ETV Bharat / entertainment

কেন্সাৰৰ সৈতে যুঁজি অৱশেষত 57 বছৰ বয়সত মৃত্যুক সাৱটিলে অভিনেতা অতুল পাৰচুৰেই

Atul Parchure: মাৰাঠী আৰু হিন্দী চিনেমাৰ বিখ্যাত অভিনেতা অতুল পাৰচুৰেই সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ মৃত্যুত সহকৰ্মীসকলে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

atul parchure dies at 57 after cancer battle arjun kapoor sachin pilgaonkar others mourn the loss
অভিনেতা অতুল পাৰচুৰেৰ মৃত্যু (Photo: ANI)
author img

By ETV Bharat Entertainment Team

Published : October 15, 2024 at 12:05 PM IST

3 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 15 অক্টোবৰ : দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি 57 বছৰ বয়সত মৃত্যু হোৱা প্ৰবীণ অভিনেতা অতুল পাৰচুৰেক হেৰুৱাই ভাৰতীয় চলচ্চিত্ৰ জগতখন শোকত ভাগি পৰিছে । সোমবাৰে তেওঁৰ মৃত্যুৱে অনুৰাগী আৰু সহকৰ্মীসকলক স্তম্ভিত কৰি তুলিছে ৷ সমগ্ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সকলোৱে শ্ৰদ্ধাঞ্জলি যাঁচিছে তেওঁক । মাৰাঠী আৰু হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনত পাৰচুৰে বহুমুখী অভিনয় আৰু তেওঁৰ হাস্যৰসিক স্বভাৱৰ বাবে পৰিচিত আছিল ।

তেওঁৰ মৃত্যুৰ বাতৰিটোৱে চলচ্চিত্ৰ জগতত গভীৰভাৱে প্ৰভাৱ পেলাইছে । অভিনেতা অৰ্জুন কাপুৰে ছ'চিয়েল মিডিয়াত দুখ প্ৰকাশ কৰি লিখিছে, “মই কেতিয়াও তেওঁৰ সৈতে কাম কৰাৰ সুযোগ পোৱা নাছিলো, কিন্তু তেওঁ যি ভূমিকাই নকৰক কিয় তেওঁক সদায় আকৰ্ষণীয় ব্যক্তি যেন লাগিছিল । বহু বছৰ ধৰি ৰোগটোৰ সৈতে যুঁজি থকা স্বত্বেও তেওঁক কৰ্কট ৰোগটোৱে লৈ গ’ল । তেওঁৰ আত্মাই শান্তি লাভ কৰক ।”

atul parchure dies at 57 after cancer battle arjun kapoor sachin pilgaonkar others mourn the loss
অভিনেতা অতুল পাৰচুৰেৰ মৃত্যু (Instagram Story)
atul parchure dies at 57 after cancer battle arjun kapoor sachin pilgaonkar others mourn the loss
অভিনেতা অতুল পাৰচুৰেৰ মৃত্যু (Instagram Story)
atul parchure dies at 57 after cancer battle arjun kapoor sachin pilgaonkar others mourn the loss
অভিনেতা অতুল পাৰচুৰেৰ মৃত্যু (Instagram Story)
atul parchure dies at 57 after cancer battle arjun kapoor sachin pilgaonkar others mourn the loss
অভিনেতা অতুল পাৰচুৰেৰ মৃত্যু (Instagram Story)

অভিনেতা শচীন পিলগাৱকাৰে ইনষ্টাগ্ৰামত শোক প্ৰকাশ কৰি অতুলৰ এখন ফটো শ্বেয়াৰ কৰিছে । জাৰ্মান অভিনেত্ৰী চুজান বাৰ্ণাৰ্টে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখিছে, “আমাৰ এজন বন্ধুক বিদায় । অখিল আৰু মই দুয়ো তেওঁৰ সৈতে কাম কৰিছিলো, আৰু তেওঁ নিজেই ছানশ্বাইন আছিল- ৰসিক, বিবেচনাশীল আৰু এজন ভাল অভিনেতা । ওম শান্তি #atulparchure।”

ৰেনুকা শ্বাহানেই প্ৰয়াত অভিনেতাগৰাকীক সন্মান জনাই তেওঁলোক একেলগে থকা এখন ফটো তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীজত শ্বেয়াৰ কৰি কেপশ্যনত লিখে, “অতুল, মিত্ৰা”। সুপ্ৰিয়া পিলগাৱকাৰেও তেওঁৰ এখন ফটোৰ সৈতে আন্তৰিক শ্ৰদ্ধাঞ্জলি পোষ্ট কৰি লিখে, “প্ৰিয় বন্ধু, এনেকুৱা হ’ব নালাগিছিল । ইমান যুঁজিলে আৰু বহুত সহ্য কৰিলে । আপোনাক সদায় মিছ কৰা হ’ব, বিশেষকৈ আপোনাৰ হাঁহিটো । আপোনাৰ... আত্মাই শান্তি লাভ কৰক, আৰু আপোনাৰ পৰিয়ালে এই যন্ত্ৰণা সহ্য কৰিবলৈ শক্তি বিচাৰি পাওক ।”

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই থিয়েটাৰ, চলচ্চিত্ৰ আৰু দূৰদৰ্শনলৈ পাৰচুৰেৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা উল্লেখ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সিন্দেই লিখে, “তেওঁৰ অকাল মৃত্যু বেদনাদায়ক ।”

এটা টক শ্ব’ৰ সময়ত এক আন্তৰিক বাৰ্তালাপত পাৰচুৰেই কেন্সাৰৰ সৈতে হোৱা যুদ্ধৰ কথা প্ৰকাশ কৰি শ্বেয়াৰ কৰে যে তেওঁৰ লিভাৰত 5 চে.মি.ৰ টিউমাৰ ধৰা পৰিছে । চিকিৎসাৰ সময়ত তেওঁ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, য’ত ভুল নিৰ্ণয়ৰ ফলত তেওঁৰ অৱস্থা আৰু বেছি বেয়া হৈ পৰিছিল । তেওঁ কয়, “ৰোগ নিৰ্ণয়ৰ পিছত মোৰ প্ৰথমটো প্ৰক্ৰিয়া ভুল হৈছিল, যাৰ ফলত মোৰ পেনক্ৰিয়াছত প্ৰভাৱ পৰিছিল আৰু বিভিন্ন জটিলতাৰ সৃষ্টি হৈছিল ।” চিকিৎসক সলনি কৰি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাৰ পিছত তেওঁ সুস্থ হোৱাৰ আশা কৰিছিল যদিও অৱশেষত সোমবাৰে মৃত্যুবৰণ কৰে ।

তেওঁ অসংখ্য টেলিভিছন শ্ব’ৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল, তাৰ ভিতৰত উল্লেখনীয় আছিল দ্য কপিল শৰ্মা শ্ব’, য’ত তেওঁ নিজৰ কমেডী প্ৰতিভা প্ৰদৰ্শন কৰিছিল । তেওঁৰ ফিল্মগ্ৰাফীত নৱৰা মাঝা নৱছাচা, চালাম-এ-ইছক, পাৰ্টনাৰ আৰু খাট্টা মিঠাৰ দৰে জনপ্ৰিয় ছবি আছে ।

লগতে পঢ়ক : ৰতন টাটা ভাৰতৰ এজন প্ৰকৃত পুত্ৰ : ৰজনীকান্ত