ETV Bharat / entertainment

বলীউড, মাৰাঠী, পঞ্জাৱী, অসমীয়া ছবিত ডি আই কালাৰিষ্টৰ কাম কৰা অসম সন্তান সুজিত বৰা অসুস্থ

এশৰো অধিক বলীউড, মাৰাঠী, পঞ্জাৱী, অসমীয়া ছবিৰ ডি আই কালাৰিষ্ট হিচাপে কাম কৰা অসম সন্তান সুজিত বৰা অসুস্থ । সম্প্ৰতি মুম্বাইত চিকিৎসা চলি আছে ৷

assam di colorist sujit bora who worked on films Pardes Hum Dil De Chuke Sanam suffering from VCP myopathy
ডি আই কালাৰিষ্ট অসম সন্তান সুজিত বৰা অসুস্থ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : February 19, 2025 at 9:44 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: বলীউড তথা মাৰাঠীৰ অজস্ৰ বিনোদনধৰ্মী ছবিৰ লগতে অসমলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কঢ়িয়াই অনা বহুসংখ্যক ছবিৰ ডি আই কালাৰিষ্ট সুজিত বৰা অসুস্থ । সম্প্ৰতি মুম্বাইৰ মীৰা ৰোডত থকা ভক্তিবেদান্ত হাস্পতালত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী ।

ভিচিপি মাইঅ’পেথী নামৰ জটিল ৰোগত আক্ৰান্ত হৈ আই চি ইউৰ বিছনাত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে শিল্পীগৰাকী । এই ৰোগৰ চিকিৎসা যথেষ্ট ব্যয়বহুল । সেয়ে শিল্পীগৰাকীক এতিয়া প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ ।

assam di colorist sujit bora who worked on films Pardes Hum Dil De Chuke Sanam suffering from VCP myopathy
ডি আই কালাৰিষ্ট অসম সন্তান সুজিত বৰা (Photo : ETV Bharat Assam)

উল্লেখ্য যে, আজিৰ পৰা প্ৰায় ৩৫ বছৰ আগতেই মাকুমৰ পৰা সুজিত বৰা বৰোদালৈ গৈছিল ফাইন আৰ্টছ পঢ়িবলৈ । সেই শিক্ষা শেষ কৰিয়েই চেন্নাইত দক্ষিণৰ ছবিত স্পেছিয়েল ইফেক্টছৰ কাম কৰিছিল বৰাই । কিছুবছৰ তাত কাম কৰাৰ পাছত তেওঁ মুম্বাইলৈ আহিছিল আৰু দেশৰ আগশাৰীৰ বহু কেইখন হিন্দী ছবিত অনলাইন স্পেছিয়েল গ্ৰাফিক্সৰ কাম কৰিছিল । তেওঁ যেতিয়া কাম আৰম্ভ কৰিছিল সেইসময়ত ছবিত কালাৰ কাৰেকশ্যন, যিটোক ডি আই গ্ৰেডিং বুলি কোৱা হয় তাৰ পৰিৱৰ্তে প্ৰচলন আছিল টেলিচিনে নামৰ মেছিনৰ । মুম্বাইত সেই সময়ত সেই মেছিন আছিল মাত্ৰ ৫ টা । তাৰ ভিতৰত এটা চলাইছিল সুজিত বৰাই ।

assam di colorist sujit bora who worked on films Pardes Hum Dil De Chuke Sanam suffering from VCP myopathy
ডি আই কালাৰিষ্ট অসম সন্তান সুজিত বৰা (Photo : ETV Bharat Assam)

বলীউড তথা মাৰাঠীৰ অজস্ৰ বিনোদনধৰ্মী ছবিৰ ডি আই কালাৰ কৰিছে সুজিত বৰাই । তাৰে ভিতৰত উল্লেখনীয় ছবি কেইখনমান হৈছে- 'পৰদেশ, মৃত্যুদাতা, হাম দিল দে চুকে সনম, কাবাব মে হাড্ডী, এইচে য়ে জহা, গোপী কিষাণ, গদ্দাৰ, কৃষ্ণা, অন্ত, কহো না প্যাৰ হ্যে আদি । আনহাতে ২০১৬ চনৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা কেইবাখনো অসমীয়া ছবিৰ ডি আই কালাৰ কৰিছে সুজিত বৰাই ।

বলীউডৰ বিগ বেনাৰৰ ছবিৰ উপৰিও অসম সন্তান সুজিত বৰাই কাম কৰা অন্যান্য হিন্দী ছবি, মাৰাঠী ছবি, পঞ্জাৱী ছবি, অসমীয়া ছবিৰ তালিকাখন যথেষ্ট দীঘল । কেৱল সেয়াই নহয়, টেলিভিছনৰ বহু জনপ্ৰিয় ধাৰাবাহিকৰো তেওঁ কাম কৰিছে তেওঁ । সুজিত বৰাই কাম কৰা কেইখনমান অসমৰ ছবি হৈছে বিশ্বজিত বৰা পৰিচালিত 'বহ্নিমান', 'ৰক্তবীজ', 'বেলকনীত ভগৱান', 'ফেহুজালি', 'বুম্বা ৰাইড', দীপ চৌধুৰী পৰিচালিত 'আলিফা', ৰীমা বৰাৰ 'অনুনাদ', জয়চেং দহোতীয়াৰ 'জলছবি', ৰমেন বৰাৰ 'মণ্টুৰ মনটো', ৰজনী বসুমতাৰী পৰিচালিত বড়ো ছবি 'গোৰাই ফাখৰী', শিৱাণু বৰা আৰু ৰমেন বৰাই পৰিচালনা কৰা তথ্যচিত্ৰ 'চিকাৰ আৰু চিৎকাৰ', হিমজ্যোতি তালুকদাৰৰ 'কেলেণ্ডাৰ', বাহাৰুল ইছলাম পৰিচালিত 'ছেভেন ষ্ট্ৰিংছ' আদি । এক কথাত ক’বলৈ গ’লে শিল্পীগৰাকীৰ কলাত্মক চিন্তাৰে স্ক্ৰীণত জীপাল হৈ পৰে প্ৰতিটো চৰিত্ৰ, প্ৰতিটো দৃশ্য ।

assam di colorist sujit bora who worked on films Pardes Hum Dil De Chuke Sanam suffering from VCP myopathy
প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ (Photo : ETV Bharat Assam)

দুৰ্ভাগ্যজনকভাৱে এশৰো অধিক ছবিত কাম কৰা শিল্পীগৰাকীৰ খবৰ ল’বলৈ এতিয়া আহৰি নাই কাৰো । যদিহে কোনো সদাশয় ব্যক্তিয়ে শিল্পীগৰাকীক সহায় কৰিব বিচাৰে তেন্তে 9846700655 নম্বৰত যোগাযোগ কৰি সহায় কৰিব পাৰে শিল্পীগৰাকীক ।

assam di colorist sujit bora who worked on films Pardes Hum Dil De Chuke Sanam suffering from VCP myopathy
প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ (Photo : ETV Bharat Assam)

লগতে পঢ়ক : বিশিষ্ট সাংস্কৃতিক কৰ্মী, বলিষ্ঠ অভিনেতা প্ৰবাল প্ৰিয়াংশু দুৱৰা আৰু নাই