অসম সন্তান অনুৰাগ শইকীয়াৰ সৃষ্টি ‘ইস্ক হে’ শুনিলেই মন যায় প্ৰেমত পৰিবলৈ
আইফা 2025 ত বেষ্ট টাইটেল ট্ৰেক এৱাৰ্ডেৰে সন্মানিত অসম সন্তান অনুৰাগ শইকীয়া ৷ অসমবাসীৰ বাবে এয়া নিশ্চয়কৈ গৌৰৱৰ বিষয় ৷

By ETV Bharat Entertainment Team
Published : March 11, 2025 at 12:38 PM IST
|Updated : March 11, 2025 at 3:13 PM IST
হায়দৰাবাদ : অনুৰাগ শইকীয়া, অসমৰ ৰাইজৰ বাবে এটা সুপৰিচিত নাম, যি নিজৰ সৃষ্টিৰে এটুকুৰা বিশেষ ঠাই মানুহৰ হৃদয়ত দখল কৰি ল’বলৈ সক্ষম হৈছে ৷ পিছে এই নাম কেৱল এতিয়া অসমতে নহয়, দেশৰ লগতে বিদেশতো বিখ্যাত ৷ শেহতীয়াকৈ অনুৰাগ শইকীয়াই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ এবাৰ নিজৰ প্ৰতিভা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে ৷ পুনৰ এবাৰ অসম সন্তান বুলি গৌৰৱ কৰিব পৰাকৈ সুবিধাকণ দিলে আমাক শইকীয়াই ৷
আইফা 2025 এ এইবছৰ ইয়াৰ 25 সংখ্যক সংস্কৰণ উদযাপন কৰিছে ৷ হিন্দী চিনেমাৰ বাবে উৎসৰ্গিত ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান ফিল্ম একাডেমী এৱাৰ্ড চমুকৈ আইফাৰ মঞ্চত এইবছৰ সকলোৰে সন্মুখত বঁটা হাতত তুলি ল’লে অনুৰাগ শইকীয়াই ৷ অসমৰ অনুৰাগ শইকীয়াই মিছমেটচ ছিজন 3-ৰ পৰা তেওঁৰ প্ৰাণৱন্ত সৃষ্টি ‘ইস্ক হে’ৰ বাবে আইফা ডিজিটেল এৱাৰ্ডচ 2025-ত সন্মানীয় 'শ্ৰেষ্ঠ টাইটেল ট্ৰেক' বঁটা লাভ কৰিছে ।
প্ৰতিবছৰে বিশ্বৰ বিভিন্ন দেশত অনুষ্ঠিত হোৱা আইফা এইবছৰ জয়পুৰত অনুষ্ঠিত হয় ৷ আইফা 2025 এ ডিজিটেল মনোৰঞ্জনৰ ক্ষেত্ৰখনৰ উৎকৃষ্ট সৃষ্টিসমূহক উদযাপন কৰে ৷ তুমুল প্ৰতিযোগিতাৰ মাজত অনুৰাগ বিৰচিত প্ৰেম প্ৰেম লগা গানটো শীৰ্ষত থাকে ৷ অবলং ছিঅনিৰ সৈতে ৰচিত আৰু ৰমী, অমৰাভা বেনাৰ্জী, বৰুণ জৈন আৰু মধুবান্তী বাগচীৰ কণ্ঠস্বৰেৰে নিগৰিত "ইস্ক হে"ৰ কথা ৰাজ শেখৰৰ ৷ গীতটোৰ আৱেগিক গভীৰতা আৰু উজ্জ্বলতাই শ্ৰোতা-দৰ্শকক বাৰুকৈয়ে আকৰ্ষিত কৰিছে ।
শইকীয়াই সামাজিক মাধ্যমৰ জৰিয়তে বঁটা লাভৰ খবৰটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁক অভিনন্দন জনাই কয়, "সঁচাকৈয়ে অতি ভাললগা বতৰা যে অসমৰ বহু উজ্জ্বল তাৰকাই বলীউডত এক স্থান লাভ কৰি নিজৰ লগতে আমাৰ ৰাজ্যৰো নাম উজলাইছে ৷ অতি প্ৰতিভাৱান সংগীতজ্ঞ অনুৰাগ শইকীয়াই বলীউডৰ প্ৰতিষ্ঠিত শিল্পীক পিছ পেলাই মিছমেথছড ছীজন-৩ত ‘ইস্ক হে’ শীৰ্ষক গীতটিৰ বাবে শোভা ৰিয়েলিটী আইফা ডিজিটেল এৱাৰ্ড লাভ কৰিছে ৷ এই খবৰে আমাক আহ্লাদিত কৰিছে ৷ ন ন সৃষ্টি আৰু স্বপ্ৰতিভাৰে ভৱিষ্যতৰ দিনত তেওঁ আকৌ উজলি উঠক, সেয়াই কামনা কৰিলোঁ ৷ অনুৰাগলৈ আন্তৰিক অভিনন্দন ৷
লগতে তেওঁ লিখে, "I am really happy to see more of Assam’s shining stars making it BIG in Bollywood. Many congratulations to the extremely talented Anurag Saikia, for beating established Veterans and securing the Best Title Track Awards at IIFA for ‘Ishq Hai’ from Mismatched.।"
এই বিজয়ে অসমবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত চিহ্নিত কৰে, যি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাজ্যখনৰ সমৃদ্ধ প্ৰতিভা প্ৰদৰ্শন কৰে । অসমৰ বাসিন্দা অনুৰাগ শইকীয়া দীৰ্ঘদিন ধৰি সংগীতৰ ক্ষেত্ৰখনত এটি তাৰকা হৈ ধৰা দিছে আৰু এতিয়া তেওঁৰ এই কৃতিত্বই বলীউডত তেওঁৰ বৰ্ধিত প্ৰভাৱক প্ৰতিফলিত কৰে ।
অনুৰাগী আৰু স্থানীয় শিল্পীসকলে এই সাফল্যৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে ৷ পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰিব পৰাকৈ ই কেনেদৰে সহায়ক হ’ব সেয়াও বহুতে উল্লেখ কৰে । শইকীয়াৰ বিজয়ে কেৱল তেওঁৰ কেৰিয়াৰ উন্নত কৰাই নহয়, অসমলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই অনাৰ লগতে ভাৰতৰ সাংস্কৃতিক দৃশ্যপটতো তেওঁৰ স্থান সুদৃঢ় কৰিছে ।
লগতে পঢ়ক : কিৰণ ৰাওৰ লাপাতা লেডীজৰ আধিপত্য: কাৰ্তিক আৰিয়ানে পালে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা

