ভাৰত ৰংগ মহোৎসৱত অসমীয়া নাট 'কম্ফ'ৰ্ট উইমেন: এন আনট’ল্ড হিষ্ট্ৰী'
২৮ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ভাৰতৰ আঠখন ৰাজ্য তথা চুবুৰীয়া দেশ নেপাল আৰু শ্ৰীলংকাত অনুষ্ঠিত হৈছে ভাৰত ৰংগ মহোৎসৱ ।

Published : February 8, 2025 at 7:55 PM IST
গুৱাহাটী: দেশৰ সন্মানীয় এক আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱ হ'ল ভাৰত ৰংগ মহোৎসৱ ৷ এই মহোৎসৱত মঞ্চস্থ হ’ল গুৱাহাটীস্থিত নাট্যগোষ্ঠী অভিজ্ঞানমৰ অসমীয়া নাট 'কম্ফ'ৰ্ট উইমেন: এন আনট’ল্ড হিষ্ট্ৰী’ । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ তত্ত্বাৱধানত নতুন দিল্লীৰ নেশ্যনেল স্কুল অৱ ড্ৰামাৰ উদ্যোগত আয়োজন কৰা হৈছে এই মহোৎসৱৰ ।
চলিত বৰ্ষৰ ২৮ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ভাৰতৰ আঠখন ৰাজ্য তথা চুবুৰীয়া দেশ নেপাল আৰু শ্ৰীলংকাত এই মহোৎসৱ অনুষ্ঠিত হৈছে । ইফালে, ৬ ফেব্ৰুৱাৰীত ঝাৰখণ্ডৰ ৰাঁচীত মঞ্চস্থ কৰা এই অসমীয়া নাটখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় ।

মানবেন্দ্ৰ ৰণহাং চৌধুৰীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত 'কম্ফ’ৰ্ট উইমেন: এন আনট’ল্ড হিষ্ট্ৰী’ এ ইতিমধ্যে ত্ৰয়োদশ এম ই টি এ থিয়েটাৰ মহোৎসৱত দহটা শাখাত মনোনয়ন লাভকে ধৰি বিভিন্ন মঞ্চত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে এই নাটখনৰ বিষয়বস্তু হৈছে যুদ্ধকালীন পৰিস্থিতিত মহিলাসকলৰ ভয়াবহ অভিজ্ঞতা আৰু তেওঁলোকে পোৱা আঘাত । 'কম্ফ’ৰ্ট উইমেন: এন আনট’ল্ড হিষ্ট্ৰী’ত অভিনয় কৰিছে ধীৰাজ তালুকদাৰ, ৰিপম ভৰদ্বাজ, অপূৰ্ব বৰ্মন, কুলদীপ তালুকদাৰ, হেমকুমাৰ তালুকদাৰ, বিনোদ দাস, দুলাল বড়ো, নিৰ্মল বৰ্মন, নিৰ্জুৰাজ দাস, ৰিমঝিম ডেকা, অজন্তা হাজৰিকা, দ্বীপান্বিতা দাস, মীনাক্ষী ডেকা, অৰ্চনা কুমাৰী, তৰালী বসুমতাৰী, বৰষা দাস আৰু সুনীতা বৰ্মনে ৷

নাটখনৰ পৰিচালক মানবেন্দ্ৰ ৰণহাং চৌধুৰীয়ে কয়, "২৪ সংখ্যক ভাৰত ৰংগ মহোৎসৱত 'কম্ফ’ৰ্ট উইমেন: এন আনট’ল্ড হিষ্ট্ৰী’ নাটখন মঞ্চস্থ কৰাৰ সুযোগ লাভ কৰাটো আমাৰ বাবে এক অনন্য অভিজ্ঞতা । এই নাটকখন কেৱল মঞ্চ নাটক নহয়, বৰঞ্চ নীৰৱ যন্ত্ৰণা সহ্য কৰি ইতিহাসৰ পাতত হেৰাই যোৱা নাৰীৰ কণ্ঠস্বৰ । ৰাঁচীৰ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে ভ্ৰাম্যমাণ থিয়েটাৰৰ শক্তি কিমান গভীৰ আৰু ই ঐতিহাসিক অন্যায়ৰ বিৰুদ্ধে সমাজত কেনেদৰে সজাগতা সৃষ্টি কৰিব পাৰে ।"

তেওঁ লগতে উল্লেখ কৰে, "এই নাটখনি মঞ্চস্থ কৰাৰ ক্ষেত্ৰত কৰা অক্লান্ত পৰিশ্ৰমৰ বাবে মোৰ সমগ্ৰ দলটোক আৰু এই কাহিনী বহল দৰ্শকৰ মাজত বিলাই দিয়াৰ সুযোগ দিয়াৰ বাবে নেশ্যনেল স্কুল অৱ ড্ৰামাক ধন্যবাদ জনাইছো ।’’
ইফালে, নাটখনৰ কাৰিকৰী দিশটো আৰু অধিক মনোগ্ৰাহী কৰি তোলে ডিম্পল কুমাৰ দাসৰ পোহৰ, ধনজিৎ বড়োৰ সংগীত, নিৰ্জুৰাজ দাসৰ ৰূপসজ্জা, বৰষা দেৱী আৰু ৰিমঝিম ডেকাৰ কষ্টিউম ডিজাইন আৰু বিকুল বড়ো আৰু দুলাল বড়োৰ মঞ্চসজ্জা আৰু ব্যৱস্থাপনাই । তেওঁলোকৰ নিপুণ স্পৰ্শৰে নাটকখন অধিক প্ৰাণৱন্ত হৈ পৰে ।

