ETV Bharat / entertainment

পঞ্চম বেহেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চুটি ছবি ‘আওকাণ’লৈ বিশেষ সন্মান

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত উজলিল আৰু এখন অসমীয়া চুটি ছবি । কলকাতাত অনুষ্ঠিত হোৱা পঞ্চম বেহেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত 'আওকাণ'লৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান ৷

Assamese short film aaokaan won the Best Short Film award at 5th Behala International Film Festival
শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 17, 2024 at 4:32 PM IST

|

Updated : October 17, 2024 at 4:43 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 17 অক্টোবৰ : পুনৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত উজলিল অসমীয়া চুটি ছবি । কলকাতাত অনুষ্ঠিত হোৱা পঞ্চম বেহেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত ‘শ্ৰেষ্ঠ চুটি ছবি’ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ‘আওকাণ’ এ । আমি জীৱনত গুৰুত্বপূৰ্ণ নহয় বুলি ভবা কিছুমান সৰু সৰু বস্তুক প্ৰায়ে আওকাণ কৰা হয় । এনে এক কাহিনীৰ আধাৰতে নিৰ্মাণ কৰি উলিওৱা হৈছে চুটি ছবি আওকাণ । এই চুটি ছবিখনৰ কাহিনী আৰু পৰিচালনা জিতু পৰ্ণ দাসৰ ।

চুটি ছবিখনৰ এই সফলতা সন্দৰ্ভত ছবিখনৰ পৰিচালক জিতু পৰ্ণ দাসে ইটিভি ভাৰতৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত জনাই বহু কথা ।

Assamese short film aaokaan won the Best Short Film award at 5th Behala International Film Festival
অসমীয়া চুটিছবি ‘আওকাণ’লৈ বিশেষ সন্মান (ETV Bharat Assam)

পৰিচালকৰ মন্তব্য

ছবিখনৰ এই সফলতা সন্দৰ্ভত পৰিচালক জিতু পৰ্ণ দাসে কয়, “আমাৰ চুটি ছবি আওকাণে পঞ্চম বেহেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত শ্ৰেষ্ঠ চুটি ছবি হিচাপে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে । ছবিখনৰ এই সফলতাত অত্যন্ত সুখী অনুভৱ কৰিছো । আওকাণ- শব্দটো আমি সচৰাচৰ ব্যৱহাৰ নকৰিলেও আমি শব্দটোৰ সৈতে একাত্ম । জীৱনটোত আমাৰ হিচাপত চলি নোযোৱা অথবা আমাৰ জীৱনত প্ৰভাৱ বিস্তাৰ নকৰিব বুলি ভবা বহু সৰু সৰু বস্তু আমি প্ৰায়ে আওকাণ কৰো বা দেখিও নেদেখাৰ ভাও ধৰো । কিন্তু কেতিয়াবা এই সৰু সৰু কথা, বস্তু আৰু ঘটনাবোৰে আমাৰ জীৱনত ক্ৰিয়া কৰিব পাৰে । আমি উপেক্ষা কৰা বস্তুবোৰৰ গুৰুত্ববোৰ বুজাবলৈ এই ‘আওকাণ’ চুটি ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে ।”

উল্লেখ্য যে, 10 মিনিট দৈৰ্ঘ্যৰ এই ছবিখন আগন্তুক বর্ষৰ জানুৱাৰী মাহত মুক্তি দিয়াৰ সম্ভৱনা আছে । এই চুটি ছবিখনত অভিনয় কৰিছে বিদ্যা ভাৰতী, ফিলিপছ নেওগ আৰু বাসৱ কলিতাই । Beyond Time Films ৰ বেনাৰত অৰুণী হাজেয়া, চুমি দাস আৰু জন চৌধুৰীৰ প্ৰযোজনাৰে নিৰ্মিত এই চুটি ছবিখনৰ সহঃ পৰিচালনা পাৰ্থ ৰঞ্জন সোণোৱালৰ, দৃশ্যগ্ৰহণ সঞ্জীৱ কুমাৰ বড়োৰ আৰু বেকগ্ৰাউণ্ড মিউজিক ৰাজ নাছিম আৰু এণ্ড্ৰিউ কে.জেডৰ ।

লগতে পঢ়ক : পবিত্ৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব

Last Updated : October 17, 2024 at 4:43 PM IST