ETV Bharat / entertainment

বেম্বো ডেন্সৰ আঁৰৰ কাহিনীৰে স্বৰ্ণ কমল বঁটা লাভ কৰা শিল্পীকা বৰদলৈ

বাঁহ আৰু মানুহৰ মাজত থকা সৰ্ম্পকৰ বিষয়ে গৱেষণা কৰি মিজো তথ্যচিত্ৰ নিৰ্মাণেৰে উজলা অসম তনয়াৰ যাত্ৰাৰ বিষয়ে জানিবলৈ পঢ়ক....

National Film Award for Best Debut Film of a Director winner Shilpika Bordoloi
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত নন-ফিচাৰ ছবি শাখাত শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰা শিল্পীকা বৰদলৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 3, 2025 at 4:06 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : যোৱা শুকুৰবাৰে ঘোষণা হয় ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । এই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত নন-ফিচাৰ ছবি শাখাত শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰিছে শিল্পীকা বৰদলৈয়ে ।

যোৰহাটৰ শিল্পীকা বৰদলৈয়ে পৰিচালকৰ প্ৰথম নন-ফিচাৰ চিত্ৰৰ শ্ৰেষ্ঠত্বৰ শাখাত "Mau: The Spirit Dreams of Cheraw" শীৰ্ষক মিজো তথ্যচিত্ৰৰ বাবে স্বৰ্ণ কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । তেওঁ এই ছুটি ছবিখন নিৰ্মাণৰ আঁৰৰ কাহিনীৰ লগতে এই যাত্ৰাৰ বহুতো কথাই কৰিলে ব্য়াখ্য়া ।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত নন-ফিচাৰ ছবি শাখাত শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰা শিল্পীকা বৰদলৈ (ETV Bharat Assam)

যোৰহাটৰ গৌৰৱ, বিশিষ্ট নাট্যশিল্পী, নৃত্যশিল্পী তথা বিছমিল্লা খান যুৱ সংগীত নাটক একাডেমী বঁটা প্ৰাপক শিল্পীকা বৰদলৈৰ এই সফলতাক লৈ সাংস্কৃতিক ক্ষেত্ৰখনত আনন্দৰ বন্যা বোৱাৰ লগতে সকলোৱে তেওঁক কৰিছে প্ৰশংসা । এইগৰাকী চলচ্চিত্ৰ পৰিচালকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "মই ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ছবিখনৰ নাম হৈছে Mau: The Spirit Dreams of Cheraw । মিজো ভাষাত Mau মানে বেম্বো অৰ্থাৎ বাঁহ আৰু Cheraw হৈছে বেম্বো ডেন্স । বাঁহ আৰু মানুহৰ মাজত থকা সৰ্ম্পকৰ বিষয়ে মই বহু বছৰৰ পৰা গৱেষণা কৰি আহিছো । গৱেষণাৰ অন্তত মই ২০২৩ চনত এই ছবিখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলো । মিজোৰামৰ বিভিন্ন লোকেচনত গৈ কাম কৰা হৈছিল ।"

বেম্বো ডেন্সৰ আঁৰৰ কাহিনী :

বেম্বো ডেন্সৰ আঁৰত আছে কাহিনী । এই বিষয় জনসাধাৰণৰ মাজত উপস্থাপন কৰাৰ উদ্দেশ্য়ে ছুটি ছবিখন নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি শিল্পীকা বৰদলৈয়ে কয়, "এই ছবিখন হৈছে থলুৱা লোক সংস্কৃতিৰ কাহিনী । কেনেকৈ বেম্বো ডেন্সৰ আঁৰত লুকাই আছে এটা কাহিনী, ফিল্মখন চালে সেইসমূহ বিষয়বস্তু লাভ কৰিব । সহজ অৰ্থত কবলৈ গ'লে ইয়াৰ কাহিনীটো হ'ল কিহৰ কাৰণে বেম্বো ডেন্স কৰা হয় । ছবিখন চালেই সেয়া বুজি পাব ।"

৮ মিনিটৰ ছবিতেই সকলো প্ৰকাশ হৈছে :

National Film Award for Best Debut Film of a Director winner Shilpika Bordoloi
মাতৃৰ সৈতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী শিল্পীকা বৰদলৈ (ETV Bharat Assam)

এই ছবিখন ৮ মিনিট ২১ ছেকেণ্ডৰ । এখন ছুটি ছবিখনত কেনেদৰে জড়িত হৈ আছিল সেই সম্পৰ্কে ব্য়াখ্য়া কৰি তেওঁ কয়, "এই ছবিখনত মই নিজেই কেমেৰাৰ সন্মুখত আৰু কেমেৰাৰ পিছফালে থাকিও কাম কৰিছো । এটা মিজো সাংস্কৃতি দলে বেম্বো ডেন্স প্ৰদৰ্শন কৰিছিল । লগতে মিউজিচিয়ানো আছিল ।"

তিনিবছৰ বয়সৰ পৰাই নৃত্য় কৰিছে শিল্পীকাই :

শিল্পীকা বৰদলৈ শৈশৱৰে পৰাই নৃত্য়ৰ সৈতে জড়িত হৈ আহিছে বুলি উল্লেখ কৰি কয়, "মোৰ যাত্ৰা আৰম্ভ হৈছিল নৃত্যৰ জৰিয়তে আৰু তিনি বছৰ বয়সৰ পৰাই নৃত্য় কৰিছো । মণিপুৰী আৰু ভাৰত নাট্য়ম শিকিছো । তাৰ পিচত মই মোৰ শাৰীৰিক অভিনয় শৈলীৰে কিছু কাহিনী ক'বলৈ আৰম্ভ কৰিলো ।"

তেওঁৰ নতুন পৰিকল্পনা সন্দৰ্ভত কয়, "অসমৰ পটভূমিতত প্ৰকৃতি আৰু মানুহ সম্বন্ধক লৈ এখন দীঘলীয়া ছবি আৰম্ভ কৰিম । ছবিখন এতিয়া যাত্ৰা পথত আছে আৰু সময় ১ ঘন্টা হ'ব ।" উল্লেখ্য় যে শিল্পীকা বৰদলৈৰ নৃত্যৰ পথাৰখন দেশ-বিদেশলৈও সম্প্ৰসাৰিত ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ সন্মান আজুৰিলে 'ৰঙাটাপু ১৯৮২' এ - NATIONAL FILM AWARDS 2025

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; ১২ ফেইললৈ শ্ৰেষ্ঠ ছবি, ৰাণী মূখাৰ্জীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা - 71ST NATIONAL FILM AWARDS