প্ৰথমটো কেম’ থেৰাপীৰ পূৰ্বে এৱাৰ্ড অনুষ্ঠান পালেগৈ হিনা - Hina Khan post on cancer battle
Hina Khan post on cancer battle: টিভি জগতৰ মোহময়ী অভিনেত্ৰী হিনা খানে অলপতে স্তন কেন্সাৰৰ তৃতীয় পৰ্যায়ত আক্ৰান্ত হোৱাৰ কথা অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰে ৷ তেওঁৰ গোপনীয়তাৰ অধিকাৰক যাতে অনুৰাগীসকলে সন্মাই জনাই তাৰ বাবে অনুৰোধ কৰি সকলোৰে পৰা প্ৰাৰ্থনা আৰু আশীৰ্বাদ কামনা কৰে তেওঁ ৷ তেওঁৰ শেহতীয়া পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁৰ প্ৰথমটো কেম’ থেৰাপীৰ পূৰ্বে তেওঁ এটা এৱাৰ্ড শ্ব’ত ভাগ ল’বলৈ যায় ৷

By ETV Bharat Entertainment Team
Published : July 2, 2024 at 10:13 AM IST
চিটাৰা ডেস্ক, 2 জুলাই : অভিনেত্ৰী হিনা খানে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে তেওঁ তৃতীয় পৰ্যায়ৰ স্তন কৰ্কট ৰোগত আক্ৰান্ত হৈছে । উপস্থাপনশৈলী আৰু শক্তিশালী মনোভাৱৰ বাবে জনাজাত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অনুৰাগী আৰু উদ্যোগটোৰ বন্ধুসকলৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে ।
এই দুখদায়ক খবৰটোৰ পিচতো হিনা কিন্তু কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ, ৰোগটোক পৰাস্ত কৰিবলৈ আৰু জিকি আহিবলৈ সম্পূৰ্ণৰূপে সংকল্পবদ্ধ তথা উৎসাহিত হৈ আছে ৷ তেওঁ আনকি আন কৰ্কট ৰোগীসকলক শক্তিশালী হৈ থাকিবলৈ আৰু তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'বলৈ উৎসাহিত কৰিছে ।
কেইঘণ্টামানৰ পূৰ্বে খানে চিকিৎসালয়ৰ পৰা তেওঁৰ প্ৰথম কেম’ থেৰাপী আৰম্ভ কৰাৰ আগৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে ৷ এটা ইভেণ্টত অংশগ্ৰহণ কৰাৰ ঠিক পিচতে হিনা হাস্পতাল পাইগৈ । ভিডিঅ'টোত হিনাই ৰেড কাৰ্পেটত ফটোগ্ৰাফাৰৰ বাবে প’জ দিয়া আৰু ইভেণ্টত এটা পুৰস্কাৰ গ্ৰহণ কৰা দেখা গৈছে ।
ভিডিঅ’টোৰ লগতে বিগ বছ ১১ ৰ অংশগ্ৰহণকাৰীগৰাকীয়ে নিজৰ অভিজ্ঞতাৰ বিশদ বিৱৰণ দি এটা দীঘলীয়া কেপশ্যন লিখিছে । তেখেতে লিখিছে: "এই এৱাৰ্ডৰ নিশা, মই মোৰ কেন্সাৰ ৰোগৰ বিষয়ে জানিছিলো, কিন্তু মই ইয়াক স্বাভাৱিক কৰাটো সিদ্ধান্ত কৰিলো - কেৱল নিজৰ বাবেই নহয়, আমাৰ সকলোৰে বাবে । এইটোৱেই আছিল সেইটো দিন যিয়ে সকলো সলনি কৰি দিছিল, মোৰ জীৱনৰ আটাইতকৈ প্ৰত্যাহ্বানমূলক সময়ৰ আৰম্ভণিৰ ইংগিত দিছিল ।"
তেওঁ আগলৈ কয়, "আমি যি বিশ্বাস কৰো সেয়াই হৈ পৰে আৰু মই এই প্ৰত্যাহ্বানটো নিজকে পুনৰ উদ্ভাৱন কৰাৰ সুযোগ হিচাপে ল’বলৈ সিদ্ধান্ত লৈছো । মই মোৰ প্ৰথম সঁজুলি হিচাপে ইতিবাচকতাৰ মনোভাৱ ধৰি ৰাখিবলৈ সিদ্ধান্ত লৈছো । মই মোৰ বাবে এই অভিজ্ঞতাটো স্বাভাৱিক কৰিবলৈ বাছনি কৰিছো আৰু মই সচেতনভাৱে মই বিচৰা ফলাফলটো প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছো ।"
লগতে লিখা আছে, "মোৰ প্ৰথম কেম’ৰ ঠিক আগতে মই লাভ কৰা এই বঁটাটো কেৱল মোৰ অনুপ্ৰেৰণা নাছিল, দৰাচলতে মই এই অনুষ্ঠানটোত উপস্থিত থাকি নিজকে আশ্বস্ত কৰিছিলো যে মই নিজৰ বাবে স্থাপন কৰা মানদণ্ড অনুসৰি মই সঠিকভাৱেই জীয়াই আছো । মাইণ্ড অভাৰ মেটাৰ । মই অনুষ্ঠানটোত উপস্থিত হৈছিলো আৰু মোৰ প্ৰথম কেম’ৰ বাবে পোনপটীয়াকৈ চিকিৎসালয়লৈ গৈছিলো ।"
২৮ জুনত হিনাই প্ৰকাশ কৰিছিল যে তেওঁৰ ষ্টেজ ৩ স্তন কেন্সাৰ হৈছে । পেছাদাৰী ফ্ৰণ্টত অভিনেত্ৰীগৰাকীয়ে ‘য়ে ৰিষ্টা ক্যা কেহলাতা হে’ ত অভিনয় কৰি বহু স্বীকৃতি লাভ কৰে । কছৌউটি জিন্দেগী কে ত বিৰোধী কোমোলিকাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেও তেওঁ সুপৰিচিত ।

