তিনিখন নাটেৰে ৰাইজৰ মৰম বুটলিবলৈ সাজু থিয়েটাৰ সূৰ্য্য - theatre surjya team
Theatrical year 2024-2025: বুধবাৰে মুক্তি দিয়া হয় এইবর্ষৰ থিয়েটাৰ সূৰ্য্যৰ মূল নাট ‘মৰমত তেজৰ টোপাল’ ৰ প্ৰম’ আৰু নাটখনৰ এটি গীত । মহানগৰীৰ ‘মা’ ষ্টুডিঅ’ত অনুষ্ঠিত হয় এই উন্মোচনী অনুষ্ঠান ।

Published : June 27, 2024 at 12:42 PM IST
গুৱাহাটী, 27 জুন : ২০২৪-২৫ ৰ নাট্যবর্ষৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰতিটো নাট্যগোষ্ঠী । ইতিমধ্যে বহুকেইটা নাট্যগোষ্ঠীৰ নাটসমূহ ঘোষণা কৰা হৈছে । মুক্তি পাইছে বহুকেইখন নাটৰ গীত আৰু প্ৰম’ । তিনিখন নাটকেৰে ২০২৪-২৫ ৰ নাট্যবর্ষৰ বাবে সাজু হৈছে থিয়েটাৰ সূৰ্য্য । এই বর্ষৰ থিয়েটাৰ সূৰ্য্যৰ নাট তিনিখন হৈছে অভিজিৎ ভট্টাচাৰ্যৰ ‘মৰমত তেজৰ টোপাল’, ‘ৰঙা গোলাপৰ ৰং’ আৰু প্ৰশান্ত মেনাৰ ‘সংগীবিহীন সম্ৰাট’ ।
বুধবাৰে মহানগৰীৰ ‘মা’ ষ্টুডিঅ’ত থিয়েটাৰ সূৰ্য্যৰ ২০২৪/২৫ বৰ্ষৰ অভিজিৎ ভট্টাচাৰ্য্যৰ নাট ‘মৰমত তেজৰ টোপাল’ ৰ প্ৰম’ আৰু এটি গীত উন্মোচন কৰা হয় । কণ্ঠশিল্পী দিক্ষুৰ কণ্ঠত প্ৰাণ পাই উঠা ‘আই লাভ ইউ’ গীতটি উন্মোচন কৰা হয় উক্ত অনুষ্ঠানত ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য, প্রযোজক মহেন্দ্ৰ বৰ্মন, পৃষ্ঠপোষক কমল কাকতি, সম্পাদক উত্তম শৰ্মা, অভিনেতা উৎপল দাস, অভিনেত্ৰী ৰুহি, কণ্ঠশিল্পী দিক্ষু, সংগীত পৰিচালক অজয় ফুকনকে ধৰি বহু বিশিষ্ট ব্যক্তি ।
লগতে পঢ়ক : দৰ্শকৰ মন হৰিবলৈ প্ৰস্তুতি চলোৱাত ব্যস্ত প্ৰস্তুতি পৰাশৰ - Abahan Theatre
এইবর্ষৰ থিয়েটাৰ ‘সূৰ্য্য’ সন্দৰ্ভত মন্তব্য কৰি অভিনেতা উৎপল দাসে কয়, ‘এইবৰ্ষৰ থিয়েটাৰ সূৰ্য্যৰ মাজেৰে আমি তিনিখন নাটকৰ সৈতে দৰ্শকৰ কাষলৈ যাম ৷ আজি মৰমত তেজৰ টোপাল নাটখনৰ গীতৰ ভিডিঅ’টি মুক্তি দিয়া হয় । প্ৰতিটো নাট্যদলৰ দৰে আমাৰো এটা প্ৰচেষ্টা মানুহৰ মন জয় কৰাৰ । ৰাইজৰ বহুমূলীয়া সময়ৰ উচিত মূল্য যাতে আমি নাট প্ৰদৰ্শনৰ জৰিয়তে দিব পাৰো তাৰে আপ্ৰাণ চেষ্টা আমাৰ । আশা কৰো ৰাইজে আমাক মৰম দিব ।’
সূৰ্য্য থিয়েটাৰৰ সৈতে জড়িত সকলোৰে আশা এইবছৰ দৰ্শকৰ সোঁত বব থিয়েটাৰ চাবলৈ ৷ 8 জুলাইৰ পৰা আখৰা আৰম্ভ কৰাৰ কথা তেওঁলোকৰ ৷ 45 দিনৰ কাৰ্যসূচী হাতত লৈছে নাট্যদলটোৱে ৷ আনহাতে 16 আগষ্টৰ পৰা নাট মঞ্চস্থ কৰাৰ পৰিকল্পনা কৰিছে তেওঁ ৷
লগতে পঢ়ক : তৰুণ-তৰুণীৰ সমাহাৰেৰে ২০২৪-২৫ বৰ্ষত ৰাইজৰ মাজলৈ আহিব হেঙুল - Interview With Sankalpajit Hazarika

