অভিলেখ গঢ়াৰ দিশে বিদুৰভাই...এতিয়ালৈকে মুঠ সংগ্ৰহ কিমান জানেনে ? - Bidurbhai Box Office Collection
Bidurbhai: অভিলেখ গঢ়াৰ দিশে বিদুৰভাই । দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা এই অসমীয়া ছবিখনৰ মুক্তিৰ ১২ দিনত এতিয়ালৈকে কিমান সংগ্ৰহ কৰিলে পঢ়ক সবিশেষ...

Published : July 31, 2024 at 1:47 PM IST
|Updated : July 31, 2024 at 4:10 PM IST
গুৱাহাটী, 31 জুলাই: কি উজনি, কি নামনি অসমৰ প্ৰতিটো চুকে-কোণে সকলোৰে মুখত মাথো এটাই নাম 'বিদুৰভাই' । 'শ্ৰী ৰঘুপতি'ৰ সফলতাৰ পাচত সুব্ৰত কাকতিয়ে পৰিচালনা কৰা দ্বিতীয়খন অসমীয়া ছবি বিদুৰভায়ে অসমৰ প্ৰতিটো ছবিগৃহতে এতিয়া দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈয়ে ।

গাঁৱৰ পৰা আৰম্ভ কৰি এতিয়া চহৰলৈ 'বিদুৰভাই' চাবলৈ ৰাইজে হেঁতা-ওপৰা কৰাও পৰিলক্ষিত হৈছে । ছবিখনৰ মুঠ কালেকচনে প্ৰকাশ কৰিছে ছবিখনৰ প্ৰতি দৰ্শকৰ মৰম কিমান । মুক্তিৰ পৰা আৰম্ভ কৰি আজিলৈ অৰ্থাৎ ১২ দিনত ছবিখনে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে প্ৰায় ৫.১০ কোটি টকা । ইফালে ছবিখন মুক্তিৰ প্ৰথম সপ্তাহৰ মুঠ কালেকচন আছিল ৩.০৯ টকা আৰু মুক্তিৰ প্ৰথম তিনিদিনৰ মুঠ কালেকচন ১.২৪ কোটি টকা ।
২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰা 'বিদুৰভাই' ৱেবচিৰিজখনৰ পৰৱৰ্তী চিৰিজলৈ দৰ্শক কিমান আগ্ৰহেৰে ৰৈ আছিল সেয়া প্ৰকাশ পাইছে ছবিখনৰ মুঠ কালেকচনত । ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ মুঠ ২৪৯টা ছবিগৃহত চলি থকা ছবিখন মুক্তিৰ প্ৰথম দিনাৰ সংগ্ৰহৰ পৰাই প্ৰতিটো দৰ্শনীত হাউচফুল হিচাপে দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে । লগতে বহু ঠাইত দুই-তিনিদিনৰ বাবে দৰ্শকে অপেক্ষা কৰিবলগীয়া হৈছে টিকট বুকিঙৰ বাবে ।
অত্যন্ত চিনাকী মুখ একোখন নহ'লেও ভাল কাহিনী আৰু পৰিচালনাৰে যে এখন সুন্দৰ ছবি নিৰ্মাণ কৰিব পাৰি তাৰেই প্ৰমাণ দাঙি ধৰিছে ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়ে । ছবিখনত অভিনয় কৰা চুমকী কছাৰী, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াকে ধৰি প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ লগতে ছবিখনৰ লগত জড়িত প্ৰতিগৰাকী কলা-কুশলীৰ প্ৰসংশাত পঞ্চমুখ সকলো দৰ্শক ।

