আথিয়া শ্বেট্টী-কে এল ৰাহুলৰ ড্ৰিমী কেণ্ডেল লাইট ডিনাৰ; এনেদৰে উদযাপন কৰিছিল প্ৰথম বিবাহ বাৰ্ষিকী - Athiya KL Rahul Wedding Anniversary
Athiya Shetty KL Rahul First Wedding Anniversary: ২০২৪ চনৰ জানুৱাৰী মাহত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে আড়ম্বৰপূৰ্ণভাৱে প্ৰথম বিবাহ বাৰ্ষিকী উদযাপন কৰিছিল । শেহতীয়াকৈ এই দম্পতীটোৰ পূৰ্বে নেদেখা কিছু ফটো সামাজিক মাধ্যমত প্ৰকাশ পাইছে ৷

Published : June 19, 2024 at 1:02 PM IST
|Updated : June 19, 2024 at 1:39 PM IST
চিটাৰা ডেস্ক, 19 জুন: ২০২৩ চনৰ জানুৱাৰী মাহত জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল আৰু বলীউডৰ অভিনেত্ৰী আথিয়া শ্বেট্টী বিবাহপাশত আবদ্ধ হৈছিল । পিতৃ, অভিনেতা সুনীল শ্বেট্টীৰ খাণ্ডালা ফাৰ্ম হাউচত বিবাহপাশত আবদ্ধ হয় অভিনেত্ৰীগৰাকী । শেহতীয়াকৈ মুম্বাইৰ এখন ৰেস্তোৰাঁৰ পৰা তেওঁলোকৰ প্ৰথম বিবাহ বাৰ্ষিকী উদযাপনৰ পূৰ্বে নেদেখা কিছু ফটো পোহৰলৈ আহিছে ।
মঙলবাৰে The Private Chefs Club নামৰ এখন ৰেস্তোৰাঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম প্ৰ’ফাইলত আথিয়া আৰু কে এল ৰাহুলৰ কেণ্ডেল লাইট ডিনাৰৰ কেইখনমান ফটো দেখিবলৈ পোৱা গৈছে । শ্বেফ আৰু তেওঁৰ দলটোৰ সৈতে প’জ দি থকাৰ সময়তে দম্পতীটোৱে ফটো ক্লিক কৰে ৷
আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে মুম্বাইৰ এখন ৰেস্তোৰাঁত গ্ৰেণ্ড ষ্টাইলত তেওঁলোকৰ প্ৰথম বিবাহ বাৰ্ষিকী উদযাপন কৰে । ১৮ জুনত ৰেস্তোৰাঁখনৰ ইনষ্টাগ্ৰাম একাউণ্টত দম্পতীটোৰ ৰোমাণ্টিক চেলিব্ৰেশ্বনৰ কিছু ছবি পোষ্ট কৰিছিল ৷ য’ত লিখা আছিল ‘Can’t keep this core memory private anymore’। মৰমলগা আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলৰ প্ৰথম বিবাহ বাৰ্ষিকীৰ বাবে ছাৰপ্ৰাইজ ডিনাৰৰ আভাস আগবঢ়ালো ।
প্ৰথম ছবিখনত আঠিয়া আৰু কে এল ৰাহুলক কেণ্ডেলাইট ডিনাৰৰ সময়ত কেমেৰাৰ সন্মুখত প’জ দিয়া দেখা গৈছে । ছবিৰ চিৰিজত এজন শ্বেফ আছে, যিয়ে তেওঁলোকৰ বাবে সোৱাদযুক্ত নৈশ আহাৰ প্ৰস্তুত কৰা দেখা গৈছে । এখন ছবিত শ্বেফৰ দলটোৰ সৈতে থিয় হৈ কেমেৰাৰ সন্মুখত হাঁহি হাঁহি ফটোৰ বাবে প’জ দিছে দম্পতীটোৱে । আনকেইখন ছবিত আথিয়াক সোৱাদযুক্ত খাদ্যৰ ফটো শ্বেয়াৰ কৰা দেখা গৈছে ।
এই পোষ্টটোত আথিয়াই মন্তব্য কৰিছে । লগতে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে । পোষ্টটোৰ কমেণ্ট ছেকশ্বনত দলটোক প্ৰশংসা কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, ৰেড হাৰ্ট ইম’জিৰে সৈতে ‘বেষ্ট’।
আথিয়া শ্বেট্টীৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী
২০২৪ চনৰ ২৩ জানুৱাৰীত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে বিবাহৰ এবছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰে । এই উপলক্ষে দম্পতীটোৱে ইনষ্টাগ্ৰামত এটা ৰোমাণ্টিক ভিডিঅ’ পোষ্ট কৰি নিজৰ এই বিশেষ দিনটো উদযাপন কৰে । ক্লিপটোত আথিয়া আৰু কে এল ৰাহুলে একেলগে কটোৱা ৰোমাণ্টিক মুহূৰ্তৰ লগতে তেওঁলোকৰ বিবাহৰ স্মৰণীয় আভাসো দেখিবলৈ পোৱা গৈছিল ।
লগতে পঢ়ক: অনুষ্কা-আথিয়াক লৈ মন্তব্য কৰি ছ’চিয়েল মিডিয়াত ট্ৰ’ল হ’ল হৰভজন সিং

