ETV Bharat / entertainment

আথিয়া-ৰাহুলে আদৰিলে নতুন সদস্য, ককা সুনীল শ্বেট্টীৰ উলাহে নধৰা মন- চাৰিওফালৰ পৰা অভিনন্দনৰ জোৱাৰ - ATHIYA SHETTY KL RAHUL BABY

আথিয়া শ্বেট্টী-কে এল ৰাহুলে তেওঁলোকৰ অনুৰাগীক দিলে ভাল খবৰ । প্ৰথমটি সন্তানক আদৰণি জনাইছে দম্পতীটোৱে ।

Athiya shetty KL Rahul welcomed a baby girl grandfather Suniel Shetty showered love mom-to-be Kiara Advani and others congratulated them
আথিয়া-ৰাহুলে আদৰিলে নতুন সদস্য (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : March 25, 2025 at 12:19 PM IST

3 Min Read

হায়দৰাবাদ : বলীউডৰ প্ৰবীণ অভিনেতা সুনীল শ্বেট্টীৰ ঘৰত সকলোৰে গা সাতখন-আঠখন । পৰিয়াললৈ আগমন ঘটিছে নতুন সদস্যৰ ৷ সুনীল শ্বেট্টী হৈ পৰিছে ককা । অভিনেতাগৰাকীৰ তাৰকা কন্যা আথিয়া শ্বেট্টীয়ে জন্ম দিলে এটি কন্যা সন্তানৰ । আথিয়া আৰু তেওঁৰ ক্ৰিকেটাৰ তাৰকা স্বামী কে এল ৰাহুলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই ভাল খবৰটো সকলোৰে সৈতে শ্বেয়াৰ কৰে ৷ খবৰ পোৱাৰ পিছত ছবি জগতৰ বহু তাৰকাই দম্পতীটোক অভিনন্দন জনাইছে ।

২৪ মাৰ্চৰ গভীৰ নিশা আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে যৌথভাৱে এটা পোষ্ট শ্বেয়াৰ কৰে । পোষ্টটোত লিখা আছে, "এগৰাকী ছোৱালীৰ সৈতে ধন্য ।" ২৪ মাৰ্চত জন্মগ্ৰহণ কৰে কন্যা সন্তানটিয়ে । পোষ্টটোত আৰু লিখা আছে, “২৪-০৩-২০২৫ ৷” এয়া দম্পতীটোৰ প্ৰথম সন্তান ।

Athiya shetty KL Rahul welcomed a baby girl grandfather Suniel Shetty showered love mom-to-be Kiara Advani and others congratulated them
তাৰকাৰ শুভেচ্ছা (Photo : Instagram)

সুনীল শ্বেট্টীয়েও নিজৰ অনুৰাগীক এই ভাল খবৰটো দিছে । তেওঁ আথিয়া-কে এল ৰাহুলৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীটো পুনৰ পোষ্ট কৰি নজৰ আৰু ক’লা হৃদয়ৰ ইম’জী যোগ কৰে । একে সময়তে আহান শ্বেট্টীয়েও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ভগ্নীৰ পোষ্টটো পুনৰ পোষ্ট কৰি অনুৰাগীসকলক কয় যে তেওঁ মামা হৈ পৰিছে ।

সুনীল শ্বেট্টীৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo : Instagram)

দম্পতীটোৱে এই সুখৰ খবৰটো শ্বেয়াৰ কৰাৰ লগে লগে উদ্যোগটোৰ বন্ধু-বান্ধৱী আৰু অনুৰাগীসকলে অভিনন্দন আৰু ৰঙা হৃদয়ৰ ইম’জীৰে কমেণ্ট ছেকশ্যনটো বুৰাই পেলায় । বলীউডৰ অভিনেত্ৰী নিম্ৰত কৌৰে মন্তব্য কৰে, “অভিনন্দন বন্ধুসকল ।” গৰ্ভাৱস্থা উপভোগ কৰি থকা কিয়াৰা আদৱানীয়েও ৰঙা হৃদয়ৰ ইম’জীৰে মনৰ ভাৱ প্ৰকাশ কৰে ৷ টাইগাৰ শ্ৰফে ৰঙা হৃদয়ৰ ইম’জীৰে প্ৰেম প্ৰকাশ কৰে । শ্বানায়া কাপুৰে লিখিছে, “অভিনন্দন ।” একেদৰে অৰ্জুন কাপুৰ, অনন্যা পাণ্ডে, সোণাক্ষী সিনহাকে আদি কৰি বহুতে নতুন পিতৃ-মাতৃক শুভেচ্ছা জ্ঞাপন কৰে ৷

যোৱা বছৰৰ নৱেম্বৰ মাহত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে ইনষ্টাগ্ৰামত গৰ্ভধাৰণৰ খবৰ শ্বেয়াৰ কৰিছিল । টোকাটোত লিখা আছিল, “আমাৰ সুন্দৰ আশীৰ্বাদ অতি সোনকালে আহি আছে । ২০২৫ চনত ।” ১২ মাৰ্চত অভিনেত্ৰীগৰাকীয়ে কে এল ৰাহুলৰ সৈতে তেওঁৰ মেটাৰ্নিটী শ্বুটৰ ফটো শ্বেয়াৰ কৰে । ফটোবোৰৰ লগত কেৱল লিখা আছিল, “অ’ বেবী ।” ফটোবোৰত আথিয়াই স্বামীৰ সৈতে মৰমেৰে পোজ দি নিজৰ বেবী বাম্পটো প্ৰদৰ্শন কৰে । এখন ফটোত আথিয়াক চোফা এখনত বহি থকা দেখা গৈছে আৰু কে এল ৰাহুলে পত্নীৰ কোলাত মূৰ থৈ মৰমেৰে চাই থকা দেখা গৈছে ।

আথিয়া শ্বেট্টী আৰু কে এল ৰাহুল প্ৰথমবাৰৰ বাবে সংস্পৰ্শলৈ আহিছিল ২০১৯ চনৰ জানুৱাৰী মাহত এজন উমৈহতীয়া বন্ধুৰ জৰিয়তে ৷ নিমিষতে আথিয়া আৰু ৰাহুল ভাল বন্ধু হৈ পৰে । ক্ৰমান্বয়ে তেওঁলোকৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ উঠে । কেইবাবছৰ ধৰি ডেট কৰাৰ পিছত ২০২৩ চনত বিবাহপাশত আবদ্ধ হয় দুয়ো । খান্দালাৰ সুনীল শ্বেট্টীৰ ফাৰ্ম হাউচত ঘনিষ্ঠ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত তেওঁলোকৰ বিবাহ সম্পন্ন হয় ৷

লগতে পঢ়ক : ঐশ্বৰ্যই ফোন কৰি কথা পাতিম বুলি ক’লেই মানসিক চাপত ভোগে অভিষেক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.