প্ৰযুক্তিৰ উত্তৰণে ম্লান পেলোৱা নাই থিয়েটাৰৰ মাদকতা: হেঙুলৰ চিলনী চাবলৈ দৰ্শকৰ ভিৰ মৰিয়নীত - HENGOOL THEATRE
Hengool Theatre 2024-25: পৰম্পৰা, প্ৰতিশ্ৰুতি আৰু সময় চেতনাৰ হাইতাল বুলোৱা হেঙুল থিয়েটাৰৰ ৩৭ সংখ্যক বৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভ হয় মৰিয়নীত । উদ্বিগ্নতা, উদাসীনতা আদি বিভিন্ন অনুভূতিৰ মাজেৰে সময় পাৰ কৰা হেঙুল থিয়েটাৰৰ কলা-কুশলীসকল দৰ্শকৰ ভিৰ দেখি অভিভূত হৈ পৰে ৷ মৰিয়নীত শুভাৰম্ভণি ঘটা থিয়েটাৰ হেঙুলৰ কলা-কুশলীৰ লগতে কৰ্তৃপক্ষই প্ৰকাশ কৰিলে মনৰ কথা-

By ETV Bharat Entertainment Team
Published : August 22, 2024 at 3:15 PM IST
যোৰহাট, 22 আগষ্ট : ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ এক পৰিচিত নাম হৈছে হেঙুল থিয়েটাৰ ৷ 2024-25 বৰ্ষত 37 সংখ্যক নাট্যবৰ্ষত ভৰি দিছে হেঙুল থিয়েটাৰে ৷ তিনিখন নাটকৰ সৈতে দৰ্শকৰ মাজলৈ আহিছে হেঙুল থিয়েটাৰ ৷ কমল লোচন, স্নিগ্ধা গগৈ, নিৰূপম শইকীয়া, মহেশ বৰা, শিল্পীশিখা বৰা, অশ্ৰুমণি বৰা, হেলেন, হিমাংশু গগৈয়ে এই বৰ্ষৰ বাবে হেঙুলৰ মঞ্চ শুৱনি কৰিব ৷
বুধবাৰে অসমৰ এই আগশাৰীৰ নাট্যদল হেঙুল থিয়েটাৰে 37 সংখ্যক 2024-25 নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভণি কৰে ৷ মৰিয়নীৰ পৰা তেওঁলোকে এই নাট্যযাত্ৰাৰ পাতনি মেলে । মৰিয়নী বাপুজী ষ্টেডিয়াম খেলপথাৰৰ পৰা নাট্যদলটোৱে নাট্য যাত্ৰা আৰম্ভ কৰে ।
প্ৰশান্ত হাজৰিকা আৰু ইলা হাজৰিকা স্মৃতি বিজড়িত অসমৰ ভ্ৰাম্যমাণ জগতৰ আগশাৰীৰ নাট্যদল হেঙুলৰ মঞ্চত এইবাৰ মঞ্চস্থ হ’বলগীয়া নাটসমূহ হ’ল অভিজিৎ ভট্টাচাৰ্যৰ "বিড়ি", প্ৰণৱ বৰুৱাৰ "চিলনী" আৰু নাট্যকাৰ প্ৰণৱ ভৰালীৰ "মছজিদ ৰোড নামঘৰ পথ" । সম্পূৰ্ণ ব্যতিক্ৰমী ধাৰণাৰে থিয়েটাৰ কৰ্তৃপক্ষই এই তিনিখন নাটক দৰ্শকৰ মাজলৈ লৈ আহিছে ৷
বুধবাৰে নিশা হেঙুলৰ প্ৰথমটো নাট্যদৰ্শনীৰ মঞ্চ মুকলি কৰি নাট্য যাত্ৰাৰ শুভাৰম্ভণি কৰে জনপ্ৰিয় গায়ক দিক্ষু শৰ্মা আৰু সাংবাদিক শোণিত কুমাৰ ভূঞাই ।
উল্লেখ্য যে, হেঙুল থিয়েটাৰৰ জৰিয়তে জনপ্ৰিয় অভিনেতা কমল লোচনে ভ্ৰাম্যমাণ জগতত খোজ দিছে ৷ এই নতুন যাত্ৰাৰ বাবে উত্তেজিত বুলি উল্লেখ কৰে কমল লোচনে ৷ এক দীঘলীয়া সময় ধৰি হেঙুলৰ সৈতে জডিত হৈ থকা সংগীতশিল্পী দিক্ষুৱে আৰম্ভণিৰ দিনটোত থিয়েটাৰ দলটোৱে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ৷ মৰিয়নীত নিশা মঞ্চস্থ হোৱা নাট্যকাৰ প্ৰণৱ বৰুৱাৰ নাটক "চিলনী"য়ে উপস্থিত সহস্ৰাধিক দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : বকুল বনৰ পক্ষীৰে নাট্যযাত্ৰাৰ পাতনি মেলিবলৈ সাজু ৰাজমুকুট থিয়েটাৰ - Rajmukut theatre 2024 25

