ETV Bharat / entertainment

ছলমানৰ পৰা ইমৰাণ হাছমীলৈকে; বাবা ছিদ্দিকীৰ ইফটাৰ পাৰ্টিত তাৰকাৰ মেলা - Baba Siddique Iftar Party

Baba Siddique's Iftar Party 2024: ৰমজান আহিল আৰু বাবা ছিদ্দিকৰ ইফতাৰ পাৰ্টি নহ’ব, এয়া কেনেকৈ সম্ভৱ ? প্ৰতি বছৰৰ দৰে এইবাৰো বাবা ছিদ্দিকী আৰু তেওঁৰ পুত্ৰ জীছান ছিদ্দিকীয়ে গ্লেমাৰ জগতৰ তাৰকাসকলৰ বাবে হাই প্ৰফাইল ইফতাৰ পাৰ্টিৰ আয়োজন কৰে ৷ প্ৰতি বছৰৰ দৰেই এইবাৰো ছলমান খান আৰু তেওঁৰ পৰিয়ালৰ বহু লোকে পাৰ্টিত অংশগ্ৰহণ কৰে । লগতে আৰু কোন কোন তাৰকা উপস্থিত থাকিল চাওক-

Baba Siddique Iftar Party: Salman Khan arrived with family, Honey Singh hugged Ori and Emraan Hashmi got a surprise
ছলমানৰ পৰা ইমাৰাণ হাছমীলৈকে; বাবা ছিদ্দিকীৰ ইফটাৰ পাৰ্টিত তাৰকাৰ মেলা
author img

By ETV Bharat Assamese Team

Published : March 25, 2024 at 11:32 AM IST

|

Updated : March 25, 2024 at 2:58 PM IST

3 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 25 মাৰ্চ : প্ৰতি বছৰৰ দৰেই এইবাৰো বাবা ছিদ্দিকীয়ে মুম্বাইত চলচ্চিত্ৰ, টিভি আৰু ছ’চিয়েল মিডিয়াৰ জগতখনৰ তাৰকাসকলৰ বাবে এক বৃহৎ ইফতাৰ পাৰ্টিৰ আয়োজন কৰে ৷ মুম্বাইত অনুষ্ঠিত এই ইফতাৰ পাৰ্টিত তাৰকাৰ সমাগম দেখিবলৈ পোৱা গৈছিল ৷

প্ৰতিবাৰৰ দৰে এইবাৰো বলীউডৰ ভাইজান অৰ্থাৎ ছলমান খানে এই ইফতাৰ পাৰ্টি উপস্থিত থাকি অনুষ্ঠানটিৰ শোভা বৃদ্ধি কৰে ৷ এইবাৰ ইফতাৰ পাৰ্টিত দেখা গ’ল ছলমান খানৰ পিতৃ চেলিম খান, ভগ্নী আলভিৰা আৰু অতুল অগ্নিহোত্ৰী, অৰ্পিতা খান আৰু আয়ুষ শৰ্মাকে ধৰি পৰিয়ালৰ বহু সদস্য ৷ এই সময়ছোৱাত সোহেইল খানৰ পুত্ৰ নিৰান খানে নিজৰ আচৰণেৰে সকলোৰে হৃদয় জয় কৰিছিল ৷

ছলমান খানৰ গ্ৰেণ্ড এণ্ট্ৰি

বহু বছৰ ধৰি অবিৰতভাৱে বাবা ছিদ্দিকীৰ ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি অহা ব্যক্তিজনেই হৈছে ছলমান খান ৷ এইবাৰো ছলমানে একে কাম কৰিলে ৷ পাঠানী কুৰ্টাত দেখা গ’ল ছলমানক ৷ এই সময়ছোৱাত ছলমানে তাত থকা পাপাৰাজীৰ বাবেও পোজ দিছিল আৰু বাবা ছিদ্দিকী আৰু জীছান ছিদ্দিকিৰ সৈতেও ফটো উঠিছিল ৷

নিৰ্বান খানে জয় কৰিলে সকলোৰে হৃদয়

এইবাৰ ইফতাৰ পাৰ্টিত ছলমান খানৰ ভতিজা আৰু ছোহেইল খানৰ পুত্ৰ নিৰ্বাণ খানও অংশগ্ৰহণ কৰে ৷ এই সময়ছোৱাত তেওঁক ক’লা চাৰ্ট আৰু জিন্স পিন্ধা দেখা গৈছিল ৷ ইফালে নিৰ্বানে পূজা হেগড়েৰ সৈতে পাপাৰাজীৰ বাবে পোজ দিছিল ৷ এই সময়ছোৱাত তেওঁৰ আচৰণ দেখি সকলোৱে তেওঁক প্ৰশংসা কৰি আছে ৷ বিশেষ কথাটো হ’ল নিৰ্বানৰ এই আচৰণ দেখি মানুহে ছলমান খানক মনত পেলাইছিল ৷

ইমৰাণ হাছমীলৈ বিশেষ চাৰপ্ৰাইছ

ইমৰাণ খানৰ জন্মদিন আছিল ২৪ মাৰ্চ ৷ জন্মদিনতো তেওঁ বাবা ছিদ্দিকীৰ ইফতাৰ পাৰ্টিত তেওঁৰ নিমন্ত্ৰণত অংশ লৈছিল ৷ বাবা ছিদ্দিকীয়েও প্ৰমাণ কৰিলে যে, তেওঁ এজন উৎকৃষ্ট আতিথ্যবাহী ৷ ইতিমধ্যে তেওঁ ইমৰাণ হাছমীৰ জন্মদিনৰ কেক এটাৰ ব্যৱস্থা কৰিছিল ৷ তাত উপস্থিত হোৱাৰ লগে লগে ইমৰাণ হাছমীয়ে কেকটো কাটি সকলোকে খুৱাই জন্মদিন উদযাপন কৰে ৷

হানী সিঙে অৰীক আচৰিত কৰি তুলিলে

নিজৰ ৰেপ আৰু গায়ন-বায়নেৰে সকলোকে পাগল কৰি তোলা হানী সিঙকো এইবাৰ ইফতাৰ পাৰ্টিত দেখা গ’ল ৷ সেউজীয়া ৰঙৰ জুব্বা পিন্ধি পাৰ্টিত প্ৰৱেশ কৰে হানী সিঙে ৷ এই সময়তে তেওঁ তাতেই অৰিৰ লগত মুখামুখি হয় ৷ হানী সিঙে লগে লগে অৰীক সাৱটি ধৰে ৷

এই তাৰকাসকলৰ উপৰিও ইফতাৰ পাৰ্টিত আছিল শিল্পা শ্বেট্টী, শ্বেতা তিৱাৰী, এম চি ষ্টেন, মুনাৱাৰ ফাৰুকী, মহিৰা শৰ্মা, শ্বেহনাজ গিল, সুনীল শ্বেট্টী, উৰ্বশী ৰাউটেলা, শ্ৰিয়া সাৰণ, অংকিতা লোখণ্ডে, আলী গনি আৰু জেচমিন ভাচিন, প্ৰীতি জিন্তা, মন্নৰা চোপ্ৰা, মিষ্টাৰ ফাইছু ৷

লগতে পঢ়ক : চিকিৎসালয়ত সদগুৰুক দেখি আৱেগিক হৈ পৰিল কংগনা ৰনৌত - Sadhguru

Last Updated : March 25, 2024 at 2:58 PM IST