মুম্বাইৰ পৃথ্বী থিয়েটাৰত "চন্দ্ৰনখা": অসমলৈ আহিল চাৰিটাকৈ বঁটা
থেচপ'-২০২৪ নাট মহোৎসৱত থাৰ্ড থিয়েটাৰ নাট্যদলৰ সফলতা । শ্ৰেষ্ঠ নাটক "চন্দ্ৰনখা" ।

Published : December 10, 2024 at 7:01 AM IST
|Updated : December 10, 2024 at 7:10 AM IST
গুৱাহাটী: মায়ানগৰী মুম্বাইত অনুস্থিত হোৱা থেচপ' ২০২৪ নাট মহোৎসৱত গুৱাহাটীৰ এক অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান থাৰ্ড থিয়েটাৰৰ সফলতা । বিগত ২ ডিচেম্বৰ পৰা ৮ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই মহোৎসৱত নাট প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ নাট, শ্ৰেষ্ঠ নাট্যদলৰ সৈতে ৪ টা বঁটা অর্জন কৰিবলৈ সক্ষম হৈছে নাট্যদলটোৱে ।
৭ ডিচেম্বৰৰ সন্ধিয়া নাট্যদলটোৱে প্ৰদৰ্শন কৰে নাট্যকাৰ প্ৰত্যুষ ডেকাৰ "চন্দ্ৰনখা" । অসমৰ পৰা নিৰ্বাচিত হোৱা এই একমাত্ৰ নাট্য দলটোত আছিল কস্তুৰীমা বৰদলৈ, বৰ্ণালী বড়ো, তেজস্বীতা দাস, চুনামী দাস, প্ৰীতি বৰকাকতী, দেবীকা শইকীয়া, গীতাঞ্জলী গগৈ, হিমাক্ষী চাৰিঙীয়া, দুলুমণি গোহাঁই, কস্তুৰী ইঞ্জেল, দীপশিখা নেওগ আৰু প্ৰতিমা মেধি ।

নাটখন পৰিচালনা আছিল কস্তুৰীমা বৰদলৈৰ । সংগীত কৰিছে কাশ্যপ নাথে । সামগ্ৰিক পৰিকল্পনা আৰু মঞ্চসজ্জাত আছিল বিপ্লৱ তাঁতী আৰু ইন্দ্ৰজিৎ বৰা । পোহৰ পৰিকল্পনা আৰু পৰিচালনাত আছিল অৰিন্দম বৰা । তদুপৰি সমগ্ৰ দলটোৰ ব্যৱস্থাপনাত আছিল থাৰ্ড থিয়েটাৰৰ সাধাৰণ সম্পাদক, মূকাভিনয় শিল্পী বিজিত কুমাৰ দাস ।
উল্লেখ্য যে সমগ্ৰ ভাৰতবৰ্ষৰ কেবাটাও আঞ্চলিক ভাষাৰ মুঠ ১২৯ খন নাটকৰ মাজৰ পৰা ৫ খন নাটক এই মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছিল । তাৰ ভিতৰত আছিল অসমৰ পৰা অসমীয়া ভাষাৰ একমাত্ৰ নাটক "চন্দ্ৰনখা" । ১ ঘণ্টা ১০ মিনিট দৈৰ্ঘৰ "চন্দ্ৰনখা"ৰ এই সফলতাত এতিয়া উৎফুল্লিত সকলো ।
কেৱল মহিলা শিল্পীসকলৰ দ্বাৰা অভিনীত এই নাটখনৰ মাজেৰে ঐতিহাসিক ৰামায়ণৰ কেইবাটাও চৰিত্ৰৰ মনোভাৱ তথা সাধাৰণ সমাজৰ দৃষ্টিৰ পৰা আঁতৰত থকা কেবাটাও স্পৰ্শকাতৰ বিষয় পৰম্পৰাগত নাটকৰ আৰ্হিৰ পৰা পৃথকভাৱে নতুনত্বৰ সংযোজন কৰি দৰ্শকৰ মাজলৈ আনিবলৈ চেষ্টা কৰা হৈছে ।
উল্লেখ্য যে ১৯৪৪ চনৰ পৰা বলীউদৰ যশস্বী অভিনেতা তথা পৰিচালক পৃথ্বীৰাজ কাপুৰে প্ৰতিস্থা কৰা পৃথ্বী থিয়েটাৰৰ মঞ্চক শশী কাপুৰে ১৯৭৮ চনত স্থায়ীভাৱে প্ৰেক্ষাগৃহৰ ৰূপ দিয়ে । ১৯৯৯ চনৰ পৰা পৃথ্বী থিয়েটাৰে প্ৰতিবছৰে ডিচেম্বৰ মাহত অনুষ্ঠিত কৰি আহিছে এই থেচপ' নাট মহোৎসৱ ।
লগতে পঢ়ক: 27 বছৰৰ পিছত আকৌ আহি আছে "টাইটানিক"

