ETV Bharat / entertainment

‘সূৰ্যকণ্ঠ’ জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠান

বি বৰুৱা কলেজত প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠান ৷

zubeen garg
জুবিন গাৰ্গ (Photo : Roopkar Cine Enterprise)
author img

By ETV Bharat Entertainment Team

Published : October 13, 2025 at 4:35 PM IST

|

Updated : October 14, 2025 at 12:49 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : জুবিন গাৰ্গে এটা আদৰ্শ আগত ৰাখি আমাক পোন হৈ কথা ক'বলৈ শিকালে - বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত বি বৰুৱা কলেজৰ ড৹ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অলপতে আয়োজিত 'সূৰ্যকণ্ঠ' জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানত মুখ্য স্মৃতিচাৰক হিচাপে ভাষণ প্ৰদান কৰি এইদৰে কয় জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই ।

প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিভাৰ সন্দৰ্ভত আলোকপাত কৰি সাংবাদিক শৰ্মাই জুবিন গাৰ্গক কেৱল গায়ক হিচাপেই সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি বুলি উল্লেখ কৰি কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক অভিনেতা, চলচ্চিত্র পৰিচালক হিচাপে তেওঁ অসামান্য প্ৰতিভাৰ স্বাক্ষৰ ৰাখি গৈছে বুলিও কয় ।

zubeen garg
স্মৃতিগ্ৰন্থ (Photo : Roopkar Cine Enterprise)

সংগীত শিল্পীগৰাকীৰ কৰ্ম জীৱনৰ বিভিন্ন বিষয় সন্দৰ্ভত বিশ্লেষণ কৰি সাংবাদিক শৰ্মাই জুবিন গাৰ্গে অসমীয়া সংগীতত এক নতুন ধাৰাৰ সৃষ্টি কৰি জাতীয় জীৱনক সমৃদ্ধ কৰি থৈ গ'ল বুলিও মন্তব্য কৰে ।

‘সূৰ্যকণ্ঠ’ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে আৰম্ভ হোৱা স্মৃতিচাৰণ অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ সাধাৰণ সম্পাদক ড৹ বিজয় শংকৰ গোস্বামীয়ে ৷ বি বৰুৱা কলেজৰ সৈতে জুবিন গাৰ্গৰ সম্পৰ্ক সন্দৰ্ভত বিস্তৃতভাৱে কয় কলেজৰ অধ্যক্ষ ড৹ সত্যেন্দ্ৰনাথ বৰ্মনে ।

এই স্মৃতিচাৰণ সভাখনেৰে ৰজিতা খুৱাই প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰে জুবিন গাৰ্গৰ সংগীত জীৱনৰ সুদীৰ্ঘ দিনৰ সংগীতশিল্পী ক্ৰমে দিগন্ত ভাৰতী, দুদুল শইকীয়া আৰু ছবিন দাসে ।

zubeen garg
জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠান (Photo : Roopkar Cine Enterprise)

স্মৃতিচাৰণত দিগন্ত ভাৰতীয়ে সূৰ্যকণ্ঠৰ শিল্পী জীৱনৰ বিভিন্ন প্ৰসংগ উল্লেখ কৰি জুবিন গাৰ্গৰ সৈতে কাম কৰা সময়ৰ বহু কথা ব্যক্ত কৰে । জুবিন গাৰ্গে ৫০ বছৰতে ১০০ বছৰৰ কাম কৰি থৈ যোৱা বুলি উল্লেখ কৰে ভাৰতীয়ে ।

স্মৃতিগ্ৰন্থ ‘সূৰ্যকণ্ঠ’ৰ সম্পাদক তথা জুবিন গাৰ্গৰ স্কুলীয়া বন্ধু হেমচন্দ্র পাঠকে কৈশোৰৰ পৰা বিগত ৪০ বছৰ ধৰি বন্ধুত্বৰ সম্পৰ্কৰে বান্ধ খাই থকা শিল্পীগৰাকীৰ বহু কথাই মনত পেলায় ।

স্মৃতিচাৰণ সভাখনৰ সভাপতি তথা বি বৰুৱা কলেজৰ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ সভাপতি আৰু কলেজৰ অৱসৰী অধ্যাপক জগদীশ চন্দ্র গোস্বামীয়ে, ১৯৯২ চনত জুবিন গাৰ্গে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত পশ্চিমীয়া সংগীতত স্বৰ্ণ পদক লাভ কৰি কলেজখনলৈ কঢ়িয়াই অনা সন্মানৰ কথা প্ৰকাশ কৰি সেই সময়ত তেওঁ কলেজৰ দলটোৰ তত্বাবধায়ক হিচাপে আছিল বুলি কয় । সংগীত জীৱনৰ প্ৰাৰম্ভণিতে জুবিনক সেই সন্মানে তেওঁক বিশেষভাৱে অনুপ্রাণিত কৰিছিল বুলিও গোস্বামীয়ে অনুষ্ঠানত ব্যক্ত কৰে ।

অনুষ্ঠানৰে সংগতি ৰাখি বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দাস, ৰিয়াজ তালুকদাৰ, ড৹ নিজান পেগু, অংগৰিকা আয়ুসী বৰা, বিশাল কলিতা, জ্যেতিষ্মান কলিতা আদি শিল্পীসকলে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰে ।

গায়ক, গীতিকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক হিচাপে যি অবিস্মৰণীয় অৱদানেৰে জাতিক মহীয়ান কৰি থৈ গ’ল, সেয়া অসমীয়াই কৃতিজ্ঞতাৰে সুঁৱৰি থাকিব চিৰদিন, চিৰকাল । সাংস্কৃতিক-সামাজিক ক্ষেত্ৰত বিগত তিনিটা দশকক জুবিন যুগ বুলি অভিহিত কৰিব পাৰি, যিয়ে প্ৰমাণ কৰে - এই সময়ছোৱাত অসমৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত জুবিন গাৰ্গ নামৰ তেজ-মঙহৰ মানুহজনৰ প্ৰভাৱ ।

zubeen garg
জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠান (Photo : Roopkar Cine Enterprise)

উল্লেখ্য যে, এই অনুষ্ঠানতে জুবিন গাৰ্গে কণ্ঠদান কৰা শ্ৰব্য কেছেট আৰু চিডিৰ সংগ্ৰাহক নগাঁও জিলাৰ কলিয়াবৰ কুঁৱৰীতোলৰ চিন্ময় জ্যোতি শইকীয়াই বহু আপুৰুগীয়া কেছেট আৰু চিডি প্ৰদৰ্শন কৰাৰ লগতে কেছেটসমূহ টেপ ৰেকৰ্ডাৰত বজায় শুনায় ।

‘মায়াবিনী ৰাতিৰ বুকুত..’ গীতটিৰ সমূহীয়াভাৱে পৰিৱেশনেৰে সমাপ্ত হোৱা স্মৃতিচাৰণ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই ড৹ সত্যব্ৰত বৰুৱাই ।

লগতে পঢ়ক : আমি নেভাগৰো... আমি নেপাহৰো! ন্যায় আমাক লাগিবই... শিল্পী সমাজে আৰম্ভ কৰিলে ডিজিটেল প্ৰতিবাদ

Last Updated : October 14, 2025 at 12:49 PM IST