞ্জনা, ৰাংঢালী, বগীতৰা, আইমণি, মইনাজান, গামোচা আদিকে ধৰি কেইবাখনো অডিঅ’ শ্ৰব্য কেছেট, ভিচিডি আৰু প্ৰায় ৫০০০ ৰো অধিক বিহুগীতত কণ্ঠদান কৰি লাখ লাখ অনুৰাগীক নিজৰ সুৱলা কণ্ঠৰে মোহিত কৰা ভিতালী দাস বিহীন এইবাৰ চতুৰ্থটো ব’হাগ । আজিৰ পৰা চাৰিবছৰ পূৰ্বে অসমবাসীয়ে চিৰদিনৰ বাবে হেৰুৱাই পেলাইছিল ব’হাগী ৰাণী জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসক । ২০২১ চনৰ ২১ এপ্ৰিলৰ দিনটো অসমৰ সংগীতজগতৰ বাবে চিহ্নিত হৈছিল এটা ক’লা দিন হিচাপে । ক’ভিডত আক্রান্ত হৈ অকালতে জীৱন নাটৰ সামৰণি মাৰি চিৰদিনৰ বাবে আঁতৰি গৈছিল ভিতালী দাস । প্ৰয়াত শিল্পীগৰাকীৰ আজি চতুৰ্থ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছে ভিন্নজনে-
মাতৃক সুঁৱৰি কমলিকা কাশ্যপৰ মন্তব্য
কন্যা কমলিকা কাশ্যপৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেখেতে কয়, “আজিৰ দিনটোত তেখেতক সুঁৱৰি অসমৰ ভিন্ন প্ৰান্তত বহুকেইটা কাৰ্যসূচী হাতত লোৱা হৈছে । তাৰে ভিতৰত মই এটা অনুষ্ঠানৰ সৈতে খুব স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ আছো, সেইটো হৈছে ভিতালী দাস সোঁৱৰণী বঁটা । মা ঢুকুওৱাৰ পাছৰে পৰা এই অনুষ্ঠানটি অনুষ্ঠিত কৰি অহা হৈছে । উত্তৰ-গুৱাহাটীৰ সাংবাদিক সন্থাৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰি অহা হৈছে । এইবর্ষত এই বঁটা কণ্ঠশিল্পী নির্মালী দাসক দিয়া হ'ব । বিভিন্ন কামৰ মাজৰে এনেদৰে মাক সুঁৱৰি আছো ।”
কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ লগত কেনেধৰণৰ সম্পৰ্ক আছিল ভিতালী দাসৰ
এসময়ত ভিতালী দাসৰ লগত একেলগে বহু গীতত কণ্ঠদান কৰিছিল কণ্ঠশিল্পী বৰ্ণালী কলিতাই । দুয়োৰে বন্ধুত্বও আছিল খুব সুন্দৰ । কণ্ঠশিল্পীগৰাকীৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ভিতালী দাসক সুঁৱৰি বৰ্ণালী কলিতাই কয়, “বাৰ লগত মোৰ খুবেই ভাল বন্ধুত্ব আছিল । সংগীতৰ জগতখনত বা মোৰ ছিনিয়ৰ আছিল । ভিতালী বাই তেতিয়া উত্তৰ গুৱাহাটীৰ পৰা এখন স্কুটী লৈ গান গাবলৈ আহিছিল আৰু আহোঁতে মোক দীঘলীপুখুৰীৰ হোষ্টেলৰ পৰা লৈ যায় ষ্টুডিঅ’লৈ, উভতি আহোঁতেও মোক তেনেদৰে হোষ্টেলত নমাই থৈ যায় । তেনেকুৱা ধৰণৰ এটা বাই-ভনীৰ সম্পর্ক আছিল আমাৰ মাজত । সংগীতৰ ক্ষেত্ৰতো বহু কথাই আমাক শিকাইছিল বায়ে । তেখেতে বহু হাই নোটছত খুব সুন্দৰ গীত গাইছিল । ১৯৯৭ চনত মই ভিতালী বাক লগ পাইছিলো । প্ৰায় ৩ হাজাৰৰো অধিক গীত ভিতালী বাৰ লগত মোৰ গোৱা হৈছে । এটা সময় আছিল, এখন এখন কেছেটৰ ৮ টা গীতৰ ৪ টা গীত মই আৰু ৪ টা গীত ভিতালী বাই গাইছিল । মোৰ জীৱনৰ প্ৰথমটো গীত ‘ঐ জান ঐ আকাশখন ধুনীয়া’ এই গীতটি ভিতালী বাৰ লগতে আছিল । বহুত মিছ কৰো বহুত মনত পৰে ভিতালী বালৈ ।”
ৰাজেশ ভূঞাৰ লগত বহু কাম কৰিছে কণ্ঠশিল্পী গৰাকীয়ে
বিশেষ দিনটোত কণ্ঠশিল্পীগৰাকীক সুঁৱৰি পৰিচালক ৰাজেশ ভূঞাই কয়, “ভিতালী বাইদেউৰ লগত বহুখিনি স্মৃতি জড়িত হৈ আছে । মই যেতিয়াৰ পৰা বিহু ভিচিডিসমূহৰ কাম কৰিছিলো সকলোতে তেখেতে কণ্ঠ নিগৰাইছিল । ভিতালী বাইদেউৰ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি যি অৱদান, বিশেষকৈ বিহুৰ ক্ষেত্ৰত, সেয়া আমি কোনেও কেতিয়াও পাহৰিব নোৱাৰো । তেখেতে নাথাকিলেও তেখেতেৰ কণ্ঠস্বৰ আমাৰ মাজত সদায় আছে আৰু সদায় থাকিব । মোৰ লগত কৰা তেখেতৰ প্ৰথমটো কাম আছিল 'জানমণি' । ২০০৫ চনত মই যেতিয়া 'জানমণি' ভিচিডিৰ কাম কৰিছিলো, তেতিয়া তেখেতে তাৰ গোটেই কেইটা গীততে কণ্ঠ নিগৰাইছিল । তাৰ পাছত অঞ্জনা, জোনবাইত কণ্ঠ নিগৰাইছিল । তেখেতেৰ গীতবোৰ খুব সুন্দৰ আছিল, আমি এতিয়াও সেইবোৰ গীত শুনো । বিহু বুলি ক’লেই ভিতালী বাইদেউৰ কথা মনলৈ আহে । খুব নম্র স্বভাৱৰ আছিল তেখেত ।”
ভিতালী দাসৰ গীতসমূহ সদায় জীয়াই ৰাখিবলৈ আহ্বান প্ৰিয়ংকা ভৰালীৰ
“ভিতালী বা নাই বুলি ক’বলৈ বৰ দুখ লাগে । তেখেতৰ গীতসমূহ সদায় সজীৱ হৈ থাকিব । আমি আজিও তেখেতেৰ গীতসমূহ গাওঁ আৰু আৰু সদায় গাই থাকিম । দুখ লাগে মানুহগৰাকী অতি সোনকালে ক্ষন্তেকতে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল । তেখেতক আজিৰ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছো । নৱ প্ৰজন্মই তেখেতেৰ গীতসমূহ আঁকোৱালি লওক, গীতসমূহ পৰিৱেশন কৰক, সেয়াই আশা কৰিছো । তেখেতৰ গীতৰ পৰা শিকিবলগীয়া বহু কথাই আছে । আমি আগতে যেতিয়া ভিতালী বাক ৰেকৰ্ডিঙত দেখা পাওঁ, তেখেতে যিধৰণে ইমান জোৰদাৰ কণ্ঠৰে গান গাই, তেখেতেৰ লগত থকা সেই সময়খিনিত আমি বহু কথা শিকিছো । তেখেতৰ গীতসমূহ শুনি শুনিও বহু কথা শিকিছো কেনেদৰে গান গাব লাগে । নৱ প্ৰজন্মৰ তেখেতেৰ গীতৰ পৰা শিকিবলগীয়া বহুখিনি আছে ৷ মই আহ্বান জনাও যাতে তেখেতেলোকে ভিতালী বাৰ গীতসমূহ সদায় জীয়াই ৰাখে ।”
ভিতালী দাস সন্দৰ্ভত অভিনেতা যতীন বৰাৰ মন্তব্য
“কুলিৰ অন্য এক ৰূপ বুলি ক’লে ভিতালী বাইদেউৰ নামটোৱেই আহে । বিহুৰ ক্ষেত্ৰত আমি তেখেতক সদায় স্মৰণ কৰো, কৰি আছো আৰু কৰি থাকিম । তেখেতৰ অনুপস্থিতিত তেখেতৰ গীতসমূহ, তেখেতৰ কন্যাই মঞ্চত পৰিৱেশন কৰিছে । তেখেতে য’তে আছে শান্তিত থাকক ।”
ভিতালী দাসৰ মৃত্যুৰ দিনাও আছিল অনুষ্ঠান
২০২১ চনৰ ব’হাগ মাহত সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় লৈছিল ভিতালী দাসে । মৃত্যুৰ দিনাও আছিল তেওঁৰ সংগীতৰ অনুষ্ঠান । এই সন্দৰ্ভত তেখেতৰ বাদ্যযন্ত্ৰী পাপু শৰ্মাই কয়, “২০১৫ চনৰ পৰা মই ভিতালী বাৰ লগত আছিলো । তেখেতেৰ লগত মই অনুষ্ঠানসমূহ কৰি আহিছিলো, ভিতালী বা ঢুকুওৱাৰ দিনাও আমাৰ নাৰেংগীত অনুষ্ঠান আছিল । সেইদিনা মই বেলেগ এগৰাকী ছোৱালী লৈ গৈ অনুষ্ঠানখন কৰাইছিলো । তেখেত প্ৰকৃততে এগৰাকী শিল্পী আছিল । বাৰ গীতসমূহ সদায় চিৰযুগমীয়া হৈ থাকিব । শিল্পীসুলভ মনৰ অধিকাৰী আছিল তেখেত ।”
লগতে পঢ়ক : বিদায় মোৰ সোণ..... আবেগিক জুবলী