লোক সংস্কৃতিৰ সাধক মৃদুল কুমাৰ দাসলৈ বকুল বন বঁটা ২০২৫
বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ পূণ্য স্মৃতিত অসমৰ লোক সংস্কৃতিৰ সাধক মৃদুল কুমাৰ দাসলৈ এই বৰ্ষৰ বকুল বন বঁটা আগবঢ়োৱা হৈছে ৷

By ETV Bharat Entertainment Team
Published : January 27, 2025 at 6:06 PM IST
যোৰহাট : অসমৰ লোক-সংস্কৃতিলৈ অনবদ্য বৰঙণি আগবঢ়োৱা লোক সংস্কৃতিৰ সাধক মৃদুল কুমাৰ দাসলৈ এই বৰ্ষৰ বিশেষ সন্মান ৷ সংগীত সাধনাকেই ধৰ্ম-কৰ্ম হিচাপে গ্রহণ কৰা, লোকবাদ্য নির্মাতা, বাদক, গায়ক শোণিতপুৰ জিলাৰ তেজপুৰ বেচেৰীয়াৰ নিৱাসী মৃদুল কুমাৰ দাসলৈ ২০২৫ বৰ্ষৰ ‘বকুল বন বঁটা’ আগবঢ়োৱা হৈছে ৷ আজি যোৰহাট শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত পদ্মশ্ৰী সন্মানেৰে বিভূষিত আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু তিথিৰ পূণ্য স্মৃতিত তেখেতলৈ এই বঁটা আগৱঢ়োৱা হয় ৷ এই বঁটাত সন্নিৱিষ্ট হৈ আছে সম্বৰ্ধনা-পত্ৰ, অংগবস্ত্ৰ আৰু নগদ ধন ৷
শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ সমীপৱৰ্তী বেচেৰীয়াত জন্মগ্ৰহণ হৈছিল বকুল বন বঁটা প্ৰাপক মৃদুল কুমাৰ দাসৰ ৷ শৈশৱৰ পৰাই তেখেতে লোক সংগীতৰ নিৰৱিচ্ছিন্নভাৱে সাধনা কৰি আহিছে ৷ নেগেৰা, খোল, ঢোল, বাঁহী, দোতাৰা, গগনা আদি বিভিন্ন লোকবাদ্য বাদন কৰাৰ উপৰিও বিভিন্ন বাদ্যযন্ত্ৰ নিৰ্মাণো কৰি আহিছে তেখেতে । কম বয়সত নিজৰ দোতাৰাখন নিজে সাজি লোৱা দাসে এতিয়ালৈকে বহু বাদ্যযন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে ।
লোকগীত, বনগীত, বিহুগীত আদি গোৱাৰ উপৰিও তেখেতে এই সকলোৰে প্ৰশিক্ষণো দি আহিছে । উল্লেখ্য যে, অসংখ্য ছাত্র-ছাত্রীয়ে তেখেতৰ শিক্ষাৰে সংস্কৃতিৰ সাধনাত মগ্ন হৈছে আৰু বৰ্তমান এই ক্ষেত্ৰত ৰাজ্যত জিলিকি আছে । গায়ন-বায়ন আৰু শিকণকেই পেছা হিচাপে লৈ আৰ্থিক প্ৰত্যাহ্বানক তুচ্ছ কৰি সংস্কৃতিৰ সাধনাক প্ৰাধান্য দি আহিছে দাসে ।
লোক সংস্কৃতি অবিহনে কোনো সংস্কৃতি আগৱাঢ়িব নোৱাৰে- মৃদুল কুমাৰ দাস
আনহাতে এই বঁটা গ্ৰহণ কৰি মৃদুল কুমাৰ দাসে কয়, “জীৱনত এনেকুৱা এটা দিন আহিব বুলি ভবা নাছিলো আৰু এই বঁটাৰ বাবে মই উপযুক্ত নহয় যদিও উক্ত সন্মান দিয়াৰ বাবে অসম বকুল বন ন্যাসৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু আজীৱন বকুল বন ন্যাসক মনত ৰাখিম । ভৱিষ্যতে সাংস্কৃতিক ক্ষেত্ৰখনৰ যি আধৰুৱা কাম আছে সেয়া কৰিবলৈ প্ৰয়াস কৰিম ।” ইয়াৰ লগতে তেখেত উল্লেখ কৰে যে লোক সংস্কৃতি অবিহনে কোনো সংস্কৃতি আগবাঢ়িব নোৱাৰে ।
২০০৪ চনৰ পৰাই অসম বকুল বন ন্যাসে সংস্কৃতিৰ সাধকসকললৈ এই বঁটা আগবঢ়াই আহিছে-
অসম বকুল বন ন্যাসে ২০০৪ চনৰ পৰাই বকুল বন বঁটা প্ৰদান কৰি আহিছে আৰু লোক সংস্কৃতি সাধকসকলক এই বঁটাৰে সন্মানিত কৰি আহিছে । ২০২৫ বৰ্ষৰ বাবে বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু তিথিৰ পুণ্য স্মৃতিত মৃদুল কুমাৰ দাসক এই বঁটা দিয়া হৈছে ।
লগতে পঢ়ক : চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক কুমাৰ সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰলোকপ্ৰাপ্তি

