ETV Bharat / entertainment

19 এপ্ৰিলত মাইনিক বিচাৰি ছবিগৃহলৈ যাবনে ? - Finding Maini

Finding Maini : হাঁহিবলৈ সাজু হওক ৷ বিহুৰ সমান্তৰালকৈ ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "ফাইণ্ডিং মাইনি"।

Finding Maini
19 এপ্ৰিলত মাইনিক বিচাৰি ছবিগৃহলৈ যাবনে ?
author img

By ETV Bharat Assamese Team

Published : April 9, 2024 at 4:07 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 9 এপ্ৰিল : চিনেমাপ্ৰেমীলৈ সুখবৰ । অহা ১৯ এপ্ৰিলত ৰাজ্যৰ প্ৰতিটো ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "ফাইণ্ডিং মাইনি"। চলিত বৰ্ষত মুক্তি পাবলগীয়া বহু প্ৰত্যাশিত ছবিৰ মাজৰ এখন ছবি হৈছে "ফাইণ্ডিং মাইনি"। তিনিগৰাকী বন্ধুৰ কাহিনীক আধাৰ হিচাপে নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা বিজন বিকাশ ব্ৰহ্মৰ ।

যুৱপ্ৰজন্মৰ জীৱনৰ কিছু খেলি-মেলি, সুখ-দুখ, হাঁহি-কান্দোনক লৈ ব্যংগ আকাৰে প্ৰস্তুত কৰি উলিওৱা এই ছবিখন । এক্স ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ প্ৰযোজনা কৰিছে কুশল কুমাৰ ব্ৰহ্মই । লগতে ছবিখনৰ সহঃপ্ৰযোজক বিজন বি ব্ৰহ্ম, দিপাংকৰ কলিতা আৰু পাপলু চৌধুৰী । সহকাৰী পৰিচালনা- কিশালয় এম বি বৰুৱা, অলকেশ পাঠক । ছবিখনৰ চিত্ৰনাট্য কিশালয় এম বি বৰুৱাৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">
আনহাতে আহিবলগীয়া এই নতুন ছবিখনত অভিনয় কৰিছে বনি দেউৰী, দীপাংকৰ কলিতা, দৰথী ভৰদ্বাজ, অতনু মহন্ত, ঋষভ শৰ্মা, নন্দিনী দাস, শশাংক দাস, সাগৰিকা গোস্বামী, সুৰুজ কুমাৰ কলিতা, কিশালয় এম বি বৰুৱা, জ্যোতি বৰা, ভাস্কৰ কলিতা, জুবিন ফুকন আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে সুৰজ শেখৰ শৰ্মাই। ৰূপসজ্জা কৰিছে পলি গগৈ, ৰিম্পি বৰগোহাঁইয়ে । শব্দ উদ্দীপ্ত ডেকা, চুমন কাশ্যপ, পাপলু চৌধুৰীৰ । লগতে শব্দৰ ডিজাইন কৰিছে পাপলু চৌধুৰীয়ে । ছবিখনত সংগীত কৰিছে হাৰ্জিত ডিয়াজে ।

শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰটোৱে মুক্তি লাভ কৰিছে। ট্ৰেইলাৰৰ মুক্তিৰ পাচতে সামাজিক মাধ্যমত ছবিখনে বিশেষ চর্চা লাভ কৰা পৰিলক্ষিত হৈছে । ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক: মুক্তিৰ তাৰিখ পিছুৱালে বড়ে মিয়া ছোটে মিয়াৰ - Bade Miyan Chote Miyan