ETV Bharat / entertainment

মহাকুম্ভ মেলাত পোন প্ৰথমবাৰলৈ ভাওনা

প্রয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰদৰ্শিত হ’ল "ৰাম বিজয়" ভাওনা ৷ অসমৰ কৃষ্টি-সংস্কৃতিক বিশ্ববাসীৰ ওচৰলৈ লৈ যোৱাৰ মানসেৰে আয়োজন কৰা হয় এই ভাওনাৰ ৷

assam pride bhaona staged at mahakumbh mela to showcase assamese culture
মেলাত প্ৰদৰ্শিত হ’ল ৰাম বিজয় ভাওনা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : February 4, 2025 at 1:34 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী : চলিত বৰ্ষৰ 13 জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে মহাকুম্ভ মেলা ৷ মেলালৈ আগমন ঘটিছ দেশ-বিদেশৰ ভক্তপ্ৰাণ ৰাইজৰ ৷ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত পৱিত্ৰ স্নানত ভাগ ল’বলৈ আহিছে বহুসংখ্যক ভক্ত ৷

এই বছৰ অসমৰ পৰাও বহুসংখ্যক লোক গৈছে মহাকুম্ভ মেলালৈ ৷ মহাকুম্ভ মেলাৰ আৰম্ভণিৰ পূৰ্বেই উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী সূৰ্য প্ৰতাপ শ্বাহী গুৱাহাটীত উপস্থিত হৈছিল অসমবাসীক নিমন্ত্ৰণ জনাবলৈ ৷

মেলাত প্ৰদৰ্শিত হ’ল ৰাম বিজয় ভাওনা (ETV Bharat Assam)

দেশৰ আন ৰাজ্যৰ লগতে অসমৰ পৰা যোৱা ভক্তপ্ৰাণ ৰাইজে মহাকুম্ভ মেলাত অসমক চিনাকি কৰাই দিছে বিভিন্ন দিশৰ পৰা ৷ মহাকুম্ভত অংশ লৈছে মাজুলী সত্ৰ আৰু বৰপেটাৰ সত্ৰৰ বহুসংখ্যক ভকতে ৷ 26 ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই মহাকুম্ভ মেলাত শেহতীয়াকৈ প্ৰদৰ্শন কৰা হয় অসমৰ গৌৰৱ ‘ভাওনা’ ৷ ই অসমবাসীৰ বাবে নিশ্চয়কৈ এটা গৌৰৱৰ বিষয় ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্ম প্ৰচাৰৰ যি উদ্দেশ্যে, সেই উদ্দেশ্যে আগত ৰাখিয়েই এই ভাওনা প্ৰদৰ্শন কৰা হয় ৷ প্রয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰদৰ্শিত হোৱা ভাওনাখন হ’ল "ৰাম বিজয়" ৷ মাজুলীৰ শ্ৰীশ্ৰী আউনিআটি সত্ৰৰ পৰা যোৱা ভকতসকলে প্ৰদৰ্শন কৰে এই ভাওনা ৷ ভাওনা উদ্বোধন কৰে শ্ৰীশ্ৰী আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে ৷

এয়া প্ৰথমবাৰৰ বাবে হৈছে, য’ত মহাকুম্ভ মেলাত প্ৰদৰ্শন কৰা হৈছে অসমৰ সত্ৰীয়া সংস্কৃতি । মাজুলীৰ ঐতিহাসিক আউনিআটি সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ দুগৰাকীৰ নেতৃত্বত সত্ৰ দুখনৰ দুটি বৈষ্ণৱ দলে অংশগ্ৰহণ কৰিছে এই মহাকুম্ভ মেলাত । আন এটা উল্লেখ কৰিবলগীয়া কথা হ’ল যে পোন প্ৰথমবাৰৰ বাবে কুম্ভ মেলাত স্থাপন কৰা হৈছে নামঘৰ ৷ পুৱা-গধূলি ভাগৱত পাঠ কৰা হৈছে এই নামঘৰত ৷ বৰপেটা সত্ৰ আৰু মাজুলী সত্ৰৰ ভকতসকলে নিয়মীয়াকৈ কৰিছে ভাগৱত পাঠ ৷ বিশ্ব মানচিত্ৰত যাতে অসমৰ কথা সকলোৱে জানিব পাৰে সেই লক্ষ্যৰেই এই সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ উল্লেখ্য যে প্ৰয়াগৰাজত 45 দিনীয়াকৈ অনুষ্ঠিত হৈছে মহাকুম্ভ মেলা ।

লগতে পঢ়ক : চন্দ্ৰিকা টেণ্ডনলৈ ২০২৫ বৰ্ষৰ গ্ৰেমী বঁটা; প্ৰথম গ্ৰেমী বঁটা লাভ কৰা ভাৰতীয় সংগীতজ্ঞ কোন আছিল জানেনে ?