ETV Bharat / entertainment

অসম চাৰু-কাৰু কলা পৰিষদৰ উদ্যোগত বাৰ্ষিক কলা প্রদর্শনী

শংকৰদেৱ কলাক্ষেত্ৰৰ কলা বীথিকাত অসম চাৰু-কাৰু কলা পৰিষদৰ উদ্যোগত হৈ আছে বাৰ্ষিক কলা প্রদর্শনী । এই প্রদর্শনীখনত অংশগ্ৰহণ কৰিছে সৰ্বমুঠ ৬৮ গৰাকী চিত্রশিল্পীয়ে ।

Art Exhibition
বাৰ্ষিক কলা প্রদর্শনী (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : August 20, 2025 at 7:47 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম চাৰু-কাৰু কলা পৰিষদৰ উদ্যোগত মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ কলা বীথিকাত অনুষ্ঠিত হৈ আছে বাৰ্ষিক কলা প্রদর্শনী । যোৱা ১৭ আগষ্টৰ পৰা আৰম্ভণি হোৱা এই প্ৰদৰ্শনীৰ অন্ত পৰিব ২৩ আগষ্টত ।

এই বছৰ চিত্ৰ প্ৰদৰ্শনীখন পৰিষদৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট কলা সমালোচক জ্ঞানপীঠ বঁটাপ্রাপক প্রয়াত নীলমণি ফুকন দেৱৰ স্মৃতিত উৎসৰ্গা কৰা হৈছে । উক্ত প্রদর্শনীখনত পৰিষদৰ সমূহ শিল্পী সদস্যসকলৰ নিৰ্বাচিত সৃষ্টিৰাজিসমূহ প্ৰদৰ্শন কৰা হৈছে ।

বাৰ্ষিক কলা প্রদর্শনী (ETV Bharat Assam)

এই প্রদর্শনীখনত সৰ্বমুঠ ৬৮ গৰাকী চিত্রশিল্পীয়ে অংশগ্রহণ কৰে ৷ ইয়াৰে আমন্ত্ৰিত অতিথি শিল্পী শিতানত ১০ জন চিত্ৰশিল্পীৰ আৰু নৱ প্রজন্মৰ আমন্ত্রিত শিল্পীৰ শিতানত ১৮ জন শিল্পীৰ কর্ম প্রদর্শন কৰা হয় । চিত্র, ভাস্কৰ্য আৰু ছপা চিত্রসহ আটাইকেইটা মাধ্যমেৰে প্রায় ১০২ খন চিত্র, ভাস্কৰ্য প্ৰদৰ্শন কৰা হৈছে এই প্ৰদৰ্শনীত ।

Art Exhibition
বাৰ্ষিক কলা প্রদর্শনী (Photo : ETV Bharat Assam)

প্ৰদৰ্শনীখনৰ সন্দৰ্ভত অসম চাৰু-কাৰু কলা পৰিষদৰ সাধাৰণ সম্পাদক শোভাকৰ লস্কৰে কয়, “যোৱা ১৭ আগষ্টৰ দিনা এই প্ৰদৰ্শনীৰ আৰম্ভণি কৰা হয় । আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে আছিল জ্যোতি খাটনিয়াৰ, লোকনাথ গোস্বামী, মনোৰম গগৈ, বীৰেণ সিংহ, দুলমণি ফুকন, ননী বৰপূজাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । এইবাৰৰ প্ৰদৰ্শনীখন আমি পৰিষদৰ প্ৰাক্তন সভাপতি আৰু বিশিষ্ট কলা সমালোচক জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন দেৱলৈ উৎসৰ্গা কৰিছোঁ । দৰ্শকৰ যথেষ্ট ভাল সঁহাৰি আমি লাভ কৰিছোঁ ।”

Art Exhibition
বাৰ্ষিক কলা প্রদর্শনী (Photo : ETV Bharat Assam)

উল্লেখ্য যে, অসমৰ চিত্ৰ কলা জগতখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ১৯৭১ চনতে প্রতিষ্ঠা হোৱা অসম চাৰু-কাৰু কলা পৰিষদে প্ৰতি বছৰে বাৰ্ষিক কলা প্রদর্শনীখন অনুষ্ঠিত কৰি আহিছে । দৰ্শনার্থীৰ বাবে উক্ত প্রদর্শনীৰ দ্বাৰ ২৩ আগষ্টলৈ দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খোলা থাকিব ।

লগতে পঢ়ক : বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মহৰ্ষি তুহিন কাশ্যপৰ ‘কক কক ককক’