ETV Bharat / entertainment

চিনে ড্ৰীম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব অসমীয়া ছবি জীৱনছবি - Jibonsobi

Jibonsobi: সময়-জীৱনৰ কথাৰে নিৰ্মিত এখন অসমীয়া ছবি জীৱনছবি । চলিত মাহত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া চিনে ড্ৰীম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব ছবিখন ।

Jibonsobi
চিনে ড্ৰীম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব অসমীয়া ছবি "জীৱনছবি" (CANVA)
author img

By ETV Bharat Assamese Team

Published : August 18, 2024 at 8:07 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 18 আগষ্ট: পুনৰ অসমীয়া ছবিজগতলৈ আহিছে এক ভাল খবৰ ৷ এখনৰ পিচত আনখন ছবি মুক্তিলাভ কৰাৰ এই যাত্ৰা সঁচাকৈয়ে অসমীয়া ছবিৰ ভাল দিন পুনৰ ঘূৰি আহিছে ৷ ইফালে এতিয়া আন এখন অসমীয়া ছবিয়ে আন্তঃৰাষ্ট্ৰীয় দৰবাৰতো স্থানলাভ কৰিবলৈ সক্ষম হৈছে ৷

Jibonsobi
চিনে ড্ৰীম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব অসমীয়া ছবি "জীৱনছবি" (ETV Bharat)

জনাই দিও যে, চলিত মাহত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া চিনে ড্ৰীম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ'ব এখন অসমীয়া ছবি ৷ অহা ২৭ আগষ্টৰ পৰা ২৯ আগষ্টলৈকে দুদিনীয়া কাৰ্যসূচীৰে মুম্বাইত অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱত একমাত্ৰ অসমীয়া পূৰ্ণ দৈৰ্ঘৰ ছবি জীৱনছবিয়ে মনোনয়ন লাভ কৰিছে ৷ সময় আৰু জীৱনৰ সামঞ্জস্যক কিছু কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখনৰ কাহিনীভাগ ৷

Jibonsobi
চিনে ড্ৰীম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব অসমীয়া ছবি "জীৱনছবি" (ETV Bharat)

ছবি জীৱনছবিৰ কাহিনী, সংলাপ তথা পৰিচালনাৰ মৃদুপৱন বৰাৰ ৷ ছবিখনৰ চিত্ৰনাট্য লিখিছে মৃদুপৱন, ৰাকেশ চাংমাই আৰু ৰে' আহমেদে ৷ দৃশ্যগ্ৰহণ কৰিছে ত্ৰিদীপ কোঁৱৰে ৷ আনহাতে, সম্পাদনা আৰু কলা নিৰ্দেশনা ৰাকেশ চাংমাইৰ লগতে শব্দ আৰু সংগীত ৰে' আহমেদৰ ৷

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাজেশ দাস, ৰাতুল দাস আৰু সুৰজিৎ বৰুৱাই ৷ লগতে ছবিখনত অভিনয় কৰিছে বিপুল বৰা, জ্যোতি প্ৰকাশ ভট্টাচাৰ্য, ৰাধা বৰা, প্ৰণতি বৰা দত্ত, মৃদুপৱন বৰা, লিভলীনা বৰুৱা, শিশুশিল্পী শিৱাংশ আয়ান, পাৰ্থ শৰ্মা, অখিল বিহিয়া, ভৈৰৱ ফুকন, প্ৰদীপ্তা প্ৰাণ ভট্টাচাৰ্য, ডিম্বেধৰ চেতিয়া, জিনা হাজৰিকা, বিলকুল বৰা, তুলসী বৰা, মিনাক্ষী শৰ্মা আৰু মৃদুল শৰ্মাই ৷

উল্লেখযোগ্য যে, উক্ত মহোৎসৱত ছবিখন মুম্বাইৰ জুহুত অৱস্থিত পিভিআৰত প্ৰদৰ্শন কৰা হ'ব ৷ সেয়েহে, মুম্বাইত যিসকল অসমীয়া চলচিত্ৰপ্ৰেমী ৰাইজ আছে তেওঁলোকক এক ফেচবুক পোষ্ট যোগে এই ছবিখন চাবলৈ অনুৰোধ জনাইছে পৰিচালক মৃদুপৱন বৰাই ৷ ইফালে, এই ছবিখন শীঘ্ৰে ৰাজ্যৰ ছবিগৃহটো মুক্তি দিয়া হ'ব বুলিও জনাইছে পৰিচালক মৃদুপৱন বৰাই ৷

লগতে পঢ়ক: প্রকৃতি ৰক্ষা আৰু আদিবাসীৰ অধিকাৰৰ বাৰ্তা লৈ আহি আছে 'মৃগয়া' - NEW FILM MRIGAYAA