আজিৰে পৰা ছবিগৃহত ‘যোদ্ধা’ ই যুঁজিছে
প্ৰতিজন মানুহেই নিজৰ নিজৰ জীৱনত একো একোজন যোদ্ধা । বৃহস্পতিবাৰে গুৱাহাটীৰ আইদেউ ছবিগৃহত অনুষ্ঠিত হৈ গ'ল ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ ।

By ETV Bharat Entertainment Team
Published : August 22, 2025 at 1:51 PM IST
গুৱাহাটীত : পৰিমল এণ্টাৰপ্ৰাইজৰ বেনাৰত আজিৰে পৰা ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি ‘যোদ্ধা’ই । পৰিমল বিশ্বাস আৰু ৰীমা বিশ্বাসে প্ৰযোজনা কৰা এই ছবিখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ তথা পৰিচালনা ভাস্কৰ জে গোস্বামীৰ ।
বৃহস্পতিবাৰে মহানগৰীৰ আইদেউ ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’, য’ত উপস্থিত থাকে সাহিত্য-সংস্কৃতিৰ লগত জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । ছবিখন সন্দৰ্ভত পৰিচালক তথা চিত্ৰনাট্যকাৰ ভাস্কৰ জে গোস্বামীয়ে সংবাদ মাধ্যমক কয়, “যোদ্ধা ছবিখনৰ কাহিনী কেৱল এখন ছবিৰ কাহিনী নহয় । এইটো এটা প্ৰত্যাহ্বান । পৰিয়ালৰ প্ৰতিজন সদস্যই এই কাহিনীৰ মাজত নিজক বিচাৰি পোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখি ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছিলোঁ ।”
যোদ্ধাৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতা ৰাজকুমাৰে ছবিখন সন্দৰ্ভত কয়, “বন্দুক বা তৰোৱাল লৈ যুদ্ধ কৰাজনেই যোদ্ধা নহয় । প্ৰতিজন মানুহেই নিজৰ নিজৰ জীৱনত একো একোজন যোদ্ধা । ছবিখন চোৱা প্ৰতিগৰাকী দর্শকে কৰবাত নহয় কৰবাত নিজক বিচাৰি পাব ।”
উক্ত অনুষ্ঠানত উপস্থিত থাকি অভিনেতা ৰবি শৰ্মাই কয়, “ইখনৰ পাছত সিখনকৈ অসমীয়া ছবিয়ে মুক্তি লাভ কৰি আছে । এইটো আমাৰ বাবে সৌভাগ্যৰ কথা । 'যোদ্ধা’ৰ টীমৰ কষ্ট সফল হ'ব বুলি আশা কৰিছোঁ । লগতে আমাৰ চলচ্চিত্ৰ জগতৰ এই যাত্ৰা উৰ্দ্ধমুখী হওক ।”
ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে ৷ ছবিখনত সন্নিৱিষ্ট পাঁচটি গীত ৰচনা কৰিছে ক্ৰমে– জুবিন গাৰ্গ, শশাংক সমীৰ, ৰাহুল গৌতম শৰ্মা, পুনম নাথ আৰু ভাস্কৰ গোস্বামীয়ে ৷ কণ্ঠদান কৰিছে– জুবিন গাৰ্গ, চয়নিকা ভূঞা, সংগীতা হাজৰিকা, মেঘনাথ পূজাৰী আৰু ৰাহুল গৌতম শৰ্মাই ৷
‘যোদ্ধা’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে– ৰাজকুমাৰ, শোণিত বৰা, চিন্ময় কটকী, কাজল শৰ্মা, অলিস্মিতা গোস্বামী, ৰাজেশ কুমাৰ ম’ৰ, নয়ন কৌশিক, শুভাষীশ ৰিয়ান কাশ্যপ, মালা গোস্বামী, ৰাশী শইকীয়া, পৰাগ দত্ত, জয়ন্ত দত্ত, পাহি বৰঠাকুৰ, সঞ্জীৱ বৰঠাকুৰ আৰু ভগৱান গোস্বামীয়ে ৷ অতিথি শিল্পী হিচাপে ছবিখনত ভুমুকি মাৰিছে প্ৰাণজিৎ দাস, জুৰি শৰ্মা, জুবিন গাৰ্গ, ৰাজীৱ ক্ৰ’, গৌৰৱ বৰা আদিয়ে ৷
শিশুশিল্পী মনীষ ভূঞা (ৰণি), নীল আকাশ মহন্ত, গৌৰৱ গোস্বামী, খ্ৰীয়া আঠপুৰীয়া, সঞ্জীতা তালুকদাৰ আৰু মুকদ্বীপ শৰ্মাক দেখিবলৈ পোৱা যাব ৷ ৰাজস্থান আৰু গোৱাৰ লগতে অসমৰ বিভিন্ন মনোমোহা স্থানত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে অভিজিৎ গগৈয়ে ৷
সম্পাদনা কৰিছে প্ৰতীম খাউণ্ডে ৷ আৱহ সংগীত মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান তপন দত্তৰ ৷ শব্দ সংযোজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ ৷ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে জয়ন্ত শৰ্মা ৷ সহকাৰী পৰিচালক সুৰজিৎ ফুকন আৰু সিদ্ধাৰ্থ শংকৰ নাথ ৷ নৃত্য নিৰ্দেশনা কৰিছে দীপক দে’ আৰু শশীন্দ্ৰ কুমাৰ বৰুৱাই ৷
লগতে পঢ়ক : "যোদ্ধা"ৰ সৈতে যুঁজিব "তাৰিখ"-এ ! কি কয় পৰিচালকে ?

