নিজ ৰাজ্যত সফলতাৰ পিছত বিদেশলৈ ওলাইছে ভাইমন দা
২১ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত "ভাইমন দা"। সামাজিক মাধ্যমযোগে এই কথা জনালে ছবিখনৰ নিৰ্মাণগোষ্ঠীয়ে ।

By ETV Bharat Entertainment Team
Published : June 19, 2025 at 1:35 PM IST
গুৱাহাটী: ছবিগৃহত অব্যাহত আছে "ভাইমন দা" ৰ জয়যাত্ৰা । মুক্তিৰ দিনাৰে পৰা আজি পৰ্যন্ত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলি আছে ভাইমন দা ৷ ইয়াৰ সমান্তৰালকৈ বহিঃৰাজ্যতো দর্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে ।
"ভাইমন দা" ৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিৰ পাছতে এতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে নিৰ্মাতাগোষ্ঠীয়ে । ২১ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মুক্তি দিয়া হ'ব ছবিখন । সামাজিক মাধ্যমযোগে এই কথা জনাই ছবিখনৰ নিৰ্মাতাগোষ্ঠীয়ে ।

২১ জুন তাৰিখে কানাডাৰ টৰ’ণ্টো চহৰত মুক্তি দিয়া হ'ব ছবিখন । ঠিক তেনেদৰে ২২ জুন তাৰিখে নিউ জাৰ্ছী, ইউ এছ এ, ছিডনী, অষ্ট্ৰেলিয়া, শ্বাৰজাহ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীত মুক্তি দিয়া হ'ব ছবিখন । পৰৱৰ্তী সময়ত ছিংগাপুৰ, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চি, বষ্টন, কেলিফৰ্ণিয়া, লণ্ডন, কানাডাৰ কেলগাৰীত পৰ্যায়ক্ৰমে মুক্তি দিয়া হ'ব ছবিখন ।
উল্লেখ্য যে, মুক্তিৰ দিন ধৰি আজি পৰ্যন্ত ছবিখন উপভোগ কৰিবলৈ অহা দর্শকৰ ভিৰ দেখা গৈছে ছবিগৃহত । এক কথাত ক’বলৈ গ'লে তাহানিৰ দিনত মুনিন বৰুৱাই ঘূৰাই অনা অসমীয়া ছবি জগতৰ সোণালী ক্ষণক পুনৰ ২৫ বছৰ পিছত ঘূৰাই আনিছে "ভাইমন দা" ছবিখনে ।
জিল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ ৷ আনহাতে শ্যামন্তক গৌতমে প্ৰযোজনা কৰা এই ছবিখনৰ চিনেমাট’গ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ ৷
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বনদীপ শৰ্মাই । লগতে অন্যান্য চৰিত্ৰসমূহত আছে য়শশ্ৰী ভূঞা, গুণাকৰ দেৱগোস্বামী, পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দ্বীপজ্যোতি কেওঁট, পাৰ্থপ্ৰতীম হাজৰিকা, শিল্পীশিখা বৰা, বৈভৱী গোস্বামীকে ধৰি প্ৰায় ৩৬o ৰো অধিক শিল্পী ৷
লগতে পঢ়ক : দেশৰ চাৰিসীমা পাৰ হৈ "ভাইমন দা" ওলাইছে বিদেশলৈ
২১ জুনৰ পৰা সাত সাগৰ তেৰ নদীৰ সিপাৰেও ভাইমন দা: মন হীৰা দৈ...ৰ নতুন সংস্কৰণ মুকলি

