ETV Bharat / entertainment

পুনৰ মঞ্চত জীৱন্ত হ'ব 'মহাবীৰ পৃথু' - Historical drama Mahaveer Prithu

Prabhat Goswami books: সোমবাৰে মঞ্চস্থ কৰা হ'ব বুৰঞ্জীধৰ্মী নাট 'মহাবীৰ পৃথু' । সন্ধিয়া ৬.৩০ বজাত মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব ইতিহাসধৰ্মী নাট 'মহাবীৰ পৃথু' । নাটখনৰ ৰচনা বিশিষ্ট নাট্যকাৰ প্ৰভাত গোস্বামীৰ । পৰিচালনা স্মিতা বৰ্মনৰ ।

Assamese drama 'Mahavir Prithu' to be staged at Kalakshetra on Monday
পুনৰ মঞ্চত জীৱন্ত হ'ব 'মহাবীৰ পৃথু' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 29, 2024 at 5:04 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী,২৯ ছেপ্টেম্বৰ: বুৰঞ্জীৰ বুকুৰ এটা কাহিনীক লৈ সোমবাৰে অৰ্থাৎ ৩০ ছেপ্টেম্বৰত মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব নাট্য বীথিকাৰ নিবেদন ইতিহাসধৰ্মী নাট 'মহাবীৰ পৃথু' । বুৰঞ্জীমূলক এই নাটখনৰ ৰচনা বিশিষ্ট নাট্যকাৰ প্ৰভাত গোস্বামীৰ । আনহাতে নাটখনৰ পৰিচালনা স্মিতা বৰ্মনৰ । মহানগৰীৰ জু-ৰোড শান্তিপথত চলিছে এতিয়া নাটকৰ অন্তিম আখৰা ।

সোমবাৰে মঞ্চস্থ হ'বলগীয়া এই নাটখনত মহাবীৰ পৃথুৰ চৰিত্ৰত অভিনয় কৰিব নৱজিৎ কোঁৱৰে, বখতিয়াৰ খিলিজিৰ চৰিত্ৰত অভিনয় কৰিব প্ৰাণজিৎ কলিতা, মাজেলাৰ চৰিত্ৰত গায়ত্ৰী বৰা, চম্পাৱতীৰ চৰিত্ৰত ছিমি দাস, চন্দ্ৰাৰ চৰিত্ৰত কৃষ্ণা কল্যাণী, কাকতিৰ চৰিত্ৰত ডাঃ কমল দেৱ গোস্বামী, আলী মেছৰ চৰিত্ৰত ৰাজু বৰা, জলালউদ্দীনৰ চৰিত্ৰত জোন বৰা, সেনাপতিৰ চৰিত্ৰত চিন্ময় কলিতা, খেতিয়কৰ চৰিত্ৰত বিশাল ডেকা, আৰু প্ৰহৰীৰ চৰিত্ৰত অভিষেক বৰঠাকুৰে অভিনয় কৰিব । সংগীত ৰণ্টু মহন্ত আৰু পোহৰ হেমন্ত ৰাজকোঁৱৰৰ । নৃত্যশিল্পী হিচাপে থাকিব পিংকি ডেকা আৰু অজন্তা । সাজসজ্জা মৃদু মৌচম বৰাৰ ।

পুনৰ মঞ্চত জীৱন্ত হ'ব 'মহাবীৰ পৃথু' (ETV Bharat Assam)

উল্লেখযোগ্য যে, ১৩ শতাব্দীত কামৰূপৰ ৰজা আছিল 'মহাবীৰ পৃথু' আৰু সেইসময়ত বখতিয়াৰ খিলিজিয়ে বংগদেশ জয় কৰি কামৰূপৰ মাজেৰে তিব্বতলৈ যাবলৈ আহিছিল আৰু সেই যাত্ৰাৰ সময়ত তিব্বতৰ বৌদ্ধ মঠ আদি ধ্বংস কৰা এক পৰিকল্পনা কথা সেই সময়ৰ কামৰূপৰ ৰজা পৃথুয়ে জানিব পৰিছিল ।

সেয়ে পৃথুয়ে সেই কথা জানিব পাৰি বহুত পৰিকল্পনাৰে খিলিজিক আগভেটি ধৰি বহু সৈন্যক পৰাস্ত কৰিছিল আৰু সেই যুদ্ধত খিলিজি কোনো মতে পলায় গৈ বংগ দেশ পায়গৈ । পৃথুয়ে যি দৰে যুদ্ধখন কৰিলে সেইখিনি সংঘটিত এক বীৰত্বৰ কথা । সেই কাহিনীৰ ওপৰত এই নাটখন ৰচনা কৰা হৈছে নাটখন । ৩০ ছেপ্টেম্বৰ সন্ধিয়া ৬.৩০ বজাত মঞ্চস্থ কৰা হ'ব নাটখন ।

লগতে পঢ়ক: পোন প্ৰথমবাৰৰ বাবে মঞ্চস্থ হ’ব পৃথু - Historical drama Prithu

ইতিহাসধৰ্মী নাট মহাবীৰ পৃথু মঞ্চস্থ কৰিবলৈ সাজু হৈছে এজাক নাট্যপ্ৰেমী - Historical drama Mahaveer Prithu