১৪ জুলাইৰ পৰা আহি আছে নতুন ৱেব চিৰিজ 'ক্ষুধা' - Assamese Web Series
ৰীল ড্ৰামা এপত উপলব্ধ হ’ব ৱেব চিৰিজ 'ক্ষুধা' । জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ লগতে কেইবাগৰাকী বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে এই ৱেব চিৰিজনত ।

Published : July 13, 2024 at 10:47 PM IST
গুৱাহাটী, ১৩ জুলাই: বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ উপন্যাস 'ক্ষুধাতুৰ শগুণ'ৰ আধাৰত নিৰ্মিত 'ক্ষুধা' নামৰ ৮ টা খণ্ডৰ ৱেব চিৰিজখনে ১৪ জুলাইত মুক্তি লাভ কৰিব ৷ মুক্তিৰ পাচতেই দৰ্শক ৰাইজৰ বাবে ৰীল ড্ৰামা এপত ৱেব চিৰিজখন উপলব্ধ হ’ব ৷ অটিটি প্লেটফৰ্মৰ ৰীলড্ৰামাৰ (Reel Drama) ৱেব চিৰিজ 'ক্ষুধা' মুকলিৰ প্ৰাক্ক্ষণত ৱেব চিৰিজখনৰ ট্ৰেইলৰ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয় ৷
এই অনুষ্ঠানত ৱেব চিৰিজখনৰ পৰিচালক দীপক কুমাৰ ৰয়ৰ লগতে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, প্ৰদীপ নিষিথকে আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা ৱেব চিৰিজখনৰ কলা-কুশলী ৷ ৱেব চিৰিজখনৰ চিত্ৰনাট্য তপজিত দত্ত বৰাৰ, সংগীত আৰু ছাউণ্ড ডিজাইন নবাৰুণ বৰাৰ ৷ আনহাতে কেমেৰাৰ (DOP) কাম কৰিছে প্ৰদীপ দৈমাৰীয় ৷ ৱেব চিৰিজখনৰ সম্পাদনা আৰু কালাৰৰ কাম কৰিছে গৌতম মজুমদাৰে ৷ ইপিনে,ৰূপসজ্জাৰ দায়িত্বত আছে বিশ্বজিৎ কলিতা । কলা নিৰ্দেশনা জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ ৷
'ক্ষুধা'ৰ মুখ্য সহকাৰী পৰিচালক বিতোপন মহন্ত, সহকাৰী পৰিচালনা দিব্যহাশ শৰ্মা, তপন বৰা, চিমিস্মিতা তালুকদাৰৰ ৷ প্ৰযোজনা নিয়ন্ত্ৰক হিচাপে কাম কৰিছে কৌস্তভ জ্যোতি দাসে ৷ পোষ্টাৰ ডিজাইন ঈশান হাজৰিকাৰ ৷ ৱেব চিৰিজখনত ৰবি শৰ্মা, সিদ্ধাৰ্থ মুখাৰ্জী,ভগৱত প্ৰীতম দত্ত,পদ্মৰাগ গোস্বামী,প্ৰদীপ নিষিথ, ৰঞ্জীৱলাল বৰুৱা, গৌৰৱ বৰা, ধ্ৰুৱ দাস, দেৱজিত হাজৰিকা, ঈশান হাজৰিকা, ৰাজীৱ ক্র', অশ্রুমণি বৰা, প্ৰণামী বৰা, গীতাৰ্থ শৰ্মা, মিনাক্ষী বৰা,মনোজ গগৈ, প্ৰশান্ত গোস্বামী, বিশাল গগৈ, ৰাজীৱ কুমাৰ হৰ্ছ, ৰাণা ধন দাস,চিন্ময় বুঢ়াগোহাঁই, অনামিকা স্বৰ্গীয়াৰী, সমৰজ্যোতি ভৰালী, কুন্তল কুমাৰ কৌশিক আদিকে ধৰি বহুতো শিল্পীয়ে অভিনয় কৰিছে ৷ উল্লেখ্য যে 'ক্ষুধা'ৰ দ্বিতীয় সংস্কৰণো (চিজন ২) শীঘ্ৰেই আহিব দৰ্শকৰ মাজলৈ ৷

