বিশেষ ৭ টা দিনৰ অভিজ্ঞতাৰে নিৰ্মাণ কৰা এখন অৰুণাচলী চিনেমা ‘Alokanv’
অসমৰ পৰিচালকৰ পৰিচালনাৰে শীঘ্ৰে আহি আছে এখন অৰুণাচলী ছবি ‘Alokanv’ ৷ ইতিমধ্যে কেইবাখনো চলচ্চিত্ৰ সমাৰোহত মনোনয়ন লাভ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ছবিখনে ।

By ETV Bharat Entertainment Team
Published : March 10, 2025 at 12:12 PM IST
গুৱাহাটী : অসমৰ পৰিচালকৰ পৰিচালনাৰে শীঘ্ৰে আহি আছে এখন অৰুণাচলী ছবি ‘Alokanv’ ৷ ছবিখনে ইতিমধ্যে কেইবাখনো চলচ্চিত্ৰ সমাৰোহত মনোনয়ন লাভ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । ডিপি এণ্টাৰটেইনমেণ্ট আৰু ফায়াৰফ্লাই ফিল্মছৰ বেনাৰত ছবিখনৰ পৰিচালনা কৰিছে পৰমেশ ডেকাই ।
ছবিখনৰ সন্দৰ্ভত নিৰ্মাতাগোষ্ঠীয়ে জনোৱা অনুসৰি, "ছবিখনৰ কাহিনী মূলতঃ এগৰাকী যুৱ সাহিত্যিকৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে । অৰ্ণৱ নামৰ এগৰাকী যুৱ সাহিত্যিকে অসমৰ পৰা অকণমান দূৰলৈ গৈ জীৱনৰ অভিজ্ঞতা ল'ব বিচাৰে । তাৰ বাবে তেখেত গৈ পায়গৈ অৰুণাচল প্ৰদেশত থকা তেখেতৰেই এগৰাকী বান্ধৱী ন্যুমচেনৰ ওচৰত । তেওঁৰ এই যাত্ৰা সাত দিনৰ বাবে চলে ৷ সাত দিনৰ এই বিশেষ যাত্ৰাত অৰ্ণৱে অৰুণাচলৰ প্ৰান্তে প্ৰান্তে সম্পৃক্ত হৈ থকা কৃষ্টি-সংস্কৃতি তথা অৰুণাচলৰ সেই বিশেষ অঞ্চলটোৰ লোকসকলৰ মাজত থকা বিশ্বাসৰ সৈতে জড়িত বিভিন্ন কাহিনীৰ অভিজ্ঞতা আহৰণ কৰে ।"

লগতে নিৰ্মাতাই কয়, "কাহিনীভাগ তেনেদৰেই আগবাঢ়ে আৰু তাতেই সোমাই থাকে আন এটা ৰহস্যৰ গাঁথা । গাঁওখনত থকা ‘ইয়াপোম’ নামৰ এক গুপ্ত শক্তিৰ কথা জানিব পাৰে অৰ্ণৱে, যাক গালো জনগোষ্ঠীয়ে প্ৰকৃতিৰ ৰক্ষক আৰু আত্মাৰ বিভূতি হিচাপে বিশ্বাস কৰে । তেওঁলোকৰ বিশ্বাস অনুসৰি এই গুপ্ত শক্তিৰ আশীৰ্বাদত সৌভাগ্য উদয় হয়, আনহাতে যদি ইয়াৰ ৰোষত পৰে, তেতিয়া ভয়ংকৰ বিপৰ্যয় নামি আহে । অৰ্ণৱে প্ৰথমতে এই কাহিনীক কল্পনা হিচাপে নাকচ কৰে যদিও যিমান দিন যায় তেওঁ কিছু অদ্ভুত, অপৰিৱৰ্তনীয় ঘটনাৰ সাক্ষী হয় । গালো ভাষাত নিৰ্মিত এই ছবিখনত আপোনালোকে গালো ভাষী লোকসকল প্ৰকৃতিৰ সৈতে কিমান সক্ৰিয়ভাৱে জড়িত সেয়া স্বচক্ষে দেখিবলৈ পাব । আপোনালোকক আমি বৰ্তমানৰ বাবে ছবিখনৰ থূল মূল ব্যাখ্যাহে দিছো ।"
ছবিখনৰ কাহিনী তথা ৰচনা নীল বৰ্মন আৰু কিশলয় বুজৰবৰুৱাৰ । সহযোগী পৰিচালক হিচাপে আছে মনীষ বৰ্মন । সংগীত বলেন পাঠকৰ লগতে বেকগ্ৰাউণ্ড স্কৰ আয়ান জ্যোতি দাসৰ । ডি অ’ পিত আছে পাপু ডেকা । গালো গীতত সহযোগ কৰিছে ডেৱদি এংগ' আৰু ডবম ডজিয়ে । ছবিখনত অভিনয় কৰিছে ক্ৰমে অতনু মহন্তৰ লগতে বহু কেইগৰাকী গালো অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনে ইতিমধ্যে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত মনোনয়ন লাভ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : জুবিন গাৰ্গৰ সৈতে এইবাৰ বিহুত গীত পৰিৱেশন নকৰে কণ্ঠশিল্পী শতাব্দী বৰাই

