ETV Bharat / entertainment

ব্ৰিটেইনছ গট টেলেণ্টত অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন অসমৰ বিনীতাৰ

ব্ৰিটেইনছ গট টেলেণ্টত অসমৰ ৮ বছৰীয়া বিনীতা চেত্ৰীয়ে নৃত্য প্ৰতিভাৰে হৃদয় জিনিলে সকলোৰে । গোল্ডেন বাজাৰ লাভ নকৰাক লৈ চৰ্চা সমাজিক মাধ্যমত ।

Britain's Got Talent
ব্ৰিটেইনছ গট টেলেণ্টত অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন অসমৰ বিনীতাৰ (ITV)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 3:25 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান । এইবাৰ ব্ৰিটেইনছ গট টেলেণ্টত নিজা প্ৰতিভাৰে হৃদয় জিনিলে লাখ লাখ লোকৰ । অসমৰ ৮ বছৰীয়া বিনীতা চেত্ৰীৰ নৃত্য দেখি হতবাক হৈ ৰ'ল ব্ৰিটেইনছ গট টেলেণ্টৰ বিচাৰক আৰু দৰ্শক । কিশোৰীগৰাকীয়ে ব্ৰিটেইনছ গট টেলেণ্টৰ আইকনিক মঞ্চত প্ৰদৰ্শন কৰা নৃত্যৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । সকলোৱে একেমুখে বিনীতাৰ নৃত্য আৰু তেওঁৰ নৃত্যশৈলীৰ প্ৰশংসা কৰিছে । যিয়ে প্ৰতিগৰাকী অসমীয়াৰ লগতে ভাৰতবাসীক গৌৰৱান্বিত কৰি তুলিছে ।

ইফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চলৈ আহিয়ে বিনীতাই কৈছিল যে এয়া তেওঁৰ বাবে সপোনৰ মঞ্চ । প্ৰতিযোগিতাখনত জয়ী হৈ এটা পিংক প্ৰিঞ্চেছ হাউছ (Pink Princes House) ক্ৰয় কৰাৰ মনৰ আশাৰ কথা ব্যক্ত কৰিছিল বিনীতাই । সপোন বাস্তৱায়িত কৰাত যে বিনীতা অটল সেয়া তেওঁৰ প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছিল । কিয়নো অনুষ্ঠানটোত বিনীতাই যিদৰে আকৰ্ষণীয় নৃত্য প্ৰদৰ্শন কৰিছিল সেয়া সকলোৰে বাবে আশ্চৰ্যজনক আছিল ।

বিনীতাৰ প্ৰতিভা দেখি আচৰিত হৈছিল ব্ৰিটেইনছ গট টেলেণ্টছ আটাইকেইগৰাকী বিশিষ্ট বিচাৰক । সকলোৱে বিনীতাৰ প্ৰশংসা কৰাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছিল । বিচাৰকৰ আসনত আছিল ব্ৰিটেইনৰ দূৰদৰ্শনৰ এটা চিনাকী নাম চাইমন কোৱেল, জনপ্ৰিয় অভিনেত্ৰী আমাণ্ডা হোল্ডেন, কোৰিঅ'গ্ৰাফাৰ ব্ৰুণো টনিওলি আৰু হলীউডৰ কণ্ঠশিল্পী আলেছা ডিক্সন । ভিডিঅ'টো দেখিলে গম পোৱা যায় যে এই আটাইকেইগৰাকী বিচাৰক অসমৰ শিল্পী বিনীতাৰ প্ৰদৰ্শনত কিমান আনন্দিত হৈছিল !

মাত্ৰ ৮ বছৰীয়া বিনীতাৰ অতি আকৰ্ষণীয় নৃত্যশৈলীয়ে দৰ্শক তথা বিচাৰকৰ মন মুহিবলৈ সক্ষম হৈছে যদিও অনুষ্ঠানটোত তেওঁ গোল্ডেন বাজাৰ (Golden Buzzer) লাভ নকৰাক লৈ প্ৰতিক্ৰিয়াও হৈছে । সামাজিক মাধ্যমত বহুতে বিনীতাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছে আৰু তেওঁ কিয় গোল্ডেন বাজাৰ লাভ নকৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰে । বিনীতাই পৰৱৰ্তী ৰাউণ্ডৰ বাবে অনুমতি লাভ কৰিছে যদিও অনুৰাগীৰ মতে তেওঁ ইয়াতকৈও অধিক স্বীকৃতি অৰ্থাৎ গোল্ডেন বাজাৰ লাভ কৰাৰ বাবে যোগ্য আছিল । বহুতে বিচাৰকৰ সিদ্ধান্তক লৈও প্ৰশ্ন উত্থাপন কৰিছে ।

এগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে লিখিছে, "মই এইমাত্ৰ ৮ বছৰীয়া নৃত্যশিল্পীগৰাকীৰ ভিডিঅ' চালো । অসাধাৰণ । কিন্তু কোনো গোল্ডেন বাজাৰ নাই ।"

দ্বিতীয় এগৰাকীয়ে কৈছে, "এয়া গোল্ডেন বাজাৰৰ যোগ্য আছিল । এয়া কোনো ল'ৰাই ডাঙৰকৈ গোৱা বিৰক্তিকৰ গীত নাছিল ।" আন এজনে লিখিছে, "যোৱা সপ্তাহত কৌতুক অভিনেতাই গোল্ডেন বাজাৰ লাভ কৰিছিল ৷ কিন্তু তেওঁতকৈ কিশোৰীগৰাকী বেছি যোগ্য আছিল ।"

লগতে পঢ়ক :ছবি-কবিতাৰ মাজতে জীৱনৰ ছন্দ বিচাৰিব জনা শিল্পীগৰাকী - ARTIST DILIP TAMULY INTERVIEW