গুৱাহাটী: পূব-গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীক চৰম অপমান কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অব্য়াহত আছে । বুধবাৰে পূব-গুৱাহাটী বিহু সন্মিলনীত পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হোৱা দিগন্ত ভাৰতীক সেই অনুষ্ঠানত আয়োজক সমিতিৰে কেইগৰাকীমান বিষয়ববীয়াই অপমান কৰা ঘটনাৰ বিৰুদ্ধে জাঙুৰ খাই ওলাই আহিল শিল্পী সমাজ ।
উক্ত ঘটনাৰ পিছতেই সামাজিক মাধ্যমত একাংশ কণ্ঠশিল্পী একত্ৰিত হৈ জাঙুৰ খাই উঠে পূব গুৱাহাটী বিহু সন্মিলনীৰ আয়োজক সমিতিৰ বিৰুদ্ধে । দেওবাৰে দিগন্ত ভাৰতীক পূব গুৱাহাটী বিহু সন্মিলীৰ বিষয়ববীয়াই কৰা অপমানৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শিল্পীসমাজ ।
চান্দমাৰীৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বহু কেইগৰাকী বিশিষ্ট শিল্পী । পূব গুৱাহাটী বিহু সন্মিলনীয়ে অতি শীঘ্ৰে দিগন্ত ভাৰতীক ক্ষমা খোজাৰ দাবী জনাইছে । লগতে ক্ষমা নোখোজা পৰ্যন্ত পূব গুৱাহাটী বিহু সন্মিলনীক বৰ্জন কৰাৰ ঘোষণা কৰিছে শিল্পী সমাজে ।
শান্তা উজীৰৰ প্ৰতিক্ৰিয়া :
এই সন্দৰ্ভত বিশিষ্ট সংগীত শিল্পী শান্তা উজীৰে মন্তব্য কৰি কয়, "এইটো কেতিয়াও সহ্য কৰা নহয় । মোৰ লগত যদি এই ঘটনাটো হ'লহেঁতেন মই কি কৰিলোহেঁতেন । দিগন্ত ভাৰতী এটা ব্ৰেণ্ড হয়, তেওঁৰ নিচিনা এগৰাকী শিল্পীক যদি মঞ্চৰ পৰা নমাই দিয়া হয় তেন্তে তাতকৈ আৰু ডাঙৰ অপমান কি হ'ব পাৰে । এই ঘটনটো দেখি আমি লাজ পোৱাৰ লগতে অপমানবোধ কৰিছিলো । দিগন্ত ভাৰতীয়ে যেতিয়ালৈ ন্যায় নাপায় তেতিয়ালৈ কোনো শিল্পীয়ে পূব-গুৱাহাটী বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন নকৰিব ।"
সাংস্কৃতিক দায়িত্ব কেৱল শিল্পীৰ নেকি ?
বিশিষ্ট গায়িকা সন্ধ্যা মেননে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "সাংস্কৃতিক দায়িত্ব কেৱল শিল্পীৰ নেকি ? অন্য লোকসকলৰ নহয় নেকি ? যিসকল মানুহে দিগন্ত ভাৰতীক মঞ্চৰ পৰা নমাই দিলে তেখেত সকলেও সম্পূৰ্ণ অসমীয়া সাজ-পাৰ পৰিধান নাই কৰা । যদি সঁচাকৈয়ে অসমীয়া সাজ-পাৰ পৰিধান কৰিব লাগে তেন্তে বাদ্যযন্ত্ৰী, সমিতিৰ বিষয়বীয়া সকলেও সম্পূৰ্ণ অসমীয়া সাজ-পাৰ পৰিধান কৰিব লাগিছিল ।"
"অকল এজন মানুহক আঙুলিয়াই দিয়াটো তেওঁলোকে ভাল কাম নাই কৰা, এইটো খুৱ ভুল কাম কৰিছে । তেওঁলোকে ক্ষমা খোজা নোখোজা সেইটো ডাঙৰ কথা নহয় । কালিলৈ একে ঘটনাৰ যে পুনৰাবৃত্তি নহ'ব তাৰ কোনো মানে নাই । যদি ক্ষমা খোজে তেতিয়া আমি চিন্তা কৰিম আৰু যদি নোখোজে তেতিয়া আমি পূৱ-গুৱাহাটীৰ বিহুখন বয়কট কৰিম ।" তেওঁ কয় ।
বিশিষ্ট কণ্ঠশিল্পী মালবিকা বৰাই কি কয় ?
বিশিষ্ট কণ্ঠশিল্পী মালবিকা বৰাই কয়, "ক্ষমা খোজাটো কোনো ডাঙৰ কথা নহয় । ভুলটো স্বীকাৰ কৰিলেই হ'ল । তেতিয়া তেওঁলোকক সকলোৱে ক্ষমা কৰিব আৰু কথাটো ইমানতে সাম কাটিব ।"
বিশিষ্ট শিল্পী ৰমেন চৌধুৰীৰ মন্তব্য
বিশিষ্ট শিল্পী ৰমেন চৌধুৰীয়ে কয়, "এনে কোনো বিশেষ ব্যক্তিক মাতি নি অপমান কৰাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰো । তেওঁলোকে নিজৰ ভুলটো স্বীকাৰ কৰি ক্ষমা খোজক ।" লগতে অন্য বিহুতলীত বৰ্তমান বা ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে অনুৰোধ জনায় শিল্পীগৰকীয়ে ।
পৰিচালক ৰাজেশ ভূঞাৰ প্ৰতিক্ৰিয়া
পৰিচালক ৰাজেশ ভূঞাই কয়, "দিগন্ত ভাৰতীৰ লগত এনেকুৱা এটা ব্যৱহাৰৰ হোৱাটো আমি সকলোৱে অন্তৰত আঘাত পাইছো । দিগন্ত ভাৰতীৰ লগত ন্যায় নোহোৱালৈকে আগন্তুক সময়ছোৱাত পূৱ-গুৱাহাটী বিহু মঞ্চত আমাৰ কোনো অভিনেতা-অভিনেত্ৰীয়ে কোনো ধৰণে অংশগ্ৰহণ কৰিব নোৱাৰিব । এইয়া আমি চলচ্চিত্ৰ সমাজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছো ।"

আনহাতে উক্ত প্ৰতিবাদস্থলীৰ পৰাই গুৰুক কৰা অপমান কোনো কাৰণতে সহ্য নহয় বুলি মন্তব্য কৰিছে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে । লগতে ক্ষমা নোখোজা পৰ্যন্ত পূৱ-গুৱাহাটী বিহু মঞ্চত অনুষ্ঠান পৰিবেশন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰিয়ংকা ভৰালীৰ লগতে ৰিছা ভৰদ্বাজ, ৰূপা কাশ্যপৰ উপৰি নৱ প্ৰজন্মৰ কেইবাগৰাকীও কণ্ঠশিল্পীৰ । অভিনেতা যতীন বৰায়ো এই সমগ্র ঘটনাক গৰিহণা দিছে ।