ETV Bharat / entertainment

প্ৰত্যাশিত অসমীয়া ছবি 'তাৰিখ'ৰ মুক্তিৰ দিন ঘোষণা

অহা ২২ আগষ্ট তাৰিখে মুক্তি লাভ কৰিব প্ৰত্যাশিত অসমীয়া ছবি 'তাৰিখ' । 'পুষ্পা ২' ৰ বাবে পূৰ্বে সলনি কৰা হৈছিল ছবিখনৰ মুক্তিৰ দিন ।

Assamese film Tarikh
প্ৰত্যাশিত অসমীয়া ছবি 'তাৰিখ'ৰ মুক্তিৰ দিন ঘোষণা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 7:27 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : বিগত বৰ্ষত মুক্তি লাভ কৰিবলগীয়া প্ৰত্যাশিত অসমীয়া ছবি 'তাৰিখ'ৰ মুক্তিৰ দিন ঘোষণা । অহা ২২ আগষ্ট তাৰিখে মুক্তি লাভ কৰিব প্ৰত্যাশিত অসমীয়া ছবি 'তাৰিখে' । অৰুন্ধতী শর্মা বৰুৱা আৰু ডঃ মুক্তিস্মান হাজৰিকাৰ দ্বাৰা প্ৰযোজিত 'তাৰিখ'ৰ পৰিচালক হৈছে হিমজ্যোতি তালুকদাৰ । ২০১৮ বৰ্ষত বহু চৰ্চিত ‘কেলেণ্ডাৰ’ চিনেমাখনৰ যোগেদি পৰিচিত হৈ পৰা হিমজ্যোতি তালুকদাৰৰ ‘তাৰিখ’ হৈছে দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ।

এগৰাকী বৰ্ষীয়ান ব্যক্তিৰ নিসংগতা, যন্ত্ৰণাৰ পৰা পোৱা পৰিত্ৰাণক মূল উপজীব্য হিচাপে লৈ নিৰ্মাণ কৰা হৈছে 'তাৰিখ' ছবিখন । পৰিচালক হিমজ্যোতি তালুকদাৰে জনোৱা অনুসৰি, "বৰ্তমানৰ পৰা বিচ্ছিন্ন ৭০ বৰ্ষীয় দুৰ্লভ দত্তই জীৱনৰ বিয়লিবেলাত সাৰথি কৰি লয় নিসংগতাক । ২০০৮ চনত ঘটা এক অপ্ৰত্যাশিত ঘটনাই স্তব্ধ কৰি দিছিল দুৰ্লভ দত্তৰ সময়ৰ গতি । পৃথিৱীখন আগবাঢ়ি যোৱাৰ সময়তে স্থবিৰ হৈ পৰিছিল তেখেতৰ জীৱনৰ গতি । তেনে এক সময়তে এগৰাকী সৎ তথা উদাৰ সাংবাদিকে দুৰ্লভ দত্তক মানসিক যন্ত্ৰণাৰ পৰা মুক্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে । এই কাহিনীৰ আধাৰতে ছবিখন নিৰ্মাণ কৰা হৈছে ।"

ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ নাথ, বলোৰাম দাস, স্বাগতা ভৰালী আৰু কুল কুলদীপে । ছবিখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী সংগীত পৰিচালক তাৰালি শৰ্মাই । শব্দ ৰূপাংকণ কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী দেৱজিত গায়নে আৰু চিত্ৰগ্ৰহণৰ দায়িত্ব পালন কৰিছে অনিৰুদ্ধ বৰুৱাই ।

উল্লেখ্য যে, "বিগত বৰ্ষৰ ৬ ডিচেম্বৰ তাৰিখে ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও 'পুষ্পা ২' ৰ বাবে সলনি কৰিবলগীয়া হৈছে মুক্তিৰ দিন । ৫ ডিচম্বৰত মুক্তি লাভ কৰিছিল 'পুষ্পা ২' ছবিখনে । ছবিগৃহত মুক্তিলাভ নকৰিলেও ইতিমধ্যে 'তাৰিখে' বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় মহোৎসৱলৈ নিৰ্বাচিত হৈ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : ছবিগৃহলৈ আহিয়েই আছে দৰ্শক; দ্বিতীয় সপ্তাহতো সগৌৰৱে দৌৰিছে ৰুদ্ৰ

থিয়েটাৰৰ পৰা ৰূপালী পৰ্দালৈ অভিনেত্ৰী নন্দিনী কাশ্যপৰ অভিনয় যাত্রা

ধৰ্মীয় কিতাপ পঢ়ি অভিনয় জগতৰ পৰা আঁতৰি অহা এগৰাকী অভিনেতাৰ কাহিনী