ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ অসমৰ গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো আৱক্ষ প্ৰতিমূৰ্তি
লাহোৱালত প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন ৷ আৱেগিক পৰিৱেশত পত্নী, পিতৃ-মাতৃ, পুত্ৰৰ উপস্থিতিত উন্মোচন হ'ল আৱক্ষ প্ৰতিমূৰ্তি ৷

By ETV Bharat Entertainment Team
Published : June 21, 2025 at 12:53 PM IST
ডিব্ৰুগড় : জাতি-মাটি-ভেঁটিৰ গীত গাই ভালপোৱা প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল । ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ২নং ছাগলীকটা গাঁৱৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে নিশা ছাগলীকটা তিনিআলিত প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ।
২ নং ছাগলীকটা গাঁৱৰ ৰাইজে গাঁঠিৰ ধনেৰে গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰায় ২ লাখ ৫০ হাজাৰ টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিয়াইছে আৱক্ষ প্ৰতিমূৰ্তিটো । প্ৰয়াত গণশিল্পীগৰাকীৰ সহধৰ্মিনী উপাসনা বকলিয়ালে প্ৰতিমূৰ্তিত এখনি ফুলাম গামোচা পিন্ধাই আৱক্ষ প্ৰতিমূৰ্তিটো উন্মোচন কৰি আৱেগিক হৈ পৰে । আৰতি উৰুলিৰে ৰাইজৰ হিয়াৰ আমঠু প্ৰয়াত গণশিল্পীগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচনত চাৰিওদিশে ৰাইজৰ কান্দোনৰ ৰোল ৷
উন্মোচনী অনুষ্ঠানত গণশিল্পী ৰাজীৱ শদিয়াৰ পিতৃ-মাতৃ, পুত্ৰ, পৰিয়ালৰ লোক, মটক স্বায়ত্ব শাসিত পাৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া, পথাৰ শিল্পী ৰোহিত গগৈ, শিল্পী বিশ্বজিৎ খাটোৱালৰ লগতে অঞ্চলটোৰ শ শ ৰাইজ উপস্থিত থাকি ‘‘ৰাজীৱ শদিয়া জিন্দাবাদ’’, ‘‘ৰাজীৱ শদিয়া অমৰ হওক’’, ‘‘জয় আই অসম’’ ধ্বনি দি পৰিৱেশ আৱেগিক কৰি তোলে । গণশিল্পীগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত চাৰিওদিশে দেখা গৈছিল আৱেগিক পৰিৱেশ ।
উল্লেখ্য যে, এই বৰ্ষৰ ভোগালীৰ উৰুকাৰ দিনটো অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে আছিল দুখৰ দিন । তিনিচুকীয়াৰ ৰসবাৰী পৰ্যটন মেলাত গীত গাই থকাৰ মাজতে হঠাৎ ঢলি পৰি অসুস্থ হৈ পৰিছিল গণশিল্পী ৰাজীৱ শদিয়া । হৃদক্ৰিয়া বন্ধ হৈ পৰাত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে সকলোকে কন্দুৱাই কোনো দিন গান গাব নোৱাৰা এখন পৃথিৱীলৈ গুচি গ’ল ।

কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ অকাল মৃত্যুৱে চিৰদিনৰ বাবে খালী কৰি থৈ গ’ল সাংস্কৃতিক ক্ষেত্ৰখন । জাতি, মাটিৰ হকে গীত গাই কম সময়তে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা ৰাজীৱ শদিয়াক শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰিছিল হাজাৰ হাজাৰ ৰাইজে । ইয়াৰ মাজতে প্ৰিয় শিল্পীজনাক জীয়াই ৰাখিবলৈ লাহোৱালৰ ছাগলীকটা ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিলে গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো আৱক্ষ প্ৰতিমূৰ্তি ।
ৰাজীৱ শদিয়াক যি সন্মান দিছে সেই সন্মান তেওঁ পোৱাৰ যোগ্য
গণশিল্পী ৰাজীৱ শদিয়াৰ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত থাকি পথাৰ শিল্পী ৰোহিত গগৈয়ে কয়, “ৰাজীৱ শদিয়াক যি সন্মান দিছে সেই সন্মান তেওঁ পোৱাৰ যোগ্য । জীৱিত কালতেই তেওঁ এই সন্মান পাব লাগিছিল । তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ গীত ৰাইজে আঁকোৱালি লৈছে । জাতি আৰু মানুহৰ বাবে যিখিনি চিঞৰি গ'ল সেই কথা হৃদয়ংগম কৰি ৰাইজে এই সন্মান আগবঢ়াইছে । ৰাজীৱ শদিয়াৰ এই প্ৰতিমূৰ্তি ৰাইজে অনাদি কাললৈ যাতে প্ৰতিপালন কৰে তাৰে কামনা কৰিছো ৷"
এটা দুখৰ বোজা লৈ প্ৰতিমূৰ্তিটো উন্মোচন কৰিছো
প্ৰয়াত গণশিল্পীগৰাকীৰ সহধৰ্মিনী উপাসনা বকলিয়ালে প্ৰতিমূৰ্তিত এখনি ফুলাম গামোচা পিন্ধাই আৱক্ষ প্ৰতিমূৰ্তিটো উন্মোচন কৰি আৱেগিক হৈ পৰে । তেওঁ কয়, “লাহোৱালৰ ছাগলীকটা ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম । এটা দুখৰ বোজা লৈ প্ৰতিমূৰ্তিটো উন্মোচন কৰিছো । যিগৰাকী ভাস্কৰ্য শিল্পীৰ হাতৰ পৰশত প্ৰতিমূৰ্তিটো প্ৰাণ পাই উঠিল সেই শিল্পীজনলৈ ধন্যবাদ জনাইছো । ৰাইজে যিদৰে প্ৰতিমূৰ্তি সাজি তুলিছে তেনেদৰে চোৱা- চিতা কৰিব বুলিও আশা কৰিলো ৷”

অসমৰ গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো আৱক্ষ প্ৰতিমূৰ্তি
ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ হ'ল অসমৰ প্ৰথমটো গণশিল্পী ৰাজীৱ শদিয়াৰ আৱক্ষ প্ৰতিমূৰ্তি । উদ্যোক্তাই কৈছে, "গাঁৱৰ সকলোৱে যিয়ে যেনেকৈ পাৰিছে ৰাজীৱ শদিয়াৰ নামত ধন দিছিল । তাৰ ফলত এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ সক্ষম হৈছোঁ । অতি ভিতৰুৱা ছাগলীকটাত প্ৰথম ৰাজীৱ শদিয়াৰ প্ৰতিমূৰ্তি উন্মোচন হৈছে । আমি ৰাজীৱ শদিয়াক জীয়াই থাকোঁতে যিমান ভাল পাইছিলো, মৃত্যুৰ পাছতো সেই সন্মান দিছো ।”
লগতে পঢ়ক : ৰাজীৱ শদিয়াৰ মৃত্যুৱে প্ৰমাণ কৰিলে ৰাইজৰ মাজত থকা গণশিল্পীৰ ভেঁটি

