গুৱাহাটী : অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ, মুনিন বৰুৱা, যাক সকলোৱে মৰমতে সম্বোধন কৰিছিল ‘ভাইমন দা’ বুলি । ‘ভাইমন দা’ কেৱল এটা নামেই নহয়, অসমীয়া চলচ্চিত্ৰ জগতৰ এক অভিমান । সংগীতৰ সাধনাৰ পৰা আৰম্ভ কৰি চিত্ৰনাট্যকাৰ হিচাপে অসমীয়া চলচ্চিত্ৰ জগতখনত খোজ পেলোৱা ভাইমন দায়ে পৰৱৰ্তী সময়ত পিতা-পুত্ৰ, পাহাৰী কন্যা, প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, ৰং, বাৰুদ, দীনবন্ধু, ৰামধেনু, প্ৰিয়াৰ প্ৰিয়কে ধৰি সৰ্বমুঠ ১৪ খন চিনেমা নিৰ্মাণ কৰি অসমীয়া ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে ।
অসমীয়া ছবিজগতক জাকত জিলিকা কৰি তোলা ভাইমন দা আছিল এজন অনন্য অসমীয়া, নিপুন যোদ্ধা । অসমীয়া ছবিজগতৰ এইগৰাকী কিংবদন্তীৰ জীৱনশৈলী, কৰ্মৰাজি তথা ৯০ বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাৰ যাত্ৰাক গৌৰৱেৰে উদযাপন কৰাৰ উদ্দেশ্যৰে জিল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত শীঘ্ৰেই আহি আছে ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ ।
‘বোৱাৰী’ ছবিখনৰ পৰা এগৰাকী চিত্ৰনাট্যকাৰ হিচাপে যাত্ৰা আৰম্ভ কৰিছিল মুনিন বৰুৱাই ৷ ভাইমন দা ছবিখনৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতখনে সেই সময়ছোৱাত সন্মুখীন হোৱা বিভিন্ন উত্থান-পতন, প্ৰতিঘাত তথা ছবিগৃহত হিন্দী চিনেমাৰ পয়োভৰৰ পিছতো অসমীয়া চলচ্চিত্ৰই কেনেদৰে সপ্তাহজোৰা প্ৰদৰ্শনী লাভ কৰিছিল, তাৰ আঁৰৰ সংঘৰ্ষ আজিৰ দৰ্শকে দেখিবলৈ পাব ৷
‘ভাইমন দা-A Tribute to Assamese Cinema’ ছবিখনৰ কাহিনী, চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ ৷ আনহাতে ছবিখন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে । ছবিখনৰ সন্দৰ্ভত জানিবলৈ ই টিভি ভাৰতৰ সাংবাদিক দিপাঞ্জলি শৰ্মাই পৰিচালক শশাংক সমীৰৰ যোগাযোগ কৰে ৷ শশাংক সমীৰে এই আছুতীয়া সাক্ষাৎকাৰত বহু কথাই উল্লেখ কৰিলে ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে শশাংক সমীৰৰ পৰিচালক হিচাপে এয়া প্ৰথম খোজ ৷ তেওঁ একেধাৰে এগৰাকী চিত্ৰশিল্পী, গীতিকাৰ, অভিনেতা, চিত্ৰনাট্যকাৰ । ‘ভাইমন দা’ হৈছে শশাংক সমীৰৰ পৰিচালনাৰে প্ৰথমখন অসমীয়া ছবি ।
এই ছবিখনৰ নির্মাণৰ মূল উদ্দেশ্য কি আছিল ?
পৰিচালকে কয়, “ছবিখন আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুনিন বৰুৱা দেৱৰ জীৱনৰ আধাৰত নির্মাণ কৰা হৈছে যদিও ছবিখনে অসমীয়া ছবিৰ উত্থান-পতনৰ দীঘলীয়া সময়খিনিও উপস্থাপন কৰিছে ৷ বিগত ১০ মার্চ তাৰিখে অসমীয়া ছবিয়ে ৯০ বছৰ অতিক্ৰম কৰিলে । অসমীয়া ছবিৰ এই ৯০ বছৰীয়া যাত্ৰা কেতিয়াও সহজ নাছিল । এই যাত্ৰাত অসংখ্য মানুহৰ অৱদান আছে । তেওঁলোক সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যেৰে এই ছবিখন নিৰ্মাণ কৰাটো আমাৰ এটা মূল লক্ষ্য আছিল । ছবিখনত ৯০ বছৰীয়া যাত্ৰাটোক সাঙুৰি লোৱাটো সম্ভৱ নহ’ল যদিও, ৬০ দশকৰ অসমীয়া ছবিৰ উত্থান-পতনৰ দীঘলীয়া সময়খিনিৰ প্ৰায়ভাগেই ছবিখনত দেখিবলৈ পোৱা যাব ।”
মুনিন বৰুৱা দেৱৰ ওপৰত ছবি এখন নির্মাণ কৰাৰ কথাটো কেনেদৰে মনলৈ আহিল ?
“ভাইমন দা এটা দীঘলীয়া পৰিক্ৰমা । যদিও মই ছবিখনৰ কাহিনী-চিত্ৰনাট্য আৰু পৰিচালনা কৰিছো, ছবিখনৰ সমগ্র ধাৰণাটো কিন্তু আহিছে আমাৰ প্ৰযোজক শ্যামন্তক গৌতমৰ পৰা । আমি যেতিয়া কাঞ্চনজংঘা কৰি আছিলো সেই সময়তে মুনিন বৰুৱা দেৱৰ মৃত্যু হৈছিল । তেতিয়া আমি মাজুলীত আছিলো । মুনিন বৰুৱা দেৱৰ শেষকৃত্যৰ বাবে তেতিয়া জুবিন গাৰ্গ আৰু শ্যামন্তক গৌতম আহিছিল । সেই সময়ৰে পৰাই এই ধৰণাটো তেওঁৰ মনলৈ আহিছিল । লক ডাউনৰ সময়ত তেওঁ মোক ফোন কৰি কৈছিল যে জিল ক্ৰিয়েশ্যনছৰ পৰৱৰ্তী প্ৰযোজনাৰ বিষয়টো পাই গ’লো ।”, শশাংকই কয় ৷
তেওঁ লগতে আৰু কয়, “মই তেওঁক সুধিলো বিষয়টো কি ? তেতিয়া শ্যামন্তক দাই ক’লে ‘ভাইমন দা’ । কথাটো শুনাৰ লগে লগে অকণমান সময়ৰ বাবে আচৰিত হৈছিলো । কাৰণ এই প্ৰক্ৰিয়াটো হ’ব বিশাল । তেওঁ দেখা সপোন মতেই কাম আৰম্ভ হ’ল তেতিয়াৰ পৰা । এই ক্ষেত্ৰত মুনিন বৰুৱা দেৱৰ পৰিয়ালৰ সহাঁৰিও আছিল অভূতপূৰ্ব । বিগত প্ৰায় ৪ টা বছৰে এনেদৰে ছবিখনৰ লগত জড়িত হৈ পৰিলো ।”
ছবিখনৰ বাবে লিখা হৈছিল কেইবাটাও পাণ্ডুলিপি
“ছবিখনৰ বাবে এটা গৱেষণাৰ দল গঠন কৰা হৈছিল । সেই দলটোৱে অসমৰ বিভিন্ন কোণলৈ গৈ অসংখ্য মানুহক লগ ধৰি কথা পাতি বহু তথ্য যুগুত কৰিলে । সেইবোৰ কৰোতে প্ৰায় ৯ মাহ মান সময় লাগিল । ৯ মাহৰ পাছত মই লিখিবলৈ বহিলো । তেনেদৰে প্ৰথমটো পাণ্ডুলিপি লিখিলো সেইটোত অকণমান সলনি হ'ল । তেনেদৰে কৰোতে কৰোতে প্ৰায় ২১ খন পাণ্ডুলিপি ৰচনা কৰা হ’ল ৷ শেষত ২১ নম্বৰ পাণ্ডুলিপিখন ঠিক হ'ল আৰু সেইখন লৈ শ্বুটিঙৰ বাবে গ’লো । তাৰ পাছত শ্বুটিঙৰ মাজতে সেইখনো অকণমান সলনি কৰিবলগীয়া হ'ল । কিছু কিছু কথা আৰু সলনি কৰা হ'ল । সঠিক কৈ ক’বলৈ গ’লে আমাৰ ছবিখনৰ ২২ নম্বৰ পাণ্ডুলিপিটোহে দৰ্শকৰ মাজলৈ যাব ।”, সমীৰৰ ভাষ্য ৷
ছবিখনৰ দৃশ্যগ্ৰহণ ক'ত ক'ত কৰা হৈছিল ?
“প্ৰায় ১২০টাৰো অধিক স্থানত শ্বুটিং কৰিলো । অসমত বিশেষকৈ যোৰহাট, তিতাবৰ, দেৰগাঁও, গোলাঘাট, মৰিয়নী, নিমাতী, ধনশিৰী, মৰিগাঁও, গুৱাহাটী, কাৰ্বি-আংলঙকে ধৰি দিল্লী, কলিকতা আৰু পুৰীতো শ্বুটিং কৰা হয় ৷ প্ৰায় ১২০ ৰ পৰা ১২৫ টা লোকেশ্যনত শ্বুটিং কৰা হৈছে ।”
ছবিখনৰ আছে এটা বিশেষ গীত
“গৱেষণাৰ সময়ত আমি বিভিন্ন ঠাইলৈ গৈছিলো । মই পুনৰ এবাৰ গোলাঘাটলৈ যাবলৈ বিচৰিলো । তেনেদৰে মই গোলাঘালৈ গ’লো আৰু তাত গৈ মই এমাহতকৈ বেছি সময় থাকি ভিন্ন মানুহক পুনৰ লগ কৰিলো । তাতে ভাইমন দাৰ এজন বন্ধুক লগ পালো । ভাইমন দাই আৰম্ভণিতে মেণ্ডলীন বজাইছিল । ৭০ৰ দশকৰ সেই সময়ছোৱাত ভাইমন দা ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ১০ গৰাকী মেণ্ডলীন প্লেয়াৰৰ ভিতৰত আছিল । সেই সময়ছোৱাত তেওঁলোকে গোলাঘাটত এটা ইলোৰা বুলি বেণ্ড গঠন কৰিছিল । তাত তেওঁ কেতিয়াবা কেতিয়াবা বজাইছিল । পৰৱৰ্তী সময়ত তেওঁলোকে ইকো বুলি এটা বেণ্ড গঠন কৰিছিল । যেতিয়া তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিবলৈ যায়, তেতিয়া ভাইমন দাই নিজে এটা এটা গীত গাই বা তেওঁলোকৰ লগৰ কোনোবাই গাই । সেই সময়ৰ জনপ্ৰিয় অভিনেতা আব্দুল মান্নানো আছিল তেওঁলোকৰ লগত ।ঠ
শশাংকই কয়, “যেতিয়া মই তেওঁৰ বন্ধু এজনক লগ পালো তেতিয়া মই কথা প্ৰসংগত তেনেকুৱা সময়ৰ কিবা গীত মনত আছে নেকি সুধিলো । তেতিয়া তেওঁ মোক এই গীতটোৰ এটা টুকুৰা কৈ দিলে । গীতটি আছিল 'বিয়েৰ-ব্ৰেণ্ডী-হুইস্কী' । সেই গীতটো লিখিছিল ভাইমন দাই । সেই গীতটোৱেই মই ছবিখনত ব্যৱহাৰ কৰিছো ।”
উল্লেখ্য যে, শীঘ্ৰে মুক্তি লাভ কৰিবলগীয়া এই ছবিখনৰ কাৰ্যবাহী প্ৰযোজক হিচাপে আছে অনুপম শৰ্মা ৷ চিনেমাখনৰ চিনেমাট’গ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বনদীপ শৰ্মাই । আনহাতে অন্যান্য চৰিত্ৰসমূহত আছে য়াশশ্ৰী ভূঞা, গুণাকৰ দেৱগোস্বামী,পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দ্বীপজ্যোতি কেওঁট, পাৰ্থ প্ৰতীম শইকীয়া, শিল্পী শিখা বৰা, বৈভৱী গোস্বামীকে ধৰি প্ৰায় ৩oo ৰো অধিক শিল্পী ৷ ছবিখনৰ ছাউণ্ড ডিজাইনাৰ হিচাপে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইয়ে কাম কৰাৰ লগতে প্ৰীতম খাউণ্ডে কৰিছে সম্পাদনাৰ কাম ৷
লগতে পঢ়ক : 360 ৰো অধিক তাৰকাৰে বিশেষ ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’