একেলগে জ্বলিল 10 হাজাৰ বন্তি: জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ মৰম
জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ অৰ্থে যোৰহাটত অনুষ্ঠিত হ’ব ভাওনা ।

By ETV Bharat Entertainment Team
Published : September 25, 2025 at 3:21 PM IST
যোৰহাট: সমগ্ৰ অসমবাসীক চিৰদিনৰ বাবে কন্দুৱাই অজান দেশলৈ গুচি গ'ল অসমীয়াৰ আৱেগ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ স্তব্ধ হৈ পৰিছে অসম ৷ শোকৰ সাগৰত ডুব গৈছে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে প্ৰত্যেকজন ব্যক্তি ।
জুবিনৰ মৃত্যু এতিয়াও সহজভাৱে ল’ব পৰা নাই অসমীয়াই ৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে মাথো কান্দিছে জুবিনৰ ফটোৰ সন্মুখত থিয় হৈ ৷ কিমান যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ! পিছ পৰি ৰোৱা নাই যোৰহাটো, জুবিনৰ নিজৰ ঠাই ৷
জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে যোৰহাটত বুধবাৰে নিশা একেলগে জ্বলি উঠিল 10 হাজাৰ বন্তি আৰু অনুষ্ঠিত হ’ল সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা । সকলোৱে বন্তি জ্বলাই মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই আৰু তেওঁৰ আত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা কৰে ।

যোৰহাটৰ অন্যতম ক্ৰীড়া সামাজিক, সাংস্কৃতিক অনুষ্ঠান পকামূৰা আঞ্চলিক ৰঙালী বিহু সমন্বয় গোষ্ঠীয়ে পকামূৰা লেহেতিয়ানি চাপৰিত অসমীয়া প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনাৰে এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো লোক একত্ৰিত হয় এই বৃহৎ কাৰ্যসূচীত ।
আনহাতে উক্ত লেহেতিয়ানি চাপৰিত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সদৌ অসম ভিত্তিত ৩১ অক্টোবৰ পৰা ১৬ নবেম্বৰলৈ ৩১ খন ভাওনা অনুষ্ঠিত কৰা হ'ব । উক্ত ভাওনালৈ জুবিন গাৰ্গৰ পৰিয়ালৰ লোকৰ লগতে মুখ্যমন্ত্ৰীকো নিমন্ত্ৰণ জনোবাৰ কথা জানিবলৈ দিয়ে উদ্যোক্তাই ।

উদ্যোক্তাৰ ভাষ্য, “যোৰহাটৰ অন্যতম ক্ৰীড়া, সামাজিক সাংস্কৃতিক অনুষ্ঠান পকামূৰা আঞ্চলিক ৰঙালী বিহু সমন্বয় গোষ্ঠীয়ে জুবিন গাৰ্গৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে পকামূৰা লেহেতিয়ানি চাপৰিত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো লোক একত্ৰিত হৈ ১০ হাজাৰ গছি বন্তি প্ৰজ্বলন কৰে । লগতে আত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা জনোৱাৰ লগতে এই স্থানতে এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰিলো ।”
লগতে পঢ়ক : জুবিনময় নেহৰুবালি; চিতাভস্ম সন্মুখত লৈ অনুৰাগীয়ে গালে মায়াবিনী

