ETV Bharat / entertainment

সংগীতপ্ৰেমীৰ মাজলৈ আহিল 'এটি এটি কথা'

গুৱাহাটীস্থিত অ’ডিটেক ষ্টুডিঅ’ত মুকলি কৰা হয় এটি গীতৰ দৃশ্য-শ্ৰব্য সংস্কৰণ । বিশিষ্ট শিল্পী শান্তা উজীৰে উন্মোচন কৰে গীতটি ।

Audio-visual version of a song released at OdyTech Studio in Guwahati
সংগীতপ্ৰেমীৰ মাজলৈ সোণমনি হাজৰিকাৰ 'এটি এটি কথা' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 22, 2025 at 5:53 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: মুক্তি পালে এটি নতুন গীত শুকুৰবাৰে গুৱাহাটীৰ অ’ডিটেক ষ্টুডিঅ’ত এটি নতুন নিভাঁজ আৰু মিঠা অসমীয়া দৃশ্য-শ্ৰব্য গীত 'এটি এটি কথা' মুকলি কৰা হয় । গহপুৰৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী সুৰভী সোণমনি হাজৰিকাৰ শ্ৰুতিমধুৰ কণ্ঠৰে ৰোমান্টিক গীতটি উন্মোচন কৰে বিশিষ্ট শিল্পী শান্তা উজীৰে ।

উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সংগীতজ্ঞ মানস হাজৰিকা, জনপ্ৰিয় সংগীত পৰিচালক পলাশ গগৈ, সংগীতকাৰ দ্বীপ ৰাজবংশী, গায়ক চাজু আদিকে ধৰি সংগীত জগতৰ গণ্য-মান্য ব্যক্তিসকল ।

এগৰাকী নাৰীৰ সীমাহীন ভালপোৱাৰ এক অনুভূতি গীতটিত প্ৰকাশ কৰিব বিচৰা হৈছে আৰু এই অনুভূতিত পোৱা-নোপোৱাৰ সুখ-দুখৰ প্ৰতিফলন ঘটিছে । অপূৰ্ব কথা, সুৰ আৰু কণ্ঠৰ সংমিশ্ৰণে অনন্য মাত্ৰা প্ৰদান কৰা 'এটি এটি কথা' শীৰ্ষক দৃশ্য-শ্ৰব্য গীতটোত কণ্ঠশিল্পী সুৰভী সোণমনি হাজৰিকাই কণ্ঠদান কৰাৰ লগতে সুৰ আৰু ৰচনা কৰিছে । সাৱলীল শব্দৰে ভৰা গীতটিয়ে শিল্পী সুৰভী সোণমনি হাজৰিকাক তেওঁৰ গায়নশৈলীত পূৰ্ণতা প্ৰকাশ কৰাত সহায় কৰিছে ।

Audio-visual version of a song released at OdyTech Studio in Guwahati
বিশিষ্ট শিল্পী শান্তা উজীৰে উন্মোচন কৰে গীতটি (ETV Bharat Assam)

গীতটিৰ অনুভূতি আৰু প্ৰকাশক জনপ্ৰিয় সংগীত পৰিচালক পলাশ গগৈৰ সাৱলীল সংগীত পৰিচালনাই অধিক শ্ৰুতিমধুৰ কৰি তুলিছে । গীতিটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছে অপুৰাজ গগৈয়ে । গীতটিত ভিডিঅ’ৰ ৰূপ দিছে চিনেমাটোগ্ৰাফাৰ অম্লান জ্যোতি ৰাজখোৱাই ।

Audio-visual version of a song released at OdyTech Studio in Guwahati
গীতটিৰ প'ষ্টাৰ (ETV Bharat Assam)

গীতটিৰ সংমিশ্ৰণ কৰিছে মানস হাজৰিকা আৰু পিংকু দাসে । আবেদনময়ী আৰু নিভাঁজ দৃশ্য-শ্ৰাব্য গীতটিত অভিনয় কৰিছে দীপাংকৰ মহন্ত, জুনু নাথ, অনুষ্কা কাশ্যপ, আমাইৰা দিত্য আৰু সুৰভী সোণমনি হাজৰিকাই ।

এছ এছ প্ৰডাকচনৰ দ্বাৰা নিবেদিত 'এটি এটি কথা' গীতটি ইতিমধ্যে ইউটিউব চেনেলযোগে সংগীতপ্ৰেমীসকলৰ বাবে মুকলি কৰি দিয়া হৈছে ।

লগতে পঢ়ক: অভিশ্ৰুতি বেজবৰুৱাই এইবাৰ ৰঙালীক টানিব ‘বৰ বিহু’ৰে - ABHISHRUTI BEZBARUAH BIHU SONG

শংকুৰাজৰ উদ্যোগত ক’ক ষ্টুডিঅ’ত বাণীবদ্ধ থলুৱা গীত ‘হলো লোলো’ - MORAN COMMUNITY HOLO LOLO SONG