ETV Bharat / entertainment

কমলৰ ভনীয়েক নহয়, হোমক সাক্ষী কৰি ৰিয়েল লাইফত বিদিশাৰ স্বামী হ’ল মোহন

মোহনৰ কান্ধত এতিয়াৰে পৰা সংসাৰৰ দায়িত্ব । পিছে কমলৰ ভনীয়েকৰ কি হ'ব ?

ASSAMESE actor DEEPJYOTI Keot gets married to bidisha bhuyan
অভিনেতা দ্বীপজ্যোতি কেওট দৰাৰ ৰূপত (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : February 7, 2025 at 5:31 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: ৰিল লাইফত কমলৰ ভনীয়েকৰ পিছে পিছে ঘূৰি ফুৰা মোহন অৱশেষত ৰিয়েল লাইফত স্বামী হ’ল বিদিশাৰ । হয়, আপুনি নিশ্চয়কৈ ভবা বেহাৰবাৰী আউটপ’ষ্টৰ চাহ দোকানী, জনপ্ৰিয় অভিনেতা মোহনৰ কথাই কৈছো ।

বেহাৰবাৰী আউটপ’ষ্টৰ অভিনেতা মোহন তথা নগাঁৱৰ যুৱক দ্বীপজ্যোতি কেওটৰ কান্ধত অৱশেষত পৰিল সংসাৰৰ দায়িত্ব । বৃহস্পতিবাৰে নিশা হোমক সাক্ষী কৰি বিদিশাৰ স্বামীৰ দায়িত্ব গ্ৰহণ কৰিলে দ্বীপজ্যোতি কেওটে ।

হোমক সাক্ষী কৰি বিদিশাৰ স্বামী হ’ল বেহাৰবাৰী আউটপ’ষ্টৰ মোহন ওৰফে দ্বীপজ্যোতি কেওট (ETV Bharat Assam)

নগাঁৱৰ ডিফলুৰ বিদিশা ভূঞাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মোহন । পৰিয়াল তথা আত্মীয় স্বজনৰ উপৰিও সতীৰ্থ অভিনেতা-অভিনেত্ৰীৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশত বিবাহপাশত আৱদ্ধ হয় দ্বীপজ্যোতি কেওট-বিদিশা ভূঞা । বিয়াত উপস্থিত থাকি বেহাৰবাৰী আউটপ’ষ্টৰ সহ-অভিনেতা কে কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই মোহনক শুভেচ্ছা জ্ঞাপন কৰে ৷ বেহাৰবাৰী আউটপ’ষ্টৰ সহ-তাৰকা সুস্মিতা, কমল আদিকে ধৰি আন কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী উপস্থিত থাকি বিয়াৰ পৰিৱেশত ৰহণ সানে ৷ সকলোৱে মোহনৰ বিয়াখন পাৰ্যমানে উপভোগ কৰে ৷ সুস্মিতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী পাৰবিন চুলতানাই কয় যে মোহনৰ বিয়াখনলৈ অপেক্ষা আছিল যদিও ইমান সোনকালে বিয়াত বহিব বুলি ভবা নাছিল তেওঁ ৷

আনহাতে কে কেই সাংবাদিকৰ প্ৰশ্ন ধেমেলীয়া সুৰেৰে কমললৈ ঠেলি দিয়ে, "তোৰ ভনীয়েৰৰ কি হ’ব ?" কমলৰ ভাষ্য, "ব্ৰেকআপ নাই হোৱা ৷ আন এখন সংসাৰ পাতিছে ৷ আজি মোহন নহয়, দ্বীপ দাৰ বিয়া ৷ ভাল লাগিছে বিয়ালৈ আহি ৷"

সদায় ধেমেলীয়া স্বভাৱতে দেখি থকা মোহনক দৰা সাজত দেখি অনুৰাগী আপ্লুত হৈছে ৷ শুভেচ্ছাবাণীৰে উপচি পৰিছে অভিনেতাগৰাকীৰ ছ’চিয়েল মিডিয়া প্ৰফাইল ৷ বিয়াত শুভাকাংক্ষীৰ অনুৰোধ মৰ্মে দৰা দ্বীপজ্যোতিয়ে বেহাৰবাৰী আউটপ'ষ্টৰ মোহনৰ ভংগীমাৰে কইনা বিদিশাক হোমৰ গুৰিলৈ চিঞৰি মতা দৃশ্যই নেটিজেনৰ হৃদয় জুৰাইছে ৷

লগতে পঢ়ক : মাঘতে মাহ-হালধি ঘঁহিলে মোহনে, কইনা পিছে কোন ?