ETV Bharat / entertainment

অসমীয়া নাটক 'কুৰুক্ষেত্ৰ' সম্প্ৰচাৰিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ত

অসমীয়া নাটকৰ বাবে এটা ইতিবাচক খবৰ । বহু বছৰৰ পাছত আৰু এখন অসমীয়া নাটক ৰাষ্ট্ৰীয় স্তৰত ।

rituparna das
নাট্যকাৰ ঋতুপৰ্ণ দাস (ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : November 13, 2024 at 6:45 PM IST

|

Updated : November 13, 2024 at 6:54 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: আকাশবাণীৰ ৰাষ্ট্ৰীয় নাট প্ৰসাৰণৰ অনুষ্ঠান 'অখিল ভাৰতীয় নাট্যানুষ্ঠান'ত সম্প্ৰচাৰিত হ'ব এখন অসমীয়া নাট 'কুৰুক্ষেত্ৰ' । ১৭ নৱেম্বৰ নিশা ৯.৩০ বজাত দেশৰ ৫৯১ টা কেন্দ্ৰৰ পৰা অন্যান্য ২২ টা ভাষাত একে সময়তে সম্প্ৰচাৰিত হ'ব নাট্যকাৰ ঋতুপৰ্ণ দাসৰ নাটক 'কুৰুক্ষেত্ৰ' । এই সন্দৰ্ভত ই টিভি ভাৰতক নাট্যকাৰ তথা আকাশবাণী গুৱাহাটীৰ প্ৰসাৰণ কাৰ্যবাহী বিষয়া ঋতুপৰ্ণ দাসে কয়- "আকাশবাণীৰ নাটকৰ এটা নীতি আছে যে প্ৰতিমাহে এখন নাটক বিশেষভাৱে নিৰ্বাচন কৰি অখিল ভাৰতীয় নাট্যানুষ্ঠানত প্ৰচাৰ কৰে । নাটকখন মূলতঃ হিন্দী ভাষাত দিল্লীৰ পৰা প্ৰচাৰ হয় আৰু ভাৰতৰ অন্যান্য আঞ্চলিক ভাষাসমূহত তাৰ অনুদিত ৰূপটো প্ৰচাৰ হয় ।

মই সৌভাগ্যবান যে মোৰ নাটক 'কুৰুক্ষেত্ৰ', যিখন ২০২১ চনৰ ৮ মাৰ্চত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হৈছিল, সেই নাটকখন এইবাৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ বাবে নিৰ্বাচিত হৈছে । এয়া অতি আনন্দৰ কথা । এয়া কেৱল মোৰ নাটক বুলিয়ে নহয় বা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা যোৱা নাটক বুলিয়ে নহয়, অসমীয়া নাটকৰ বাবে এইটো এটা ইতিবাচক কথা । বহু বছৰৰ পাছত এখন অসমীয়া নাটক ৰাষ্ট্ৰীয় সম্প্ৰসাৰণৰ বাবে অন্তৰ্ভূক্ত হৈছে ।"

নাটকৰ কাহিনীৰ বিষয়বস্তু কি ?

"নাটকখন মহাভাৰতৰ দুটা মহাকাব্যিক চৰিত্ৰ পিতামহ ভীষ্ম আৰু মহাৰাণী সত্যৱতীক লৈ ৰচনা কৰা হৈছে । এখন কাল্পনিক কথোকথনৰ নাটক । ভবা হৈছে যে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত যেতিয়া পিতামহ ভীষ্ম শৰশয্যাত পৰিল, তেতিয়া তেওঁক লগ পাবলৈ কৌৰৱ-পাণ্ডৱ সকলো ৰাতিয়েই আহে । তেওঁৰ লগত সকলোৱে মন্ত্ৰণা কৰে, তেওঁৰ পৰা পৰামৰ্শ লয় । কিন্তু যদি তেতিয়া সত্যৱতী থাকিলহেতেন ! কাৰণ মহাভাৰতৰ মতে সত্যৱতীক পুতেকে যুদ্ধখন আৰম্ভ হোৱাৰ আগতে হিমালয় পৰ্বতলৈ লৈ গৈছিল ।

আমি ভৱিছো যে সত্যৱতী যদি তেতিয়া হস্তিনাপুৰত থাকিলেহেঁতেন তেতিয়া ৰাজমাতা সত্যৱতীয়ে পিতামহ ভীষ্মৰ লগত কি কি কথা পাতিলেহেতেন । তেওঁলোকৰ মাজত যুক্তি তৰ্ক অনা হৈছে আৰু যুক্তিৰ তৰ্কৰ মাধ্যমেৰে প্ৰথমে নাৰী সবলীকৰণৰ দৃষ্টিকোণেৰে কথাটো বিশ্লেষণ কৰা হৈছে, ভীষ্মক অন্য ৰূপত চোৱা হৈছে । সত্যৱতীৰ চিন্তাধাৰাবোৰক নতুন ধৰণেৰে বিশ্লেষন কৰাৰ প্ৰয়াস কৰা হৈছে ।

লগতে আজিৰ প্ৰেক্ষাপটত নতুন প্ৰজন্ম বা আজিৰ সমাজে কেনেকুৱা ধৰণৰ ৰাজনীতি বা সমাজনীতি আশা কৰে, এখন ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাজনীতি কেনেকুৱা হোৱা উচিত সেই বিষয়ত আলোকপাত কৰিবলৈ যত্ন কৰা হৈছে ।" ঋতুপৰ্ণ দাসে ক'লে ৷ নাটকখনত অভিনয় কৰিছে তপন দাস, মলয়া গোস্বামী, স্নিগ্ধা গগৈ আৰু অবিনাশ শৰ্মাই । ইফালে পূৰ্বে আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে প্ৰচাৰিত ৪৫ মিনিট দৈর্ঘৰ নাটখনি 'অখিল ভাৰতীয় নাট্যানুষ্ঠান'ৰ বাবে ৩০ মিনিটৰ কৰা হৈছে । ইয়াৰ পূৰ্বে প্ৰায় ৭ বছৰমান পূৰ্বে সপোনজ্যোতি তালুকদাৰৰ নাট "হুকমদাৰ"কে ধৰি বৰ্তমানলৈ প্ৰায় ৬খন অসমীয়া নাটক অখিল ভাৰতীয় নাট্যনুষ্ঠানত সন্নিবিষ্ট হৈছে ।

লগতে পঢ়ক: কুৰুক্ষেত্ৰত নহয় ! ছবিগৃহত ‘অভিমন্যু’

Last Updated : November 13, 2024 at 6:54 PM IST