বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ অসমৰ পৰিচালক - Busan International Film Festival
Director Subrat Kakati: কোৰিয়াৰ বুছান চহৰত অনুষ্ঠিত হ'ব ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । উক্ত মহোৎসৱলৈ নিৰ্বাচিত হৈছে জনপ্ৰিয় পৰিচালক সুব্ৰত কাকতি ।

By ETV Bharat Entertainment Team
Published : October 4, 2024 at 9:04 PM IST
গোলাঘাট,৪ অক্টোবৰ: 'শ্ৰী ৰঘুপতি' আৰু 'বিদুৰভাই'ৰ অভূতপূৰ্ব সফলতাৰে অসমীয়া বোলছবি জগতলৈ সুনাম কঢ়িয়াই অনা পৰিচালক সুব্ৰত কাকতি ভাৰত চৰকাৰৰ অসমৰ হৈ প্ৰতিনিধিৰূপে দক্ষিণ কোৰিয়াৰ বুছান চহৰত ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে মনোনীত হৈছে । উক্ত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আজি বিয়লি নতুন দিল্লীৰ পৰা কাকতিয়ে বুছান অভিমুখে যাত্ৰা কৰিছে ।
যুৱ চলচ্চিত্ৰ পৰিচালকগৰাকীক ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (এন এফ ডি চি) নিৰ্বাচিত কৰিছে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ । এই সম্পৰ্কে সুব্ৰত কাকতিৰ মাতৃ বনশ্ৰী কাকতিয়ে ই টিভি ভাৰতক কয়,"ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে অসমৰ হৈ যুৱ চিত্ৰ নিৰ্মাতা হিচাপে দক্ষিণ কোৰিয়াৰ বুছান চহৰত অনুষ্ঠিত হ'বলগীয়া আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ।"
"উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সকলো সা-সুবিধা ভাৰত চৰকাৰে প্ৰদান কৰি আজি নতুন দিল্লীলৈ ৰাওনা হৈছে । যুৱ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গোলাঘাটৰ পৰা প্ৰথমজন যুৱক যি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব যাৰ বাবে আমি পৰিয়ালৰ তৰফৰ পৰা অত্যন্ত সুখী অনুভৱ কৰিছো ।"
এই সন্দৰ্ভত গোলাঘাটৰ এগৰাকী নাট্যকৰ্মী মীনাক্ষী ফুকনে কয়,"গোলাঘাট সুমন বুলি সকলোৰে মাজত পৰিচিত সুব্ৰত কাকতি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰাৰ বাবে আমি গোলাঘাটবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছো । আমি যিহেতু নাটকৰ লগত জড়িত গতিকে তাত তেওঁ গৈ বহু নতুন নতুন বস্তু শিকিবলৈ সক্ষম হ'ব । তেখেতৰ পৰিয়ালৰ সকলো নাটকৰ লগত জড়িত । গোলাঘাট সাংস্কৃতিক দিশত অগ্ৰণী এখন ঠাই আৰু সুব্ৰতই উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি নতুন নতুন বস্তু শিকিবলৈ সক্ষম হ'ব আৰু তাৰ পৰা আমি আৰু বহুতো আশা কৰি আছো ।"

