ETV Bharat / entertainment

ব্ৰিটেইনছ গট টেলেণ্ট: ন বছৰীয়া বিনীতালৈ দ্বিতীয় ৰাণাৰ্ছ আপৰ সন্মান - BRITAINS GOT TALENT

ব্ৰিটেইনছ গট টেলেণ্টত অসমৰ বিনীতা চেত্ৰীয়ে নিজৰ অনন্য নৃত্যশৈলীৰে সকলোকে আপ্লুত কৰি তৃতীয় স্থান দখল কৰে ।

BRITAINS GOT TALENT
হাতত ভাৰতীয় পতাকা লৈ বিনীতা চেত্ৰী (instagram/@binita_chetry)
author img

By ETV Bharat Assamese Team

Published : June 1, 2025 at 12:40 PM IST

2 Min Read

গুৱাহাটী: আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদিহে কোনো অসম সন্তানে কৃতিত্ব অৰ্জন কৰে, তেন্তে গৌৰৱত গদগদ হৈ পৰে অসমবাসীৰ বুকু ৷ পুনৰ এবাৰ এগৰাকী অসম সন্তানে প্ৰতিগৰাকী অসমবাসীক গৌৰৱান্বিত হোৱাৰ সুযোগ প্ৰদান কৰিছে ৷

ইমানকৈ চাগে ক’বলগীয়াই নাই, কাৰণ শেহতীয়াকৈ নিজস্ব প্ৰতিভাৰে সংবাদ শিৰোনাম দখল কৰা এগৰাকী অসম সন্তান বৰ্তমান সময়ত সকলোৰেই হৈ পৰিছে চিনাকী ৷

বয়সৰ জোখাৰে তেনেই সৰু কণমানিগৰাকীৰ নাম হৈছে বিনীতা চেত্ৰী ৷ ন বছৰীয়া কণমানিগৰাকীয়ে সাত সাগৰ তেৰ নদী পাৰ হৈ নিজৰ প্ৰতিভা বিশ্ববাসীৰ আগত দাঙি ধৰিছে ৷

BRITAINS GOT TALENT
ব্ৰিটেইনছ গট টেলেণ্টত বিনীতা চেত্ৰী (instagram/@binita_chetry)

ব্ৰিটেইনছ গট টেলেণ্টত অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰি অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হ’ল অসমৰ বিনীতাই ৷ এই মঞ্চৰ ফাইনেল ৰাউণ্ডত বিজয়ী হ’ব নোৱাৰিলেও দ্বিতীয় ৰাণাৰ্ছ আপৰ বঁটা লাভ কৰি বিনীতাই পুনৰ এবাৰ অসম আৰু অসমীয়াৰ মনত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয় ৷

ব্ৰিটেইনৰ গট টেলেণ্টত অসমৰ বিনীতা চেত্ৰীয়ে নিজৰ অনন্য নৃত্যশৈলীৰে সকলোকে আপ্লুত কৰি দখল কৰে তৃতীয় স্থান । অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ তেওঁৰ যাত্ৰাই বহু যুৱ প্ৰতিভাক অনুপ্ৰাণিত কৰিছে ।

গ্ৰেণ্ড ফিনালেত বিনীতাই কৰা অভিনয়ে বিচাৰক আৰু দৰ্শকক একেদৰেই মোহিত কৰিছিল ৷ যাৰ ফলত তেওঁ লাভ কৰে ষ্টেণ্ডিং অভেচন ৷ ফলাফল ঘোষণাৰ পিছত উল্লাসিত বিনীতাই কয়, ‘‘মই নিজক লৈ অতিশয় সুখী আৰু গৌৰৱান্বিত । এয়া সৰ্বোত্তম অভিজ্ঞতা ।’’

BRITAINS GOT TALENT
অসমীয়া সাজত বিনীতা চেত্ৰী (instagram/@binita_chetry)

উল্লেখ্য যে, বিনীতা চেত্ৰীৰ ঘৰ অসমৰ কাৰ্বি আংলং জিলাত । ৰাজস্থানৰ জয়পুৰৰ মাই অ’ন স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী বিনীতাৰ মূলঘৰ হৈছে অসমৰ বোকাজানৰ অমৰাজানত । সৰুৰে পৰাই আনুষ্ঠানিক প্ৰশিক্ষণ লোৱাৰ পূৰ্বে ইউটিউব ভিডিঅ’ৰ পৰা নৃত্য প্ৰদৰ্শন অনুকৰণ কৰি নৃত্যৰ প্ৰতি জন্মগত আকৰ্ষণ প্ৰদৰ্শন কৰিছিল কণমানিগৰাকীয়ে ।

বিনীতাৰ বাবে ব্ৰিটেইনছ গট টেলেণ্ট আছিল "সপোনৰ মঞ্চ" ৷ প্ৰতিযোগিতাখনত জয়ী হ’লে গোলাপী ৰঙৰ ৰাজকুমাৰীৰ ঘৰ এটা কিনাৰ ইচ্ছাও বিনীতাই পূৰ্বে প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক: ব্ৰিটেইনছ গট টেলেণ্টত অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন অসমৰ বিনীতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.