ETV Bharat / entertainment

শিল্পীৰ কোনো জাতি-ধৰ্ম নাথাকে: যতীন বৰাই কিয় ক'লে এনেকৈ ?

মৰ্মিতা মিত্ৰক লৈ চলি বিতৰ্কৰ মাজতে অভিনেতা যতীন বৰাৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

Majuli Mobile Theatre cricket
হেঙুল থিয়েটাৰ আৰু ইতিহাস থিয়েটাৰৰ প্ৰীতি ক্ৰিকেট খেল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 7:44 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী : পশ্চিমবংগৰ কন্যা তথা অসমৰ বোৱাৰী মৰ্মিতা মিত্ৰক লৈ শেহতীয়াকৈ অসমত ব্যাপক বিতৰ্ক হৈছে । প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়াললৈ আৰ্থিক সহায় আগবঢ়োৱাৰ পিছতে মৰ্মিতা মিত্ৰক লৈ বিতৰ্ক অধিক তীব্ৰতৰ হৈ পৰিছে । অসমৰ বহু কণ্ঠশিল্পী তথা সাংস্কৃতিক ক্ষেত্ৰৰ লোকে এই বিতৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তাৰ মাজতে পশ্চিমবংগৰ শিল্পীগৰাকীৰ পক্ষত দেওবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে অভিনেতা যতীন বৰাই ।

শিল্পীৰ প্ৰতিভাক কোনেও ঢাকি ৰাখিব নোৱাৰে

শিল্পীৰ কোনো জাতি-ধৰ্ম নাথাকে (ETV Bharat)

মৰ্মিতা মিত্ৰৰ প্ৰসংগত যতীন বৰাই কয়, "শিল্পীৰ কোনো জাতি-ধৰ্ম নাথাকে । শিল্পীৰ টেলেণ্টক কোনেও ঢাকি ৰাখিব নোৱাৰে । বহু বাহিৰৰ শিল্পীয়েও অসমীয়া ছবিত গান গাইছে । জুবিনেই হওঁক বা পাপনেই হওঁক বাহিৰত গৈ গান গাইছে । এনেকুৱা ধৰণৰ ট্ৰেণ্ড চলি আছে আৰু আগলৈও চলি থাকিব । লতা মংগেশকাৰৰ পৰা আৰম্ভ কৰি ঊষা মংগেশকাৰলৈ এই প্ৰক্ৰিয়া চলি আছে । মোৰ ৰাঘৱ ছবিখনৰো কণ্ঠশিল্পী এগৰাকী বাহিৰৰ । তেওঁ বহুকেইখন অসমীয়া ছবিত গান গাইছে । মই ভাবো এইটো এটা নিয়ম ।"

মৰ্মিতা মিত্ৰক শুভেচ্ছা জনাই তেওঁ কয়, "শুভেচ্ছা থাকিল তেওঁলৈ আৰু আগলৈও ভাল ভাল কাম কৰক । তেওঁ ভাল ভাল গান গাই আছে, মই নিজেও শুনিছো । সেইদিনা অনুপমৰ লগত এটা এলবামো দেখিলো । মৰ্মিতা মিত্ৰলৈ শুভেচ্ছা জনাইছোঁ তেওঁ অসমৰ ৰাইজক আৰু ভাল ভাল কাম উপহাৰ দিয়ক ।"

হেঙুল থিয়েটাৰ আৰু ইতিহাস থিয়েটাৰৰ প্ৰীতি ক্ৰিকেট খেল

উল্লেখ্য যে মাজুলীৰ দুটাকৈ স্থানত অসমৰ দুটাকৈ জনপ্ৰিয় ভ্ৰাম্যমাণ গোষ্ঠীয়ে নাট পৰিৱেশন কৰি আছে । পূব মাজুলীৰ বনগাঁৱত হেঙুল থিয়েটাৰ আৰু জিলা সদৰ গড়মূৰত ইতিহাস থিয়েটাৰে নাট মঞ্চস্থ কৰিছে । অৱশ্যে প্ৰতিকূল বতৰৰ বাবে দুয়োটা নাট্য গোষ্ঠীয়ে শনিবাৰে আধাতে অনুষ্ঠান সামৰিব লগা হয় । তাৰ মাজতে দেওবাৰে দিনৰ ভাগত বতৰ ফৰকাল হোৱাৰ বাবে মাজুলী মহাবিদ্যালয়ৰ দৰিয়া পাৰৰ খেলপথাৰত ভ্ৰাম্যমাণ গোষ্ঠী দুটাই প্ৰীতি ক্ৰিকেট খেলৰ আয়োজন কৰে । য'ত যতীন বৰা, কমল লোচনকে ধৰি বহু কেইগৰাকী শিল্পী তথা কলা-কুশলীয়ে অংশগ্ৰহণ কৰে । ইফালে প্ৰথম নিশা প্ৰতিকূল বতৰৰ বাবে আধাতে দৰ্শনী সামৰিব লগা হয় যদিও দৰ্শকৰ সঁহাৰি দেখি আনন্দিত অভিনেতা যতীন বৰা ।

লগতে পঢ়ক :মৰ্মিতা মিত্ৰই ধন দিয়াৰ ঘোষণা কৰাৰ পাছতে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনৰ সম্পাদকে ক’লে ভাবমূৰ্তি… - MARMITA MITRA RAJIB SADIYA